Logo
image

ৰিয়ানে হতাশ কৰিলেও দিল্লী-ৰাজস্থানৰ যুঁজৰ বাবে বৰ্ষাপাৰা সাজু

আমাৰ অসম, ৭ এপ্ৰিলঃ আই পি এলৰ প্ৰথমটো ছীজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰৰ টুৰ্নামেণ্টত নিজৰ প্ৰথমখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭২ ৰানত  পৰাস্ত কৰি প্ৰত্যয়জনক আৰম্ভণি ঘটালেও হোম গ্ৰাউণ্ডত প্ৰথমখন খেলত বুধবাৰে পঞ্জাব কিংছৰ হাতত পৰাস্ত হৈছিল ৫ ৰানত৷ খেলখনত পঞ্জাবৰ বলাৰৰ বিৰুদ্ধে সঞ্জু ছেমছন, ছিমৰন হেটমায়াৰ আৰু ধ্ৰুৱ জুৰেলে দৃঢ়তাৰ পৰিচয় দিলেও ক্ৰমাগত দ্বিতীয়খন খেলত ব্যৰ্থ হয় অসমৰ ৰিয়ান পৰাগ৷ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে ৭ ৰান সংগ্ৰহ কৰা ৰিয়ানৰ বেটৰ পৰা বুধবাৰে আহিছিল ২০ ৰান৷ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত শনিবাৰে ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ হ’ব হোম গ্ৰাউণ্ডৰ দ্বিতীয়খন খেলত আৰু এইবাৰ দলটোৰ প্ৰতিপক্ষ হ’ব দিল্লী কেপিটেলছ৷ চলিত ছীজনত দুয়োটা দলৰ সেয়া হ’ব তৃতীয় প্ৰতিদ্বন্দ্বিতা৷ ৰাজস্থান ৰয়েলছ দুখন খেলৰ এখনত জয়ী হোৱাৰ বিপৰীতে দিল্লী কেপিটেলছ প্ৰথম খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হাতত ৫০ ৰানত আৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে দ্বিতীয়খন খেলত ৬ উইকেট পৰাস্ত হৈছিল৷ প্ৰথম জয়ৰ লক্ষ্যৰে বৃহস্পতিবাৰে এখন বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হৈছে ডেভিদ ৱাৰ্নাৰ নেতৃত্বাধীন দিল্লী কেপিটেলছ দলটো৷ বিমানবন্দৰৰ পৰা দলটোক পোনে পোনে লৈ যোৱা হয় হোটেল ৰেডিছন ব্লুলৈ৷ ৱাৰ্নাৰৰ বাহিৰে দলটোত আছে পাৰ্থিৱ পৃথ্বি শ্ব’, মিচেল মাশ্বৰ্, অক্ষৰ পেটেল, কুলদীপ যাদৱ, এনৰিচ নৰ্কিয়াৰ দৰে তাৰকা ক্ৰিকেটাৰ৷

বৰ্ষাপাৰা ষ্টেডিয়ামক দ্বিতীয় হোম গ্ৰাউণ্ড হিচাপে নিবাৰ্চন কৰা ৰাজস্থান ৰয়েলছে প্ৰথমখন খেলত গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ আস্থাৰ মান ৰাখিব নোৱাৰিলেও সেই খেলখনৰ ভুল-ত্ৰুটি শুধৰাই দিল্লী কেপিটেলছক পৰাস্ত কৰাৰ লক্ষ্যৰে সাজু হৈছে দলটো৷ উল্লেখ্য, বুধবাৰৰ খেলখনত শীৰ্ষক্ৰমৰ তিনিজন বেটাৰ ব্যৰ্থ হোৱাৰ পাছত ছেমছন, হেটমায়াৰ আৰু জুৰেলে যি দৃঢ়তাৰ পৰিচয় দিছিল, শনিবাৰৰ খেলখনতো টীম মেনেজমেণ্টে তেওঁলোকৰ পৰা অনুৰূপ প্ৰদৰ্শন আশা কৰিব৷ আনহাতে, ঘৰুৱা অনুৰাগীৰ আস্থা জয় কৰাৰ আন এক সুযোগ পাব ৰিয়ান পৰাগে৷ ক্ৰমাগত দুখন খেলত ব্যৰ্থ হোৱাৰ পাছত নিশ্চয় ৰিয়ানৰ ওপৰত কিছু চাপো থাকিব৷ সেই চাপৰ তেওঁ কেনেদৰে মোকাবিলা কৰে সেয়া হ’ব লক্ষণীয়৷