Logo
image

নগ্ন নৃত্যৰ পৰা প্ৰৰোচনালৈ... বিধায়ক ভাস্কৰৰ কাণ্ডত উত্তেজনা মাৰ্ঘেৰিটাত

আমাৰ অসম, ১১ জানুৱাৰীঃ ভাস্কৰ শৰ্মা৷ মাৰ্ঘেৰিটাৰ বিধায়ক৷ বিজেপিৰ চহকী নেতাসকলৰ ভিতৰত অন্যতম৷ বিধায়ক হোৱাৰ আগৰে পৰাই ভাস্কৰ শৰ্মা বিতৰ্কিত৷ বিধায়ক হোৱাৰ পাছতো সেই পৰম্পৰাৰ অন্ত পৰা নাই৷ কেতিয়াবা কয়লা ছিণ্ডিকেটৰ বাবে, কেতিয়াবা সাংস্কৃতিক অনুষ্ঠানৰ নামত নগ্ন নৃত্য প্ৰদৰ্শনৰ পৃষ্ঠপোষকতা কৰাৰ বাবে আৰু কেতিয়াবা প্ৰৰোচনামূলক কথা কোৱাৰ বাবে সততে বিতৰ্কত তুংগত থাকে ভাস্কৰ শৰ্মা৷ ভাস্কৰ শৰ্মাৰ এনেধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে শেহতীয়াকৈ পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে মাৰ্ঘেৰিটাত৷ এইবাৰ তেওঁৰ বিৰুদ্ধে অভিযোগ– বৃহত্তৰ অসমীয়া মহাজাতিৰ অবিচ্ছেদ্য অংগ গোৰ্খা জনগোষ্ঠীৰ উন্নয়নৰ নামত কৰা প্ৰৰোচনামূলক মন্তব্য৷ শৰ্মাই হেনো এইবাৰ গোৰ্খা সমাজ প্ৰতিষ্ঠাৰ বাবে অহোপুৰুষাৰ্থ কৰিব৷ কেৱল মাৰ্ঘেৰিটাতে নহয় সমগ্ৰ অসমৰ চুকে-কোণে বসবাস কৰা গোৰ্খা লোকসকলৰ বাবে হেনো সংগ্ৰাম কৰিব মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই৷ বিধায়ক শৰ্মাই অশ্লীল সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি বিতৰ্কত সোমাই পৰাৰ পাছতেই এইবাৰ বিধায়কজনৰ বিৰুদ্ধে উগ্ৰ সাম্প্ৰদায়িক ভাষণৰ অভিযোগ উত্থাপিত হৈছে৷ মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত ৬-৭ জানুৱাৰীত সদৌ অসম গোৰ্খা  ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন আৰু গোৰ্খা জাতীয় সমাৰোহৰ সাংস্কৃতিক সন্ধিয়াৰ নিশা মঞ্চ উদ্বোধন কৰি বিধায়কজনে অতি সাম্প্ৰদায়িক মন্তব্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিছে৷  সম্প্ৰতি বিধায়ক শৰ্মাই প্ৰদান কৰা এই ভাষণ অঞ্চলটোৰ ম’বাইলে ম’বাইলে ভাইৰেল হৈছে৷ বিধায়ক শৰ্মাই ভাষণ প্ৰসংগত কৈছিল যে, গোৰ্খাসকলৰ চকু চাৰিওফালে আছে, সেয়ে সকলোৱে গোৰ্খালৈ ভয় কৰে আৰু আনে ভয় কৰা কামেই গোৰ্খাসকলে কৰিব লাগিব, তেতিয়াহে গোৰ্খা জাতিয়ে স্বাধীনতা লাভ কৰিব৷ সমগ্ৰ গোৰ্খা জাতিয়ে একত্ৰিত হৈ আগবাঢ়িলে অসমত গোৰ্খাসকলে নিজৰ স্বীকৃতি লাভ কৰিব৷ বিধায়ক শৰ্মাৰ এই মন্তব্যক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ৷ কিয়নো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে বসবাস কৰা মাৰ্ঘেৰিটাত বিধায়কৰ এনে মন্তব্য কিমান যুক্তিসংগত বুলি প্ৰশ্ন উত্থাপন কৰিছে সমষ্টিবাসী ৰাইজে৷ বৃহত্তৰ অসমীয়া জাতিৰ অংগ হিচাবে আহোম, মৰাণ, মটক, আদিবাসী, বাঙালী, বিহাৰী, গোৰ্খা সকলোৱে শান্তি-সম্প্ৰীতিৰে বসবাস কৰি আহিছে অঞ্চলটোত৷ অঞ্চলটোত বসবাস কৰা গোৰ্খাসকলে কোনোদিনেই অসমীয়া জাতিক বাদ দি নিজকে পৃথক এটা জাতি বুলি ভবা নাই৷ তেনেক্ষেত্ৰত নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাই এনে উগ্ৰ সাম্প্ৰদায়িক ভাষণ প্ৰদান কৰি সাম্প্ৰদায়িকতাৰ বীজ সিঁচা কাৰ্যক সহজভাৱে ল’ব পৰা নাই সচেতনমহলে৷ সাম্প্ৰদায়িকতাৰ বীজ সিঁচি নিজৰ গাদী সুৰক্ষিত কৰাৰ পৰিৱৰ্তে অঞ্চলটোত সমূহ জাতি-উপজাতিৰ মাজত ঐক্য সম্প্ৰতিৰ এনাজৰীডাল অধিক সুদৃঢ় কৰিবলৈহে দাবী জনাইছে মাৰ্ঘেৰিটাবাসী ৰাইজে৷ এচামে আৱশ্যে, ভাৰতবৰ্ষ এখন যিহেতু গণতান্ত্ৰিক ৰাষ্ট্ৰ, ইয়াত সকলোৱে নিজৰ নিজৰ জাতি-জনগোষ্ঠীৰ বাবে মাত মতাৰ অধিকাৰ আছে বুলিও মতপোষণ কৰিছে৷ ইয়াৰ বিপৰীতে এচামে আকৌ এনে সাম্প্ৰদায়িক ব্যক্তিৰ হাতত অসমীয়া ভূমিপুত্ৰৰ ভৱিষ্যত সুৰক্ষিতনে বুলি প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ভাস্কৰ শৰ্মাৰ ওপৰত  বিহিত ব্যৱস্থা ল’বৰ বাবেও দাবী জনাইছে৷

অপ-সংস্কৃতিক প্ৰশ্ৰয় নিদিয়ে গোৰ্খা ছাত্ৰ সন্থাই, বিধায়ক ভাস্কৰক ধিক্কাৰ

সাংস্কৃতিক সন্ধিয়াৰ নামত মোহময়ী যুৱতীৰ নগ্নতা প্ৰদৰ্শনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত আছে মাৰ্ঘেৰিটাত৷ কলা-কুশলী, শিল্পীৰ অভাৱ নোহোৱা অসমত তিলক নেৱাৰ, সুৰেখা ছেত্ৰীৰ দৰে জনপ্ৰিয় গোৰ্খা সম্প্ৰদায়ৰ শিল্পী থকাৰ পাছতো গোৰ্খা জনগোষ্ঠীৰ সাংস্কৃতিক সন্ধিয়াত এইদৰে নেপালৰ পৰা নগ্ন শিল্পী নিমন্ত্ৰণ কৰা ঘটনাক সৰ্বত্ৰে ধিক্কাৰ দিছে মাৰ্ঘেৰিটাবাসী ৰাইজে৷ গোৰ্খা ছাত্ৰ সন্থাৰ অধিৱেশন তথা গোৰ্খা জাতীয় সমাৰোহৰ সাংস্কৃতিক সন্ধিয়াত নেপালৰ পৰা আমন্ত্ৰিত শিল্পীয়ে মঞ্চত নগ্নতা প্ৰদৰ্শন কৰাৰ সন্দৰ্ভত আজি ‘আমাৰ অসম’ কাকতৰ প্ৰথম পৃষ্ঠাত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই উদ্বোধন কৰা এনে নগ্ন সংস্কৃতিক একেমুখে ধিক্কাৰ দিছে গোৰ্খা জনগোষ্ঠীৰ লগতে মাৰ্ঘেৰিটাবাসী ৰাইজে৷ আনফালে, মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ অধিৱেশন আৰু গোৰ্খা জাতীয় সমাৰোহৰ সাংস্কৃতিক সন্ধিয়াৰ নিশা সংস্কৃতিৰ নামত যি উদ্দাম নৃত্য প্ৰদৰ্শিত হল, তাত ক্ষোভ প্ৰকাশ কৰিছে গোৰ্খা ছাত্ৰ সন্থাই৷ লগতে ভৱিষ্যতে আৰু কেতিয়াও এনে ঘটনা নহ’ব বুলি মাৰ্ঘেৰিটাবাসী ৰাইজক প্ৰদান কৰিছে প্ৰতিশ্ৰুতি৷ এক বিজ্ঞপ্তিযোগে, গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি খেমলাল শৰ্মা আৰু সম্পাদক অজুৰ্ন ছেত্ৰীয়ে জনাইছে যে, ৭ জানুৱাৰীৰ নিশা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া আমন্ত্ৰিত শিল্পীৰ স’তে অহা এগৰাকী মল্লযোদ্ধাই হঠাৎ মঞ্চত এটি গীত পৰিবেশন কৰিছিল৷ মল্লযোদ্ধাগৰাকীয়ে প্ৰথমে অভাৰকোট পিন্ধি গীত পৰিবেশন কৰিছিল যদিও পাছলৈ কাপোৰ খুলি অপ্ৰত্যাশিতভাৱে গীত পৰিৱেশন কৰিবলৈ ধৰে৷ পৰবৰ্তী সময়ত উদ্‌যাপন সমিতিৰ লোকে গীত পৰিৱেশনত তেওঁক বাধা প্ৰদান কৰি তেওঁক মঞ্চৰ পৰা নমাই আনে৷ মাৰ্ঘেৰিটা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই এনে অপ্ৰত্যাশিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰোৰ লগতে ভৱিষ্যতে কেতিয়াও এনে ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি মাৰ্ঘেৰিটাবাসী ৰাইজক প্ৰতিশ্ৰতি প্ৰদান কৰে৷