Logo
image

সীমান্তত নৈশযাপন অমিত শ্বাহৰ, চীনৰ ঘোৰ আপত্তি

আমাৰ অসম, ১১ এপ্ৰিলঃ চীনৰ সীমান্তত অৱস্থিত অৰুণাচল প্ৰদেশৰ কিবিথ’ নামৰ গাঁৱত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে ভৰি থোৱাৰ লগে লগে প্ৰতিবেশী চীনে তীব্ৰ আৰু দ্ৰুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে নিজৰ ভূখণ্ডৰ ভিতৰত অৱস্থিত সীমান্তৱৰ্তী গাঁৱত কেন্দ্ৰীয় প্ৰকল্প ৰূপায়ণৰ বাবে উপস্থিত হোৱাৰ সময়ত বেইজিঙে জনোৱা এই প্ৰতিক্ৰিয়া অপ্ৰত্যাশিত নাছিল৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ দিশৰ পৰা চাবলৈ গ’লে বেইজিঙৰ এই প্ৰতিক্ৰিয়া অতিশয় বিসদৃশ৷ অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী গাঁওখনত ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ অধীনত ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প উদ্বোধনৰ লগতে অন্যান্য একাধিক কেন্দ্ৰীয় আঁচনি উদ্বোধন কৰে৷ অমিত শ্বাহৰ অৰুণাচল প্ৰদেশ আগমনৰ লগে লগে চীনে  সেয়া তেওঁলোকৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি বুলি ভাৰতৰ বিৰুদ্ধে হুংকাৰ দিছে৷ চীনৰ এই প্ৰতিক্ৰিয়াক ভাৰতে সদায় শুনি থকা আস্ফালন বুলিয়েই ধৰি লৈছে৷ বেইজিঙে অমিত শ্বাহৰ অৰুণাচল প্ৰদেশ আগমনত প্ৰৱল আপত্তি উত্থাপন কৰি কয় যে এনেদৰে বিবদমান অঞ্চলটোলৈ ভাৰতৰ গৃহমন্ত্ৰীৰ আগমনে সীমান্তৰ পৰিস্থিতি অধিক জটিল কৰি তুলিব৷ বেইজিঙে ভাৰতক এনে হঠকাৰী পদক্ষেপেৰে সীমান্তৰ পৰিস্থিতি জটিল কৰি নুতুলিবলৈ আহ্বান জনায়৷ চীনৰ বৈদেশিক মন্ত্ৰণালয়ে অমিত শ্বাহৰ ভ্ৰমণৰ বিৰোধিতা কৰি প্ৰকাশ কৰা বিবৃতিত কৈছে– এই পদক্ষেপ দ্বিপাক্ষিক শান্তি প্ৰক্ৰিয়াৰ পৰিপন্থী৷ আমাৰ আঞ্চলিক সাৰ্বভৌমত্বত কৰা হস্তক্ষেপ সহ্য কৰা নহ’ব৷ 

ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বেইজিঙৰ এই বক্তব্যৰ পোনপটীয়া প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত থাকে৷ ইয়াৰ বিপৰীতে সীমান্তৱৰ্তী গাঁওখনত কেন্দ্ৰীয় প্ৰকল্প উদ্বোধন কৰি তেওঁ কয়– ‘কোনেও আমাৰ ভূমি কাঢ়ি নিব নোৱাৰে৷ এতিয়া আৰু আগৰ সেইদিন নাই৷ কোনোবাই ভাৰতৰ ভূমিত অবৈধ দখল কৰিব আৰু আমি চকুমুদি চাই থাকিম, তেনে নহ’ব৷ আমাৰ বেজিৰ আগৰ সমান মাটিও আনে বলপূৰ্বকভাৱে নিব নোৱাৰিব৷’ তেওঁ অৰুণাচল প্ৰদেশৰ সীমান্তত নিয়োজিত আইটিবিপিক প্ৰশংসা কৰি কয়– ‘আইটিবিপি জোৱানৰ সাহসৰ বাবে এই অঞ্চলৰ সকলো বাসিন্দাই শান্তিপূৰ্ণভাৱে শুবলৈ পাইছে৷ সীমান্তত তেওঁলোকৰ সাহসক মই চেল্যুট জনাইছো৷ আইটিবিপিৰ এই সাহসৰ বাবেই আমি ক’ব পাৰো, আমাৰ ওপৰত কোনেও কু-দৃষ্টি দিব নোৱাৰে৷ ২০১৪ চনৰ আগলৈকে উত্তৰ-পূৰ্বাঞ্চল অশান্ত আছিল৷ কিন্তু যোৱা ৯ বছৰত মোদী চৰকাৰৰ ‘লুক-ইষ্ট’ নীতিৰ বাবেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল এতিয়া শান্তিপূৰ্ণ৷ সেই শান্তিপূৰ্ণ অঞ্চলত আমি কেতিয়াও বহিৰ্শক্তিক অশান্ত কৰিবলৈ সুযোগ নিদিওঁ৷’ 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে অৰুণাচল প্ৰদেশৰ যিখন গাঁৱত কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰিলে, সেই গাঁওখন ভাৰতৰ আটাইতকৈ পূবত অৱস্থিত স্থান৷ স্বাভাৱিকভাৱে আটাইতকৈ পূবত অৱস্থিত হোৱাৰ বাবে কিবিথ’ গাঁওখন চীনৰ সীমান্তৰ তেনেই কাষত৷ এই অঞ্চলটো ১৯৫০ চনত অসম ৰাইফলছে এটা প্লেটুনৰ জৰিয়তে দখল কৰিবলৈ সক্ষম হৈছিল৷ ১৯৫৯ চনত কিবিথ’ গাঁৱত থকা সশস্ত্ৰ বাহিনীক আৰু এটা প্লেটুন দি শক্তিশালী কৰা হয়৷ ১৯৬২ চনৰ ভাৰত আৰু চীনৰ যুদ্ধত অতি স্বাভাৱিকভাৱেই প্ৰথমে কিবিথ’ত থকা ভাৰতীয় সীমান্ত চকীয়ে চীনৰ গুলীৰ আঘাত পাইছিল৷ অৱশ্যে সেই যুদ্ধৰ পাছতো কিবিথ’ গাঁৱত ভাৰতৰ দখল থাকি গ’ল৷ যুদ্ধৰ আগত আৰু পাছতো এই কিবিথ’ গাঁওখনে দুয়োখন দেশৰ বাবে ‘ষ্ট্ৰেটেজিক’ দিশত অস্বাভাৱিক গুৰুত্ব লাভ কৰি আহিছে৷ গাঁওখন ভাৰতৰ দখলত থকাটো নিশ্চিতভাৱে আমাৰ বাবে অতিশয় ইতিবাচক দিশ৷ সেই গাঁওখনৰ সংবেদনশীলতা উপলব্ধি কৰিয়েই কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁৰ অৰুণাচল ভ্ৰমণৰ ক্ষেত্ৰত কিবিথ’ক নিৰ্বাচন কৰি লৈছে৷ পিছে চীনে সেই গাঁওখনকে ধৰি এটা বৃহৎ অঞ্চল তেওঁলোকৰ বুলি দাবী কৰি আহিছে আৰু সীমান্তৱৰ্তী বৃহৎ অঞ্চলটোক দক্ষিণ তিব্বত বুলি অভিহিত কৰি আহিছে৷  প্ৰতিবেশী চীনে অৰুণাচল প্ৰদেশৰ ১১টা স্থানৰ নাম পৰিৱৰ্তন কৰি নতুন ৰূপত নামাংকিত কৰাৰ এসপ্তাহৰো কম সময়ৰ ভিতৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ স্পৰ্শকাতৰ অঞ্চলটোৰ সীমান্তৱৰ্তী গাঁৱত চৰকাৰী কাৰ্যসূচী লৈ উপস্থিত হোৱাটো সেয়ে তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে৷ সদায় শত্ৰুতা কৰি থকা চীনৰ সীমান্তত শনিবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ফাইটাৰ জেট ছুখইত উঠি বীৰোচিত পদক্ষেপ গ্ৰহণ কৰাৰ দুদিন পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণ ৰণকৌশলগত দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কিবিথ’ নামৰ অৰুণাচলী গাঁৱখনত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে ১০ এপ্ৰিলত উপস্থিত হৈছে৷ তেওঁ নিশা সীমান্তৱৰ্তী ৰাজ্যখনত কটাব  আৰু পৰৱৰ্তী দিনটোত অৰ্থাৎ ১১ এপ্ৰিলত আন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰিব৷ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ভিভিপি কাৰ্যসূচী অৰ্থাৎ ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ জৰিয়তে অৰুণাচল প্ৰদেশকো সামৰি লোৱা হৈছে, যি আঁচনিৰ মুঠ ব্যয় হ’ব ৪,৮০০ কোটি টকা আৰু ইয়াৰ ২,৫০০ কোটি টকা অন্যান্য সীমান্তৱৰ্তী ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশৰ দৰে চীনৰ সীমান্তত অৱস্থিত ৰাজ্যখনৰ পথ যোগাযোগ-নিৰ্মাণত ব্যয় কৰা হ’ব৷ ভিভিপি কাৰ্যসূচীত দেশৰ ১৯খন জিলাৰ ১৪টা ব্লকৰ ২,৯৬৭খন গাঁৱক সামৰি লোৱা হৈছে৷ এই আঁচনি ৰূপায়ণ কৰা হ’ব সীমান্তৱৰ্তী নিৰ্দিষ্ট ৰাজ্য অৰুণাচল প্ৰদেশ, ছিকিম, হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ লাডাখত৷ অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰূপে এয়া হৈছে প্ৰথম অৰুণাচল প্ৰদেশ ভ্ৰমণ৷ সোমবাৰে তেওঁ ৰাজ্যখনৰ কিবিথ’ নামৰ সীমান্তৱৰ্তী গাঁওখনত ৯টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প উদ্বোধন কৰে৷ আনজ’ জিলাৰ কিবিথ’ত তেওঁ আইটিবিপিৰ প্ৰকল্পও উদ্বোধন কৰে৷ উল্লেখ্য, অৰুণাচল প্ৰদেশৰ সীমান্তত পহৰা দিয়ে আইটিবিপি অৰ্থাৎ ইণ্ডো-তিবেতান ব’ৰ্ডাৰ পুলিচে৷ দেশৰ অন্যান্য সীমান্তত বিএছএফে পহৰা দিয়ে৷ উল্লেখযোগ্য যে নিশা অৰুণাচল প্ৰদেশত দেশৰ গৃহমন্ত্ৰীয়ে অতিবাহিত কৰাটো শক্তিশালী অথচ শত্ৰু প্ৰতিৱেশী দেশখনৰ প্ৰতি ভাৰতৰ এক বাৰ্তা হিচাপেই বিবেচিত হৈছে৷

আজি ডিব্ৰুগড়ত অমিত শ্বাহৰ জনসভা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ কটকটীয়া ব্যৱস্থাৰ মাজেৰে আজি অসম আৰু অৰুণাচলৰ ভূমিত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ অৰুণাচলৰ ভাৰত-চীন সীমান্তত অনুষ্ঠিত হ’বলগীয়া বহুকেইটা চৰকাৰী গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে৷ ডিব্ৰুগড় বিমানবন্দৰত গৃহমন্ত্ৰীক আদৰণি মুখ্যমন্ত্ৰীৰ দুদিনীয়া অৰুণাচল ভ্ৰমণ কাৰ্যসূচীৰে অসমৰ ভূমিত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আজি দিনৰ ১.৪৫ বজাত বিশেষ বিমানেৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা গৃহমন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাছা, তপন গগৈ, বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, বিধায়ক প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, পোনাকন বৰুৱা, তৰংগ গগৈ, ভাস্কৰ শৰ্মা, চক্ৰধৰ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আদিয়ে৷ মন্ত্ৰী-বিধায়ক, সাংসদ তথা দলীয়া নেতাসকলৰ সম্ভাষণ গ্ৰহণ কৰি বি এছ এফৰ বিশেষ হেলিকপ্টাৰেৰে কিবিথুলৈ উৰা মাৰে৷ জানিব পৰা মতে, আজি নিশাটো কিবিথুতে কটোৱাৰ পাছত কাইলৈ পুনৰ বিশেষ হেলিকপ্টাৰেৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হ’ব গৃহমন্ত্ৰী শ্বাহ৷ ডিব্ৰুগড় বিমানবন্দৰত দিনৰ ১২.৩৫ বজাত উপস্থিত হোৱাৰ পাছতে ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভাত অংশগ্ৰহণ কৰিব৷ ইফালে বিমানবন্দৰত গৃহমন্ত্ৰীক আদৰিবলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যৰ দল সাজু কৰি ৰখা হৈছে৷ তদুপৰি, মোহনবাৰী বিমানবন্দৰৰ পৰা মানকটা খেলপথাৰলৈকে দলীয় পতাকাৰে সজাই তোলা হৈছে ৰাজপথ৷ একপ্ৰকাৰ গেৰুৱাময় হৈ পৰিল ডিব্ৰুগড় চহৰ৷ গৃহমন্ত্ৰী অমিত শ্বাহক আদৰিবলৈ ৰাজকীয় আয়োজন বিজেপিৰ৷ বিজেপিৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব৷ ডিব্ৰুগড় চহৰৰ মানকটা খেলপথাৰত আয়োজন কৰা বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি ভাৰ্চুৱেলী বিজেপিৰ উজনি অসমৰ মাণ্ডলিক কাৰ্যালয়টোৰ ভূমি পূজন কৰি শিলন্যাস কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ প্ৰস্তুতিৰ বুজ লয়৷ আজি পুৱাৰ ভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীজনৰ নিৰাপত্তা ব্যৱস্থা আৰু সামগ্ৰিক ব্যৱস্থাপনাৰ অগ্ৰগতি বুজ লোৱাৰ লগতে দলীয় বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হয়৷ ইয়াৰ পাছতে তেওঁ বিমানবন্দৰলৈ গৈ গৃহমন্ত্ৰীক আদৰণি জনায় মুম্বাইলৈ ৰাওনা হয়৷ ইফালে, সাংসদ কামাখ্যাপ্ৰসাদ তাছাই আজি ডিব্ৰুগড়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসভা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সংবাদ মেল অনুষ্ঠিত কৰে৷ সংবাদ মেলত জানিবলৈ দিয়া মতে, কিবিথুৰ পৰা মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ১২.৩৫ বজাত বিমানবন্দৰত উপস্থিত হ’ব৷ বিমানবন্দৰৰ পৰা স্থলপথেৰে আহি মানকটা খেলপথাৰৰ জনসভাত ১২.৫০ বজাত উপস্থিত হ’ব৷ ইফালে জীৱন ফুকন নগৰত নিৰ্মাণ হ’বলগীয়া বিজেপিৰ মাণ্ডলিক কাৰ্যালয়ৰ ভূমি পূজন কাৰ্যসূচীত অংশ ল’ব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ অৱশ্যে গৃহমন্ত্ৰী অমিত শ্বাহে মানকটা খেলপথাৰৰ পৰাই ভাৰ্চুৱেলী বিজেপি কাৰ্যালয়ৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা কৰিব৷ আনহাতে, জনসভাত অংশগ্ৰহণৰ বাবে মুম্বাইৰ পৰা পুৱা ১০ বজাতেই ডিব্ৰুগড়ত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিৰ জনসভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলীকে ধৰি ভালেকেইজন বিজেপিৰ মন্ত্ৰী-বিধায়ক তথা শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰিব বুলি সাংসদ তাছাই জানিবলৈ দিছে৷ ইফালে ডিব্ৰুগড়ৰ দলীয় কাৰ্যসূচী সামৰি পুনৰ বিশেষ বিমানেৰে কাইলৈ বিয়লি উভতিব ডিব্ৰুগড়লৈ৷