Logo
image

ভেক্‌চিনক নামানে ক’ভিডৰ নতুন প্ৰজাতিয়ে ২২৫ টকাত নতুন বুষ্টাৰ

আমাৰ অসম, ১১ এপ্ৰিলঃ ক’ভিডৰ নতুন প্ৰজাতিয়ে নামানে ভেকচিনক৷ ক’ভিড-১৯ৰ প্ৰজাতি অমিক্ৰনৰ উপ-প্ৰজাতি এইছ বি বি.১.১৬ ইমানেই সংক্ৰামক যে পূৰ্বে ক’ভিডৰ প্ৰতিষেধক লৈ থোৱা ব্যক্তিৰ শৰীৰতো এই উপ-প্ৰজাতি সহজে সংক্ৰমিত হয়৷ বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ ‘হু’ৱে এই তথ্য প্ৰকাশ কৰিছে৷ পিছে একে সময়তে সন্তুষ্টিৰ বিষয় এয়াই যে ক’ভিডৰ নতুন প্ৰজাতি এইছ বি বি.১.১৬ পূৰ্বৰ দৰে সিমান মাৰাত্মক নহয়  অৰ্থাৎ ই মানৱ শৰীৰত ভয়াৱহ ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব নোৱাৰে৷ উল্লেখ্য ভাৰতত শেহতীয়াকৈ ক’ভিডে পুনৰ ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰাৰ দিশে আগবাঢ়িছে৷ বিগত ২৪ ঘণ্টাত ক’ভিডৰ দ্বাৰা দেশত সংক্ৰমিত হৈছে ৫৮৮০ জন ব্যক্তি৷ ইয়াকে লৈ ভাৰতত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৩৫,১৯৯ জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই এই তথ্য প্ৰকাশ কৰিছে৷ উদ্বেগজনক বিষয় এয়াই যে, দেশত শেহতীয়াকৈ সংক্ৰমিত হোৱা গৰিষ্ঠসংখ্যকৰ শৰীৰতে এইছ বি বি.১.১৬ উপ-প্ৰজাতিৰ উপস্থিতি পোৱা গৈছে৷  দৈনিক দ্ৰুতগতিত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে  যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে সকলো ৰাজ্যকে নিৰ্দেশ দিছে আৰু ক’ভিডৰ প্ৰতিৰোধৰ বাবে দিল্লীৰ চিকিৎসালয়ত আয়োজিত আখৰাত তেওঁ উপস্থিত থাকি তদাৰক কৰিছে৷ মুম্বাইত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ ঘটনা পূৰ্বৰ দৰেই উদ্বেগজনক আৰু দেশৰ ভিতৰতে অত্যধিক৷ সোমবাৰে মহাৰাষ্ট˜ৰ স্বাস্থ্য বিভাগে চৰকাৰী-বেচৰকাৰী কৰ্মচাৰী সকলোকে মাস্ক পৰিধান কৰাৰ বাবে নিৰ্দেশ দিছে৷ 

এইছ বি বি.১.১৬ উপ-প্ৰজাতি তেনেই নতুন আৰু ই ভাৰতত অবিশ্বাস্য পৰিমাণত সক্ৰিয়৷ এই নতুন প্ৰজাতি অস্বাভাৱিকভাৱে সংক্ৰামক৷ অতি দ্ৰুতগতিত সংক্ৰমণ বিস্তাৰ কৰা এই এইছ বি বি.১.১৬ উপ-প্ৰজাতিয়ে সংক্ৰমণ সময়ত সেই ব্যক্তিয়ে প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই তাৰ বাছ-বিচাৰ নকৰে৷ কোনো ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে এইছ বি বি.১.১৬ উপ-প্ৰজাতিয়ে সেই ব্যক্তিৰ শৰীৰত সংক্ৰমণ বিস্তাৰ কৰাটো নিশ্চিত৷ কিন্তু নতুন এই এইছ বি বি.১.১৬ উপ-প্ৰজাতিৰ জৰিয়তে সংক্ৰমিত ব্যক্তিৰ শৰীৰত বিশেষ মাৰাত্মক ক্ষতি হোৱা এতিয়ালৈকে দেখা পোৱা নাই৷ এইছ বি বি.১.১৬ উপ-প্ৰজাতিৰ সংক্ৰমণৰ লক্ষণ হৈছে ডিঙি চেৰচেৰাই থকা, জ্বৰ, নাক সোপা মাৰি ধৰা, অতিশয় ভাগৰ লগা, কাহ আৰু তলপেটৰ সমস্যা৷ ক’ভিডৰ পৰা পূৰ্বে যিদৰে হাতসাৰি থাকিব পৰা গৈছিল, ঠিক সেইদৰে ক’ভিডৰ এই এইছ বি বি.ৰ.১৬ উপ-প্ৰজাতিৰ পৰাও সাৱধানতা লৈ ৰক্ষা পৰা সম্ভৱ৷ ইপিনে দেশত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখি কেন্দ্ৰীয় চৰকাৰে বেচৰকাৰী স্বাস্থ্যকেন্দ্ৰত ক’ভ’ভেস্ক প্ৰতিষেধকৰ বুষ্টাৰ সহজলভ্য বুলি সোমবাৰে ঘোষণা কৰিছে৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি দেশৰ যিকোনো ফাৰ্মাচীৰ ক’ভ’ভেস্ক প্ৰতিষেধকৰ বুষ্টাৰ ২২৫ টকাৰ বিনিময়ত যোগান ধৰিব পাৰিব৷ অৱশ্যে তাৰ সৈতে জিএছটি অৰ্থাৎ পণ্য আৰু সেৱাকৰ যোগ হ’ব৷ তদুপৰি এই বুষ্টাৰ গ্ৰহণ কৰিবলৈ বিচৰা ব্যক্তিয়ে কো-উইন এপৰ জৰিয়তে আগতীয়াকৈ বুক কৰিব পাৰিব৷ উল্লেখ্য বিগত মাৰ্চত ১২-১৭ বছৰ বয়সীয়া কিশোৰ-কিশোৰীৰ বাবে ক’ভ’ভেস্ক প্ৰতিষেধক প্ৰদান কৰিবলৈ জৰুৰীকালীনভাৱে  কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে অনুমোদন জনাইছিল৷