Logo
image

হিমন্তবিশ্বৰ গৃহপ্ৰৱেশ, ঘৰ এৰিলে ৰাহুলে

আমাৰ অসম, ২৩ এপ্ৰিলঃ এজন ওলাল, এজন সোমাল৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে শনিবাৰে চৰকাৰী বাসভৱন ত্যাগ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত প্ৰৱেশ কৰে৷ উল্লেখ্য, চুৰাটৰ আদালতে ৰাহুল গান্ধীক দুবছৰ কাৰাদণ্ড বিহাৰ নিৰ্দেশ দিয়াৰ লগে লগে লোকসভা সচিবালয়ে তেওঁৰ সাংসদ পদ খাৰিজ কৰাৰ কথা ঘোষণা কৰে৷ দিনচেৰেক পাছতে ৰাহুল গান্ধীক তেওঁৰ চৰকাৰী বাসভৱন এৰি দিবৰ বাবে নিৰ্দেশ দিয়া হয় আৰু এই নিৰ্দেশ পালন কৰিবৰ বাবে নিৰ্দিষ্ট সময়সীমাও ধাৰ্য কৰি দিয়া হয়৷ ৰাহুল গান্ধীয়ে চৰকাৰী বাসভৱন ত্যাগ কৰাৰ বাবে ধাৰ্য কৰি দিয়া অন্তিম সময়ৰ পূৰ্বেই শনিবাৰে নতুন দিল্লীৰ ১২ টোঘলক ৰোডত থকা তেওঁৰ চৰকাৰী বাসভৱন ত্যাগ কৰে– যিটো ঘৰত তেওঁ প্ৰায় ১৯ বছৰ আছিল৷ ইয়াৰ পাছতে ৰাহুল গান্ধীয়ে সাংবাদিকক কয়– জনতাৰ স্বাৰ্থত মই যিকোনো ত্যাগ কৰিবলৈ সাজু৷ ইফালে, নতুন দিল্লীত তৃতীয়টো আছাম হাউছৰ শিলান্যাস কৰাৰ পূৰ্বে শনিবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ ৯ তিনমূৰ্তি লেনস্থিত নিজৰ চৰকাৰী বাসভৱনৰ গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰে৷ এইক্ষেত্ৰত ড॰ শৰ্মাৰ বক্তব্য– ‘অসমৰ মুখ্যমন্ত্ৰীয়ে সাধাৰণতে দিল্লীত চৰকাৰী বাসভৱন লাভ কৰে৷ সেয়েহে মুখ্যমন্ত্ৰী হিচাপে ময়ো এটা চৰকাৰী ঘৰ লাভ কৰিছোঁ৷’ উল্লেখ্য, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰো তিনমূৰ্তি লেনত চৰকাৰী বাসভৱন আছিল৷ আনহাতে, শনিবাৰে নতুন দিল্লীত অসম চৰকাৰৰ তৃতীয়টো অতিথিশালাৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মূলতঃ চিকিৎসাৰ বাবে অসমৰ পৰা দিল্লীলৈ অহা লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীৰ দ্বাৰকাত নতুন আছাম হাউছৰ আজি শিলান্যাস কৰে মুখ্যমন্ত্ৰীজনে৷ উন্নত চিকিৎসা লাভৰ সমান্তৰালকৈ দিল্লীৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰীসকলৰ থকা-খোৱাৰ ক্ষেত্ৰতো নতুন আছাম হাউছত অগ্ৰাধিকাৰ দিয়া হ’ব৷ অতিথিশালাৰ শিলান্যাস কৰি ড॰ শৰ্মাই এই কথা ব্যক্ত কৰে৷ তিনিটাকৈ বেছমেণ্টযুক্ত মুঠ চাৰি মহলীয়া দ্বাৰকাস্থিত আছাম হাউছত মুঠ ১৮টা কোঠা থাকিব৷ লগতে থাকিব ৩টা ডৰমেটৰী৷ মুঠ ১,০০০ বৰ্গমিটাৰ এলেকাত ২১.৬৬ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব আছাম হাউছটো৷ ১৮মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পন্ন কৰা হ’ব৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে আজি ৰাজ্যৰ লোকনিৰ্মাণ বিভাগক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে৷ আনহাতে, শিলান্যাস অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজৰ ভাষণ প্ৰসংগত জনায় যে দেশৰ প্ৰতিখন ৰাজ্যতে অসম ভৱন নিৰ্মাণৰ কথা চিন্তা কৰিছে অসম চৰকাৰে৷ সততে চিকিৎসাৰ বাবে ভেলোৰলৈ যোৱা ৰোগীসকলৰ বাবেও জুন মাহত আছাম হাউছৰ দ্বাৰ খোল খাব৷ চলিত বছৰত বেংগালুৰুতো আছাম হাউছ নিৰ্মাণৰ কাম সমাপ্ত হ’ব৷ কলকাতাত থকা পুৰণি আছাম হাউছটো ভাঙি নতুনকৈ নিৰ্মাণ কৰা হ’ব৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, দিল্লী আৰু মুম্বাইত অসম চৰকাৰে এটাকৈ ‘অসম প্ৰকল্প’ স্থাপন কৰাৰ যো-জা চলাই আছে৷ ‘অসম প্ৰকল্প’ত নামঘৰ, কামাখ্যা মন্দিৰ, বটদ্ৰবা থান, ৰংঘৰ আদিৰ ক্ষুদ্ৰ সংস্কৰণ নিৰ্মাণেৰে অসমৰ কলা-সংস্কৃতিৰ সম্যক ধাৰণা দাঙি ধৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ মতে, অসমৰ লগতে অসমৰ বাহিৰতো ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প হাতত লৈছে৷ আৰু এয়া সম্ভৱ হৈছে তেওঁৰ কাৰ্যকালত আন্দোলন, ধৰ্ণা আদিৰ পৰা যুৱ সমাজ আঁতৰি আহিছে তথা উন্নয়নৰ জয়যাত্ৰাত অংশগ্ৰহণ কৰিছে৷ সেয়েহে অসমত এখনৰ পাছত এখনকৈ এতিয়া দলং নিৰ্মাণ কৰা হৈছে৷ ২৪খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ইতিমধ্যে ১২খন মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য সমাপ্ত হৈছে৷ বিকাশৰ এক নতুন গতি লাভ কৰিছে অসমে৷