Logo
image

ৰতন টাটাক অষ্ট্ৰেলিয়াৰ সৰ্বোচ্ছ সন্মান

আমাৰ অসম,২৭ এপ্ৰিলঃ  মানৱহিতৈষী কাম আৰু ভাৰত- অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় উদ্যোগপতি ৰতন টাটাক  অষ্ট্ৰেলিয়াই দেশখনৰ সৰ্বোচ্ছ সন্মান ‘অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া’ৰে বিভূষিত কৰিছে৷ ‘এমিৰেটাছ অব টাটা ছন্স’ৰ অধ্যক্ষ  ৰতন টাটাক দেশখনৰ সৰ্বোচ্ছ সন্মানেৰে বিভূষিত কৰাৰ বিষয়ে প্ৰকাশ কৰিছে ভাৰতত থকা  অষ্ট্ৰেলিয়াৰ উচ্ছায়ুক্ত বেৰী অ’ফাৰেলে৷ তেওঁ ৰতন টাটাক এই সন্মান প্ৰদান কৰাৰ ছবি টুইটাৰত প্ৰকাশ কৰি মানৱহিতৈষী উদ্যোগপতিজনৰ কামকাজৰ ভূঁয়সী প্ৰশংসা কৰে আৰু অষ্ট্ৰেলিয়াৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু দ্বিপাক্ষিক বিষয়ত আগবঢ়োৱা অৱদানৰ বিষয়ে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে৷ উল্লেখ্য, এমাহ পূৰ্বে ভাৰতীয় উদ্যোগপতিজনক ‘জেনেৰেল ডিভিজন অৱ অৰ্ডাৰ অৱ  অষ্ট্ৰেলিয়া’ৰ সন্মানীয় বিষয়া হিচাপে নিযুক্তি দিছিল  অষ্ট্ৰেলিয়া চৰকাৰে৷ ১৯৯১চনত টাটা গোষ্ঠীৰ অধ্যক্ষৰ দায়িত্ব লোৱা ৰতন টাটাই ২০১২ চনত সেই পদবীৰ পৰা অব্যাহতি লৈছিল৷