Logo
image

গোচৰ খাৰিজৰ আৱেদনত সকাহ নাপালে শ্ৰীনিৱাসে

আমাৰ অসম,২৭ এপ্ৰিলঃ   যৌন নিৰ্যাতনৰ গোচৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈয়ো সকাহ নাপালে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি বি ভি শ্ৰীনিৱাসে৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ বহিষ্কৃত সভাপতি অংকিতা দত্তই দিছপুৰ থানাত শ্ৰীনিৱাসৰ বিৰুদ্ধে যৌনগন্ধী ব্যৱহাৰৰ অভিযোগ তুলি দাখিল কৰা এজাহাৰখন খাৰিজ কৰাৰ বাবে অভিযুক্ত শ্ৰীনিৱাসৰ হৈ অধিবক্তাই গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও ন্যায়ালয়ে কোনো অন্তৱৰ্তীকালীন সকাহ নিদিলে৷ ইয়াৰ বিপৰীতে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে ২ মে’ত গোচৰটোৰ কেচ ডায়েৰী দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে আৰক্ষী তথা চৰকাৰী পক্ষক৷ উল্লেখ্য, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসে ছত্তিশগড়ৰ ৰায়পুৰৰ হোটেলত শৰীৰত স্পৰ্শ কৰাৰ লগতে বিগত ছয় মাহ ধৰি নিৰ্যাতন চলাই অহাৰ ভয়ংকৰ অভিযোগ কৰি দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল অসমৰ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই৷ আনকি শ্ৰীনিবাসে যৌনগন্ধী ব্যৱহাৰ তথা মন্তব্য কৰাৰো অভিযোগ তুলিছিল অংকিতাই এই সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আই পি চি ধাৰা ৫০৯/২৯৪/৩৪১/৩৫২/ ৩৫৪/৩৫৪[এ][iv]/৫০৬ আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰা ৬৭১ অধীনত ৬৯২/২০২৩ নম্বৰৰ গোচৰৰ ৰুজু কৰি তাৎক্ষণিকভাৱে শ্ৰীনিৱাসক বিচাৰি কৰ্ণাটকত অভিযানো চলাইছিল৷ গুৱাহাটী আৰক্ষীয়ে শেনটো হৈ বিমানেৰে বেংগালুৰুত উপস্থিত হৈছিল যদিও শ্ৰীনিৱাসক বিচাৰি নাপাই ঘৰৰ দেৱালতে দুই ২ মে’ত দিছপুৰ থানাত হাজিৰ হোৱা জনানী আঁৰি উভতি আহিবলগীয়া হৈছিল৷ অৱশ্যে অসম আৰক্ষীৰ এই তৎপৰতা দেখি গ্ৰেপ্তাৰ আশংকাত বুধবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হয় শ্ৰীনিৱাস৷ শ্ৰীনিৱাসে অংকিতা দত্তই দাখিল ৰা এজাহাৰখন খাৰিজ কৰাৰ বাবে আৰ্জি দিয়ে উচ্ছ ন্যায়ালয়ত৷ গোচৰীয়া পক্ষই আদালতত মূলত চাৰিটা যুক্তিত এজাহাৰখন খাৰিজ কৰাৰ আৰ্জি দিয়ে৷ অংকিতা দত্তই ছত্তিশগড়ৰৰ ৰায়পুৰৰ হোটেলত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰাত সেই দৃষ্টিকোণৰ পৰা গুৱাহাটীৰ আদালতৰ পৰিসীমাত গোচৰ ৰুজু নহয় বুলি যুক্তি দিয়ে৷ তদুপৰি ঘটনাটো সংঘটিত হোৱা বহু দিনৰ পাছত এজাহাৰ দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে গোচৰীয়া পক্ষই৷ একেদৰে অংকিতা দত্তই এজাহাৰত উল্লেখ কৰা অভিযোগ তথা লিখা শব্দ স্ব-বিৰোধী বুলিও যুক্তি দৰ্শায়৷ আনহাতে, অংকিতা দত্তই ৰুজু কৰা গোচৰটো সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলিও শ্ৰীনিৱাসৰ অধিবক্তাই ন্যায়ালয়ত যুক্তি দাঙি ধৰে৷ এই গোচৰটোৰ দুয়োপক্ষৰ অধিবক্তাই প্ৰায় চাৰি ঘণ্টা ধৰি নিজৰ নিজৰ সপক্ষে যুক্তি দাঙি ধৰে৷ শ্ৰীনিৱাসে মূলতঃ অন্তৱৰ্তীকালীন সকাহ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল যদিও বুধবাৰৰ শুনানিত এজনীয়া বিচাৰপীঠখনে কোনো সকাহ নিদিলে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনক৷ আনহাতে, এই গোচৰটোত ২ মে’ত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি আৰক্ষীক কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে উচ্ছ ন্যায়ালয়ে৷ লক্ষণীয়ভাৱে শ্ৰীনিৱাসক দিছপুৰ আৰক্ষীয়েও ২ মে’ত হাজিৰ হোৱাৰ বাবে ইতিমধ্যে বেংগালুৰুৰ বাসগৃহত জাননী আঁৰি দিছে৷