Logo
image

১,৫০০ মিটাৰ দৌৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন অসমৰ মেহদী

আমাৰ অসম, ৩০ এপ্ৰিলঃ সাংস্কৃতিক ক্ষেত্ৰৰ পাছতে ক্ৰীড়াৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় স্তৰত জিলিকিল এজন অসম সন্তান৷ তামিলনাডুত অনুষ্ঠিত ২১সংখ্যক ৰাষ্ট্ৰীয় ফেড কাপ জুনিয়ৰ ২০ অনূৰ্ধ্বৰ এথলেটিক্‌ছ চেম্পিয়নশ্বিপত জিলিকিল অসম সন্তান৷ ল’ৰাৰ ১,৫০০ মিটাৰ দৌৰত ভাগ লৈ স্বৰ্ণপদক লাভ কৰে অসম সন্তান মেহদী হাছানে৷ ৩ঃ৪৯ঃ৭৩ মিনিট সময়ত দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণপদক অৰ্জন কৰে মেহদীয়ে৷ ৰাষ্ট্ৰীয় ফেড কাপ জুনিয়ৰ ২০ অনূধবৰ্ এথলেটিক্‌ছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনৰ জৰিয়তে মেহদীয়ে এছিয়ান জুনিয়ৰ এথলেটিক্‌ছ চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিলে৷ বৰ্তমানে মেহদীয়ে ভূপালত অনুশীলন কৰি আছে৷ 

উল্লেখ্য, জুনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ব এছিয়ান জুনিয়ৰ এথলেটিক্‌ছ চেম্পিয়নশ্বিপ৷ মেহদী হাছানৰ ঘৰ বৰপেটা জিলাৰ অন্তৰ্গত উত্তৰ আঠিয়াবাৰীত৷ অসম সন্তান সুমন অধিকাৰীয়ে ফিল্মফেয়াৰ বঁটা লাভৰ খবৰে ৰাজ্যবাসীক উৎফুল্লিত কৰাৰ সময়তে ক্ৰীড়াৰ ক্ষেত্ৰতো এজন অসম সন্তানৰ সাফল্যৰ খবৰ ৰাজ্যবাসীৰ বাবে অতি আশাব্যঞ্জক৷