Logo
image

নিযুক্তিৰ বিড়ম্বনা! এজন প্ৰাৰ্থী বাছনি হৈছে ৩০টাকৈ পদত

আমাৰ অসম, ১ মে': ৰাজ্য চৰকাৰৰ এক লাখ চৰকাৰী চাকৰিৰ লক্ষ্যৰে অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই দেওবাৰে ঘোষণা হ’ল স্বাস্থ্য বিভাগৰ চতুথবৰ্গৰ ১,১৯২টা পদৰ লিখিত পৰীক্ষাৰ ফলাফল৷ স্বাস্থ্য সেৱা সঞ্চালকালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়, চিকিৎসা শিক্ষা সঞ্চালকালয় আৰু আয়ুষ সঞ্চালকালয়ে যৌথভাৱে চতুথবৰ্গৰ এই পদসমূহৰ বিগত ২২ জানুৱাৰীত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ কিন্তু স্বাস্থ্য বিভাগৰ এইসমূহ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই নিবনুৱা প্ৰাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ শিক্ষিত নিবনুৱা প্ৰাৰ্থীসকলে চতুৰ্থবৰ্গৰ পদত অভাৰলেপিং হোৱাৰ আশংকা প্ৰকাশ কৰিছিল যদিও ফলাফল ঘোষণাৰ লগে লগে সেই আশংকাই সত্যত পৰিণত হোৱাৰ অভিযোগ কৰিছে৷ বঞ্চিত প্ৰাৰ্থীসকলে অভিযোগ কৰা অনুসৰি-পৰীক্ষা পৰিচালনা ব’ৰ্ডৰ অবিবেচক কাৰ্যৰ বাবে এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৩০টা পদত চূড়ান্ত পৰীক্ষাৰ বাবে বাছনি লাভ কৰিছে৷ অতি আশ্চৰ্যজনকভাৱে ৰোল নম্বৰ ৪১১০৪১০২ প্ৰাৰ্থীজনে ৱাৰ্ড বয়ৰ পৰা চকীদাৰলৈ পদৰ মুঠ ৩০টা পদত বাছনি লাভ কৰিছে৷

একেদৰে ৰোল নম্বৰ ৪০১০০৬১২ প্ৰাৰ্থীজনে মুঠ ২৮টা পদত বাছনি লাভ কৰিছে৷ কেৱল ইমানেই নহয়, ৰোল নং ৪১২১৪০৮৮, ৪০৫০২৪০৮, ৪০৮৪৩০৮৮ কে ধৰি শতাধিক প্ৰাৰ্থীয়ে ৫-৬টাকৈ পদত বাছনি লাভ কৰিছে৷ এজন প্ৰাৰ্থীয়ে কেবাটাও পদৰ চূড়ান্ত পৰীক্ষাৰ বাবে বাছনি লাভ কৰিলেও শেষত প্ৰাৰ্থীজনে যিহেতু এটা পদতহে মূল বাছনিৰ অন্তত যোগদান কৰিব, তেনেস্থলত উক্ত প্ৰাৰ্থীজনৰ বাবে আন যোগ্য মেধাৱী প্ৰাৰ্থীক পদ পদসমূহৰ পৰা বঞ্চিত কৰা হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো এজন প্ৰাৰ্থীকে বিভিন্ন পদৰ চূড়ান্ত পৰীক্ষাৰ বাবে বাছনি কৰাত নিৰ্দিষ্ট পদৰ অনুপাতত চূড়ান্ত পৰীক্ষাৰ বাবে আন এজন প্ৰাৰ্থী আমন্ত্ৰণ জনোৱাৰ পৰা বঞ্চিত কৰা বুলিও অভিযোগ কৰিছে৷ 

উদাহৰণ স্বৰূপে এটা পদৰ বিপৰীতে যদিহে ৪জনকৈ প্ৰাৰ্থীক চূড়ান্ত পৰীক্ষাৰ বাবে ১ঃ৪ অনুপাতত বাছনি কৰা হৈছে, তেনেহ’লে নিৰ্দিষ্ট  এজন প্ৰাৰ্থীক ৩০টা পদৰ বিপৰীতে আমন্ত্ৰণ জনোৱাত প্ৰতিটো পদতে চূড়ান্ত পৰীক্ষাত এজনকৈ যোগ্য প্ৰাৰ্থীক অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত কৰিছে৷ আনকি এটা পদৰ বিপৰীতে চূড়ান্ত পৰীক্ষালৈ কিমানজনকৈ প্ৰাৰ্থীক বাছনি কৰিছে তাক স্বাস্থ্য বিভাগে স্পষ্ট নকৰাত নিবনুৱাসকলক ক্ষুব্ধ কৰি তুলিছে৷ এইক্ষেত্ৰত স্বাস্থ্য বিভাগৰ নিযুক্তি ব’ৰ্ডে অসম লোকসেৱা আয়োগৰ পৰীক্ষা আৰ্হি অনুসৰণ কৰিব লাগিছিল বুলিও একাংশ প্ৰাৰ্থীয়ে যুক্তি দাঙি ধৰিছে৷ একেটা পৰীক্ষাত একেজন প্ৰাৰ্থীকে ৩০-৩১টা পদৰ বাবে বাছনি কৰা স্বাস্থ্য বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ডক লৈ স্বাভাৱিকতেই এতিয়া ক্ষুব্ধ কৰি তুলিছে নিবনুৱাসকলক৷ কেৱল ইমানেই নহয়, চতুৰ্থবৰ্গৰ পদৰ বাবে শৈক্ষিক অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণ বুলি স্বাস্থ্য বিভাগে বিজ্ঞাপনত স্পষ্ট কৰি দিছিল যদিও স্নাতক-স্নাতকোত্তৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ো চতুৰ্থবৰ্গৰ লিখিত পৰীক্ষাত বাছনি লাভ কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷