Logo
image

পিএফআইৰ ‘বি’ টীম কংগ্ৰেছ! কৰ্ণাটকত হিমন্তৰ বিস্ফোৰণ

আমাৰ অসম, ৩মে':  কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে ৰাজ্যখনত শিবিৰ পাতি ধুমুহাৰ গতিত প্ৰচাৰ চলাই থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ বিৰোধী দল কংগ্ৰেছক মুছলিম মৌলবাদী দল আৰু পি এফ আইৰ ‘বি’ টীম বুলি অভিহিত কৰি বিস্ফোৰণৰ সৃষ্টি কৰিছে৷ কংগ্ৰেছ দলে মঙলবাৰে প্ৰকাশ কৰা ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ইস্তাহাৰত বজৰং দলক পি এফ আইৰ দৰে নিষিদ্ধ কৰিব বুলি ঘোষণা কৰাৰ বিষয়টো তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক উভটি ধৰিছে৷ ‘জিন্ন ভি হোতা তো এইছা মেনিফেষ্ট’ না ডেটা’–হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক  সমালোচনা কৰি এনেদৰে মন্তব্য আগবঢ়াই ভয়ংকৰ বিতৰ্কৰ সূচনা কৰিছে৷ কৰ্ণাটকত হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যই ৰাষ্ট্ৰজোৰা প্ৰচাৰ লাভ কৰিছে৷ স্বাভাবিকতে বিজেপিয়ে  ৰাজ্যখনৰ নিৰ্বাচনত সৃষ্টি কৰিবলৈ বিছৰা মেৰুকৰণত হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যই প্ৰভূত অৰিহনা যোগাব বুলি চৰ্চা হৈছে৷ একে প্ৰসংগতে তেওঁ কয় যে, সমগ্ৰ দেশৰ বাবে এন আৰ চি এতিয়া সময়ৰ আহ্বান, যি পৰিচয় অবিহনে দেশী আৰু বিদেশী চিনি পোৱা সম্ভৱ নহয়৷ আধাৰ কাৰ্ড যিহেতু কেৱল দেশত থকা সকলো বাসিন্দাৰ পৰিচয় পত্ৰ হিচাপেহে ব্যৱহৃত হয়, সেয়ে দেশৰ প্ৰকৃত নাগৰিক কোন সেয়া নিৰ্ধাৰণ কৰাৰ বাবে এন আৰ চি সমগ্ৰ দেশতে প্ৰস্তুত কৰাটো অপৰিহাৰ্য৷ সেয়ে বিজেপিয়ে নিজৰ ইস্তাহাৰত ঘোষণা কৰিছে, তেওঁলোকে কৰ্ণাটকত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’লে ৰাজ্যখনত এন আৰ চি প্ৰস্তুত কৰিব, যাতে বৈধ নাগৰিকেহে চৰকাৰে আগবঢ়োৱা সুবিধা লাভ কৰে৷ হিমন্ত বিশ্ব শৰ্মাৰ দাবী, বিজেপিয়ে মুছলিম মহিলাৰ নায্যতা প্ৰদানৰ বাবে ৰাজ্যখনত অভিন্ন দেৱানী বিধি বলবৎ কৰিব বুলি ঘোষণা কৰিছে৷

কংগ্ৰেছক প্ৰবল সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মাই কয়–‘ইতিমধ্যে বিজেপিয়ে সাম্প্ৰদায়িক আৰু মৌলবাদী সংগঠন পিএফআইক যোৱা বছৰ ছেপ্টেম্বৰতে নিষিদ্ধ কৰিছে৷ একেটা ঘোষণা কংগ্ৰেছে কৰাটো অৰ্থহীন৷ সেই কংগ্ৰেছে মুছলিমক সন্তুষ্ট কৰাৰ বাবে বজৰং দলক নিষিদ্ধ কৰিব বুলি কৈছে৷ ইয়াতকৈ হাস্যকৰ কথা আৰু একো নাই৷ মুছলিমক সন্তুষ্ট কৰিবলৈ গৈ কংগ্ৰেছ মুছলিম মৌলবাদী দলত পৰিণত হৈছে৷ জিন্না থকা হ’লেও তেওঁ ইস্তাহাৰত তেনে ঘোষণা নকৰিলেহেঁতেন৷’ আনহাতে ৰাষ্ট্ৰীয় নাগৰিকপন্থী বা এন আৰ চি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত থকা প্ৰয়োজনীয়তা হিমন্ত বিশ্ব শৰ্মাই পুংখানুপুংখভাৱে বুজাই কয়–‘মই অসমৰ অভিজ্ঞতাৰ পৰা কৈছো, ৰাষ্ট্ৰজোৰা এনআৰচি আজি সময়ৰ আহ্বান৷ আমাৰ নাগৰিকৰ ৰাষ্ট্ৰীয় পঞ্জী নাই৷ আধাৰ কাৰ্ডে নাগৰিকত্বৰ প্ৰতিনিধিত্ব নকৰে৷ সেয়ে আমি নাজানো, দেশৰ সম্পদ নাগৰিকলৈ গৈ আছে নে বিদেশীলৈ৷ সেয়া নিশ্চিত কৰাৰ বাবেই এন আৰ চি এতিয়া অপৰিহাৰ্য৷’