Logo
image

কোহলিৰ নিৰ্বাসনৰ দাবী তুলিলে গাভাস্কাৰে

আমাৰ অসম, ৪মে': আইপিএলৰ মেচত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা নিজে এতিয়াও খেলি থকা দল আৰচিবিৰো প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে সংঘটিত কৰা ‘লেভেল-২’ অপৰাধৰ বাবে তেওঁক মেচৰ পৰা নিৰ্বাসনৰ শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰবাদপ্ৰতিম ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে৷ গাভাস্কাৰৰ মতে উদীয়মান ক্ৰিকেটাৰ এনে ঘটনাৰ ফলত প্ৰভাৱিত হৈ যাতে বিপথে পৰিচালিত নহয়, সেয়া নিশ্চিত কৰিবলৈকে এনে শাস্তি প্ৰয়োজন৷ ইতিমধ্যে বিবাদত  জড়িত হৈ পৰা ক্ৰিকেটাৰ বিৰাট কোহলি, গৌতম গম্ভীৰৰ এশ শতাংশ মেচ ফি কৰ্তন কৰা হৈছে আৰু আন এজন ক্ৰিকেটাৰ আফগান পেচাৰ নবীন উল হকৰ ৫০ শতাংশ মেচ ফি কৰ্তন কৰিছে বিচিচিআয়ে৷ গাভাস্কাৰে কয়– ‘ব’ৰ্ডে নিশ্চিত কৰিব লাগে যাতে এনে ঘটনা পুনৰ নঘটে৷ সেই উদ্দেশ্যেই কঠোৰ শাস্তি দিব লাগে৷ তেওঁলোকৰ মেচ ফি ১০০ শতাংশ আৰু ৫০ শতাংশ কৰ্তন কৰা হৈছে৷ সেই পৰিমাণ কিমান হ’ব মই নাজানো৷ কিন্তু জৰিমনা বিশাল হৈছে৷ মই ভাবো, কেৱল জৰিমনাৰে এনে অপৰাধ বন্ধ কৰিব নোৱাৰি৷ তাৰ বাবে নিৰ্বাসনৰ দৰে কঠোৰ শাস্তিৰ প্ৰয়োজন৷ এনে অপৰাধ কৰা ক্ৰিকেটাৰক নিৰ্বাসনৰ দৰে শাস্তি দিলেহে ক্ৰিকেটাৰৰ মনত খেলপথাৰত অপৰাধ সংঘটিত কৰাৰ প্ৰৱণতা হ্ৰাস পাব৷ তেনে শাস্তি দেখিলে উদীয়মান ক্ৰিকেটাৰো সাৱধান হ’ব৷ অন্যথা উদীয়মান ক্ৰিকেটাৰেও এনে অপৰাধ কৰিবলৈ উদ্‌গণি পাব৷ হৰভজন-শ্ৰীকান্তৰ খেলপথাৰৰ ঘটনাৰ পাছত দুয়োকে নিৰ্বাসন দণ্ড দিয়া হৈছিল৷ সেয়া যথাৰ্থ শাস্তি আছিল৷ এতিয়া এই ঘটনাৰ বাবেও অনুৰূপ শাস্তি হোৱা উচিত৷’ গাভাস্কাৰৰ মতে, খেলৰ মাজত উত্তেজনা থাকিব পাৰে৷ কিন্তু সেই উত্তেজনা সংঘাত, খেদাখেদিৰ পৰ্যায়লৈ যোৱা উচিত নহয়৷ তদুপৰি খেলৰ উত্তেজনা খেলপথাৰতে শেষ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে৷ যোৱা সোমবাৰে সংঘটিত ঘটনাৰ ক্ষেত্ৰত বিৰাট কোহলিয়ে আগভাগ লোৱা আৰু গম্ভীৰক প্ৰৰোচিত কৰা বুলি কয় গাভাস্কাৰে৷ অৱশ্যে গম্ভীৰকো গাভাস্কাৰে নিৰ্দোষী হিচাপে মানিবলৈ নাৰাজ৷ উল্লেখ্য, বহু প্ৰাক্তন আৰু সাম্প্ৰতিক ক্ৰিকেটাৰে এই ঘটনাৰ বাবে ঘাইকৈ কোহলিকে দোষাৰোপ কৰিছে৷ কোহলিয়ে ক্ৰিকেটাৰ হিচাপে আৰু দেশৰ প্ৰাক্তন অধিনায়ক হিচাপে মৰ্যাদা অক্ষুন্ন ৰাখিব পৰা নাই বুলিও অনেকেই মত প্ৰকাশ কৰিছে৷ উল্লেখ্য কোহলিৰ সৈতে সুনীল গাভাস্কাৰৰ সম্পৰ্ক মুঠেই মধুৰ নহয়৷ বিভিন্ন সময়ত কোহলিৰ অক্ৰিকেটীয় কাম-কাজক গাভাস্কাৰে কঠোৰভাৱে সমালোচনা কৰি আহিছে৷ বদমেজাজী কোহলিৰ সৈতে প্ৰাক্তন ক্ৰিকেটাৰ তথা ব’ৰ্ডৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীৰ সম্পৰ্কও বেয়া৷ আনকি শেহতীয়াকৈ এখন আইপিএলৰ মেচত দুয়ো মুখ্যমুখি হওতে পৰস্পৰিক উদ্দেশ্যি অদ্ভূত দৃষ্টিৰে চাই আৰু কৰমৰ্দন কৰাৰ পৰা বিৰত থাকে৷ 

এইবাৰৰ সংঘাতৰ আৰম্ভণি সোমবাৰৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্ট আৰু আৰ চি বিৰ মেচত৷ মেচৰ মাজতে আৰম্ভ হয় বাদানুবাদ৷ লক্ষ্ণৌৱে বেটিং কৰি থকা অৱস্থাত বিৰাট কোহলিয়ে প্ৰতিপক্ষৰ আউটৰ লগে লগে আগ্ৰাসী ভাৱ ভংগী দেখুৱাবলৈ ধৰে৷ একোজন বেটাৰ আউট হ’লেই বিভিন্ন অংগীভংগী আৰম্ভ কৰিবলৈ ধৰে তেওঁ৷ প্ৰতিপক্ষৰ ডাগ আউটৰ দিশে এবাৰ কোহলিয়ে মুখত আঙুলি দি চুপ থাকিবলৈ ইংগিত দিয়ে৷ বিৰাট কোহলিৰ এই অংগীভংগী মুঠেই ক্ৰিকেটাৰসুলভ নাছিল৷ বহু সসময়ত উত্তেজনাপূৰ্ণ বক্সিং মেচতো নেদেখা উত্তেজনা, আগ্ৰাসী ভংগী দেখুৱাইছিল কোহলিয়ে৷ অৱশেষত আফগানিস্তানৰ পেচাৰ নবীন উল হক আউট হওতে কোহলিয়ে প্ৰথমে তেওঁক জোতা দেখুৱায়৷ উল্লাসত ফাটি পৰি পিছ মুহূৰ্ততে বিৰাট কোহলিয়ে নিজৰ টুপি মাটিত আছাড় মাৰি অস্বাভাৱিক উচ্ছাস প্ৰদৰ্শন কৰে৷ কোহলিৰ সেই ব্যৱহাৰ ভাল নেদেখি প্ৰতিপক্ষ দলৰ মেণ্টৰ গৌতম গম্ভীৰে মেচৰ অন্তত কৰমৰ্দন কৰোতে কিবা কোৱা দেখা যায়৷ লগে লগে কোহলিয়ে প্ৰত্যুত্তৰ দিয়াত ফিল্ডৰ মাজতে দুয়ো উত্তপ্ত বাক্যবিনিময়ত লিপ্ত হয়৷ তেওঁলোকক সংযত কৰিবলৈ দৌৰি আহে দুয়ো দলৰ ক্ৰিকেটাৰ আৰু ছাপ’ৰ্ট ষ্টাফ৷ আম্পায়াৰৰ উপস্থিতিত পৰিস্থিতি তেতিয়া শান্ত হ’লেও খন্তেক পাছতে দূৰৰ পৰাই দুয়ো দুয়োকে পুনৰ কথাৰে আক্ৰমণ কৰি পৰস্পৰলৈ খেদি যায়৷ সেই পৰিস্থিতি কোনোমতে চম্ভালে অমিত মিশ্ৰ আৰু বিজয় দাহিয়াই৷ সেই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি  হৈছে ছ’চিয়েল মিডিয়াত৷ অৱশ্যে ছ’চিয়েল মিডিয়াত নামোল্লেখ নকৰাকৈ তিনিও তিনিওকে এতিয়াও আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰি আছে আৰু অধিকসংখ্যক ক্ৰিকেটাৰে এই ঘটনাৰ বাবে কোহলিৰ বদমেজাজ আৰু গম্ভীৰৰ অহংকাৰক দোষ দিছে৷

বিবিচিআয়ে এই ঘটনাক অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰি বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ সম্পূৰ্ণ মেচ ফি কৰ্তন কৰিছে আৰু নবীন উল হকৰ ৫০ শতাংশ মেচ ফি কৰ্তন কৰিছে৷ বিচিচিআয়ে এই ঘটনাক ‘লেভেল-২’ অপৰাধ হিচাপে গণ্য কৰিছে৷ ক্ৰিকেটত এই অপৰাধ গুৰুতৰ৷ ১০ বছৰৰ পূৰ্বে আৰ চি বি আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলত বিৰাট কোহলি আৰু গৌতম গম্ভীৰৰ মাজত বিবাদ সৃষ্টি হৈছিল৷ এইবাৰ সেই সংঘাত আৰু তিক্ততা পূৰ্বতকৈ বাঢ়িল৷ বিচিচিআয়ে প্ৰদান কৰা শাস্তিৰ ফলত বিৰাট কোহলিয়ে এখন মেচৰ ফি জৰিমনা হিচাপে ভৰিলে প্ৰায় ৰ কোটি জ্জ লাখ টকা হেৰুৱাব৷ আনহাতে গৌতম গম্ভীৰৰ এখন মেচৰ ফি হয়গৈ ২৫ লাখ টকা আৰু নবীনৰ মেচ ফি ৩ লাখ ৫৭ হাজাৰ টকা৷ আইপিএলৰ একোজন ক্ৰিকেটাৰৰ নিলাম মূল্য যিমান সেই অনুসৰি প্ৰতিখন মেচৰ ফি ভাগ কৰা হয় আৰু জৰিমনা হিচাপে সেয়ে আনুপতিকভাৱেই বিচিচিআয়ে কৰ্তন কৰাৰ গত্যন্তৰ নাথাকে৷ ফলত মেচ একেখন হ’লেও ক্ৰিকেটাৰৰ প্ৰতিখন মেচৰ ফি ভিন ভিন হয়৷