Logo
image

এচিএছ শৰ্মিষ্ঠাৰ জামিন নাকচ, ৪ বিষয়াক আজি জেৰা

আমাৰ অসম, ৪মে': ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ৭ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত ন্যায়ালয়ত মুখ থেকেচা খাবলগীয়া হ’ল এগৰাকী এচিএছ বিষয়াই৷ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নিৰীক্ষণ কোষে ৰুজু কৰা ২/২০২৩ নম্বৰৰ গোচৰটোৰ অন্যতম অভিযুক্ত গৃহ বিভাগৰ উপ-সচিব শৰ্মিষ্ঠা বৰাই অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও বুধবাৰে ন্যায়াধীশ অজিত বৰঠাকুৰৰ বিচাৰপীঠে নিলম্বিত এচিএচ বিষয়াগৰাকীৰ জামিন নাকচ কৰে৷ অভিযুক্ত বিষয়াগৰাকীৰ জামিন নাকচ হোৱাত এতিয়া তদন্তকাৰী বিষয়াৰ জেৰাৰ সন্মুখীন হোৱাৰ লগতে গ্ৰেপ্তাৰৰো আশংকা  নুই কৰিব নোৱাৰি৷ বুধবাৰে শৰ্মিষ্ঠা বৰাৰ অগ্ৰিম জামিন আবেদন নাকচ কৰে যদিও ২২ মে’ত অভিযুক্তগৰাকীৰ পূৰ্ণকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব আদালতে৷ সেইদিনা কেচ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীক ন্যায়ালয়ে নিৰ্দেশ দিছে৷ উল্লেখ্য, সাংসদ পুঁজিৰ কেলেংকাৰিৰ গোচৰটোত চিএম ভিজিলেন্সে এচিএছ বিষয়া শৰ্মিষ্ঠা বৰাৰ উপৰি সাংসদ অজিত ভূঞা আৰু আন তিনি এচিএছ বিষয়া ক্ৰমে– সুকন্যা বৰা, হেমন্ত দত্ত আৰু মুনীন্দ্ৰ বৰদলৈকো অভিযুক্ত কৰিছিল৷ তদুপৰি লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিগন্ত কলিতা, ঠিকাদাৰ অৰূপ কলিতা আৰু নিৰ্মাণ কমিটীৰ সচিব ক্ৰমে– বিশ্বজিৎ ডেকা, শংকৰ কলিতা, পাৰ্থপ্ৰতীম ডেকা, ভাস্কৰ দাস, জিতু কলিতা, কামিনী দাস আৰু অতুল চন্দ্ৰ ডেকাকো গোচৰটোৰ অন্যতম অভিযুক্ত কৰা হৈছে৷ উক্ত ১৪জন অভিযুক্তকে তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ বাবে ইতিপূৰ্বে ভিজিলেন্সে নিৰ্দেশ দিছিল যদিও কেৱল নিৰ্মাণ কমিটীৰ সচিবকেইজনহে বৰ্তমানলৈ হাজিৰ হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে গেচাৰটোৰ অভিযুক্ত ৪ এচিএছ বিষয়াক কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে জেৰা কৰিব বুলি ভিজিলেন্সৰ সূত্ৰই জানিবলৈ দিছে৷ উল্লেখ্য, অজিত ভূঞাৰ সাংসদ পুঁজিৰ পৰা অস্তিত্বহীন পথৰ বিপৰীতে এচিএছ বিষয়াকেইজনে ঠিকাদাৰক ধন মোকলাই দিয়াৰ অভিযোগ উঠিছে৷ আনকি ভুৱা নিৰ্মাণ কমিটী গঠন কৰি বিষয়া-ঠিকাদাৰে মিলি সাংসদ পুঁজিৰ ধনৰ লুণ্ঠন চলাইছিল৷