Logo
image

নিৰ্যাতিতা মল্লযোদ্ধাৰ প্ৰতিবাদস্থলীত পি টি ঊষা

আমাৰ অসম, ৪মে': কেইদিনমান পূৰ্বে দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণাত বহি থকা নিৰ্যাতিতা মহিলা মল্লযোদ্ধাক সমালোচনা কৰিছিল ‘পায়েলি এক্সপ্ৰেছ’ হিচাপে খ্যাত এতিয়াৰ ভাৰতীয় অলিম্পিক সংস্থাৰ মুৰব্বী পি টি ঊষাই৷ বুধবাৰে সেই একেগৰাকী প্ৰাক্তন এথলীটে ধৰ্ণাস্থলীলৈ আহি প্ৰতিবাদী মল্লযোদ্ধাসকলক সাক্ষাৎ কৰে আৰু পূৰ্বে তেওঁ কৰা মন্তব্য সংবাদ মাধ্যমে ভুলভাৱে প্ৰচাৰ কৰা বুলি দাবী কৰে৷ বুধবাৰে পি টি ঊষাই সংবাদ মাধ্যমৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷ ইয়াৰ পৰিৱৰ্তে তেওঁ নিৰ্যাতিতা মল্লযোদ্ধাসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু কয় যে তেওঁ প্ৰতিবাদী খেলুৱৈসকলক সমালোচনা কৰা নাছিল৷ সংবাদ মাধ্যমেহে তেওঁৰ বক্তব্য ভুলকৈ প্ৰচাৰ কৰিছিল৷ উল্লেখ্য, ভাৰতীয় ৰেছলিং ফেডাৰেশ্বনৰ মুৰব্বী ব্ৰীজভূষণ চাৰণ সিঙে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দেশৰ অলিম্পিক পদক বিজয়ী কেইবাগৰাকী মহিলা মল্লযোদ্ধাই বিগত প্ৰায় দহ দিন ধৰি দিল্লীত প্ৰতিবাদ কৰি আছে৷ তেওঁলোকে ব্ৰীজভূষণৰ গ্ৰেপ্তাৰৰ দাবীত অটল হৈ আছে৷ পিছে বিজেপিৰ পাঁচবাৰৰ সাংসদ আৰু মুঠতে ছবাৰকৈ লোকসভাৰ সাংসদ হৈ থকা উত্তৰ প্ৰদেশৰ এই বাহুবলী নেতাৰ বিৰুদ্ধে এতিয়াও দিল্লীৰ আৰক্ষীয়ে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই৷ বিজেপি চৰকাৰে তেওঁক ৰক্ষণা-বেক্ষণ দি থকাৰ বাবেই দিল্লীৰ আৰক্ষীয়ে   তেওঁৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ সাহস গোটাব পৰা নাই৷ উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশত ব্ৰীজভূষণৰ তেওঁৰ বিৰুদ্ধে পকছ’ আৰু যৌন নিৰ্যাতনৰ দুটা গোচৰ ৰুজু কৰিলেও দিল্লী আৰক্ষীয়ে ব্ৰীজভূষণক গ্ৰেপ্তাৰ কৰা দূৰৰে কথা জেৰাও কৰা নাই৷ ব্ৰীজভূষণক গ্ৰেপ্তাৰ নকৰালৈকে ধৰ্ণা নেৰে বুলি দাবী কৰা নিৰ্যাতিতা মল্লযোদ্ধাসকলক অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিক, বজৰং পুনিয়াকে ধৰি একাধিক তাৰকা মল্লযোদ্ধাই সমৰ্থন জনাই একেলগে প্ৰতিবাদ কৰি আছে৷ পিছে, ভাৰতীয় অলিম্পিকৰ মুৰব্বী পি টি ঊষাই কেইদিনমান পূৰ্বে প্ৰতিবাদী খেলুৱৈসকলক সমালোচনা কৰি কৈছিল যে, তেওঁলোকে এই প্ৰতিবাদ ৰাজপথলৈ  উলিয়াই অনাটো ভুল কাম কৰিছে৷ যিহেতু পূৰ্বে একেকেইগৰাকী খেলুৱৈ একেটা বিষয়ক লৈ ধৰ্ণাত বহাৰ পাছত এখন তদন্ত কমিটী গঠন কৰা হৈছে আৰু সেই কমিটীয়ে এতিয়াও তদন্তৰ প্ৰতিবেদন মুকলি কৰা নাই সেয়ে এতিয়াই খেলুলৈসকল ধৰ্ণাত বহা অনুচিত আছিল৷ পি টি ঊষাই কৰা উক্ত মন্তব্যৰ বাবে তেওঁক সকলো পক্ষই কঠোৰ সমালোচনা কৰিছিল৷ বুধবাৰে সুৰ সলনি কৰি পি টি ঊষা ধৰ্ণাস্থলীলৈ অহাটো তাৎপৰ্যপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে৷ ইপিনে, দেশৰ বিশ্বখ্যাত বক্সিং চেম্পিয়ন তথা বিজেপিয়ে মনোনীত কৰা ৰাজ্যসভাৰ সাংসদ এম চি মেৰীকম উক্ত তদন্ত কমিটীৰ মুৰব্বী৷ পি টি ঊষাৰ দৰে মহিলা খেলুৱৈ হৈয়ো মেৰীকমেও নিৰ্যাতিতাসকলৰ পক্ষত অৱস্থান নোলোৱাটো অতিশয় দৃষ্টিকটু হৈছে৷  তাৰ মাজতে বুধবাৰে পি টি ঊষাই নিৰ্যাতিতা খেলুৱৈসকলক সমমৰ্মিতা প্ৰদৰ্শন কৰাৰ বিষয়টো দেশজুৰি চৰ্চা হৈছে৷ খেলুৱৈসকলক ধৰ্ণাস্থলীত পি টি ঊষাই কয় যে তেওঁ প্ৰথমতে এগৰাকী খেলুৱৈ, তাৰ পাছতহে প্ৰশাসক৷ পি টি ঊষাৰ এই মন্তব্যই প্ৰতিবাদকাৰী খেলুৱৈসকলক উৎসাহিত কৰি তুলিছে৷  তেওঁলোকে পি টি ঊষাৰ পৰা ন্যায়বিচাৰ প্ৰাৰ্থনা কৰে৷