Logo
image

জ্বলিছে মণিপুৰঃ দুৰ্বৃত্তক দেখাৰ লগে লগে গুলীওৱাৰ নিৰ্দেশ চৰকাৰৰ

ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মণিপুৰত হিংসা অব্যাহত আছে৷ হিংসাত্মক ঘটনাৰ বাবে ৮ খন জিলাত জাৰি কৰা হৈছে সান্ধ্য আইন৷ পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰাত চৰকাৰে দুৰ্বৃত্তক দেখা লগে লগে গুলীওৱাৰ নিৰ্দেশ জাৰি কৰিছে৷ চৰকাৰে জাৰি কৰা নিৰ্দেশত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে অতি চৰম পৰিস্থিতিতহে প্ৰশাসনে এনে পদক্ষেপ ল'ব পাৰিব৷

ইফালে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আৰু চৰকাৰৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। ভুল বুজাবুজিৰ বাবে ৰাজ্যখনৰ দুটা সম্প্ৰদায়ৰ মাজত হিংসা সংঘটিত হৈছে। তেওঁ লগতে কয় যে যি ব্যক্তি হিংসাত লিপ্ত হ'ব তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে মণিপুৰত আদিবাসী আৰু মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। বুধবাৰে কেইবাটাও সংগঠনে ‘আদিবাসী একতা মাৰ্চ’ৰ আহ্বান জনাইছিল৷ এই সমদল বাহিৰ কৰাৰ পাছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ বহু অঞ্চলত সেনা মোতায়েন কৰা হয়। বৃহস্পতিবাৰে ৰাজ্যখনৰ অশান্ত অঞ্চলসমূহত দুৰ্বৃত্তক দেখাৰ লগে লগে গুলীওৱাৰ নিৰ্দেশ জাৰি কৰে চৰকাৰে৷

মণিপুৰ হিংসাৰ কাৰণঃ

মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে ছাত্ৰ সংগঠন All Tribal Students Union, Manipur-এ পদযাত্ৰাৰ আহ্বান কৰিছিল৷ 'আদিবাসী একতা মাৰ্চ' নামেৰে বাহিৰ কৰা পদযাত্ৰাৰ সময়তে হিংসাৰ সূত্ৰপাত হৈছিল৷ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে অংশগ্ৰহণ কৰা এই সমদলৰ ফলত টৰবাং অঞ্চলত জনজাতীয় আৰু অ-জনজাতীয় লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিছিল বুলিও জনায় আৰক্ষী বিষয়াগৰাকীয়ে৷

সমান্তৰালভাৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অ-জনজাতীয় অধ্যুষিত অঞ্চল- ইম্ফল পশ্চিম, কাকচিং, থৌবাল, জিৰিবাম আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত চুৰাচান্দপুৰ, কাংপোকপি আৰু টেংনুপাল জিলাত সান্ধ্য আইন জাৰি কৰা হয়৷ তদুপৰি ৰাজ্যখনত পাঁচ দিনৰ বাবে কৰ্তন কৰা হয় মোবাইল ইণ্টাৰনেট সেৱা৷ ইয়াৰ লগতে জনজাতীয়, অ-জনজাতীয় মাজত অব্য়াহত থকা যুদ্ধ প্ৰতিহত কৰিবলৈ সেনা আৰু অসম ৰাইফলছৰ ৫৫ টা কোম্পানী মোতায়েন কৰা হৈছে।