Logo
image

অসমৰ পৰা গুজৰাটলৈ হাতী সৰবৰাহ!: পাঠশালাত নিশা বহিঃৰাজলৈ হাতী সৰবৰাহ কৰা তিনিখনকৈ ট্ৰাক জব্দৰ পিছতে উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, বজালীৰ প্ৰতিবেদকঃ ৰাজ্যৰ বিভিন্ন ঠাইত হাতী-মানুহৰ মাজত সংঘাত চলি থকাৰ সময়তে এইবাৰ কেইটামান হাতীক লৈ দুটা ফৈদৰ মাজত বুধবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাঠশালাত৷ জানিব পৰা মতে পাঠশালাত তিনিখনকৈ ট্ৰাকত তিনিটাকৈ হাতী গুজৰাটলৈ নিয়াৰ অৱস্থাত স্থানীয় ৰাইজ আৰু আছু কৰ্মীয়ে জব্দ কৰে। 

উল্লেখ্য যে পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা প্ৰায় ১০ বজাত স্থানীয় ৰাইজ আৰু আছুৰ সদস্যই তিনিখন ট্ৰাকত তিনিটাকৈ হাতী বহিঃৰাজ্যলৈ নি থকা অৱস্থাত জব্দ কৰাৰ উপৰি দুখন ফৰচুনাৰ বাহনো জব্দ কৰাৰ পিছতে তীব্র উত্তেজনাৰ সৃষ্টি হয় পাঠশালাত। এই ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বহু সময় ধৰি  শ শ গাড়ী আৱদ্ধ হৈ পৰে৷

ইপিনে একাংশ উত্তেজিত লোকে হাতী সৰবৰাহ কৰাৰ ক্ষেত্রত ব্যৱহৃত এখন ফৰচুনাৰ গাড়ীৰ ক্ষতিসাধন কৰে। পাছত ঘটনাস্থলীত বজালীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে আৰু প্ৰাথমিক তদন্তৰ পিছত হাতী সৰবৰাহ কৰা গাড়ীকেইখন যাবলৈ অনুমতি প্ৰদান কৰে। ইয়াৰ পিছত আৰক্ষীক একাংশ উত্তেজিত লোকে আক্রমণ কৰিবলৈ উদ্যত হয় যদিও আৰক্ষীয়ে উক্ত স্থানৰ পৰা লোকসকলক খেদি পঠিয়াই। আনহাতে গুজৰাটলৈ অসমৰ হাতী সৰবৰাহৰ ক্ষেত্ৰতো বিভিন্ন মহলৰ মাজত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷