Logo
image

কি কাৰণে গ্ৰেপ্তাৰ কৰা হ'ল শৃংখল চলিহাক?: জিলা দণ্ডাধীশে সদৰী কৰিলে শৃংখল চলিহাৰ গ্ৰেপ্তাৰৰ তথ্য

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসম আৰক্ষীয়ে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত জিলা দণ্ডাধীশৰ তৰফৰ পৰা চলিহাৰ পৰিয়ালক আনুষ্ঠানিকভাৱে যাৱতীয় তথ্য যোগান ধৰিছে। চলিহাক গ্ৰেপ্তাৰৰ বাবে প্ৰদান কৰা হুকুমনামা শিৱসাগৰ জিলা কাৰাগাৰৰ অধীক্ষকৰ দ্বাৰা পৰিয়ালৰ অধিবক্তাক যোগান ধৰি শৃংখল চলিহাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত চৌব্বিশ ঘণ্টাৰ অন্তত প্ৰশাসনৰ তৰফৰ পৰা এক নিশ্চিত তথ্য প্ৰদান কৰে। জিলা দণ্ডাধীশৰ আদেশ নং SVMJ/NSA/16/2023/10(A)ৰ দ্বাৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা 3(2)ৰ অধীনত তিনি মাহৰ বাবে গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰে।

উক্ত হুকুমনামাত জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে শৃংখল চলিহাৰ বিভিন্ন কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি তেওঁক সমাজৰ জাতি-সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ সিঁচাৰ লগতে সমাজত এক অশান্তিকৰ বাতাৱৰণ সৃষ্টি কৰাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ কথা সদৰী কৰে। শৃংখল চলিহাই শিৱসাগৰৰ একাংশ বিশেষ সম্প্ৰদায় আৰু ভাষা-ভাষী লোকৰ মাজত বিহুকে ধৰি বিভিন্ন সময়ত ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰি সেইসকলৰ সুৰক্ষা বিঘ্নিত কৰাৰ লগতে বিভিন্ন সময়ত ব্যৱসায়ী সম্প্ৰদায়ক ঘৰ-বাৰী এৰি গুচি যোৱাৰ হুমকি প্ৰদান কৰি আহিছে। ইয়াৰ লগতে চলিহাই বিভিন্ন সময়ত বন্ধ ঘোষণা কৰি স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰাৰ লগতে পথ পৰিবহন আৰু ৰে'ল পৰিবহন বন্ধ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হোৱাৰ পৰিস্থিতি সৃষ্টি কৰাৰ লগতে পুনৰ এনে কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰাৰ বাবে চলিহাক বন্দী কৰি ৰখাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি হুকুমনামাত উল্লেখ কৰে।

একাংশ বিশেষ ব্যৱসায়িক গোষ্ঠীক দাবী-ধমকি-মাৰপিট কৰি সাম্প্ৰদায়িক ঘৃণা, ধৰ্মীয় বিভেদ, ভাষিক অসহিষ্ণুতা বিয়পোৱা শৃংখল চলিহাই একাংশ সহযোগীৰ সৈতে মিলি ৰাজ্যৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অস্ত্ৰ সংগ্ৰহৰ অভিযোগ থকা বুলিও জিলা দণ্ডাধীশে হুকুমনামাত উল্লেখ কৰিছে। এনেবোৰ বিষয় পৰ্যালোচনা কৰি শৃংখলৰ শেহতীয়া বক্তব্য আৰু কামৰ প্ৰতি নজৰ ৰাখি শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তিনি মাহৰ বাবে শিৱসাগৰ জিলা কাৰাগাৰত ৰখা হ'ব বুলি উল্লেখ কৰিছে। এই গ্ৰেপ্তাৰ সন্দৰ্ভত অসম চৰকাৰক অৱগত কৰাৰ লগতে চৰকাৰৰ অতিৰিক্ত নিৰ্দেশ সংলগ্ন কৰা হ'ব বুলিও হুকুমনামাত কোৱা হয়। আনহাতে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ নিয়মাৱলী অনুসৰি ইতিমধ্যে এখন পৰামৰ্শদাতা সমিতি গঠন কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত শৃংখল চলিহাৰ গোচৰ উক্ত ব'ৰ্ডৰ তত্ত্বাৱধানত থাকিব বুলি সদৰী কৰে। চলিহাই যদি এই গ্ৰেপ্তাৰ হুকুমৰ বিৰুদ্ধে কোনো আবেদন কৰিব বিচাৰে তেন্তে পৰামৰ্শদাতা সমিতিক অথবা অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুখ্য সচিৱৰ আগত আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰে হুকুমনামাত ৷