Logo
image

আইএএছ শেৱালি পলাতক, দুই জীয়ৰীক জেৰা

আমাৰ অসম, ৫মে':  শাহুৱেক-জোঁৱায়েক মিলি এছচিইআৰটিত লুণ্ঠন চলোৱা ১০৫ কোটি টকীয়া কেলেংকাৰিৰ তদন্ত এৰা-ধৰাৰ মাজেৰে আগবঢ়াই নিছে চিএম ভিজিলেন্সে৷ শ কোটি টকীয়া কেলেংকাৰিটোৰ মাষ্টাৰমাইণ্ড এছচিইআৰটিৰ তদানীন্তন সঞ্চালক তথা নিলম্বিত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাক ভিজিলেন্সে আত্মগোপন কৰিবলৈ সুযোগ দিলেও  বৃহস্পতিবাৰে শেৱালি দেৱীৰ দুই কন্যাক জেৰা কৰে তদন্তকাৰী বিষয়াই৷ এছচিইআৰটিৰ ডিএলএড পাঠ্যক্ৰম আৰু স্মাৰ্ট ক্লাছৰূম নিৰ্মাণৰ নামত তদানীন্তন সঞ্চালক শেৱালি দেৱী শৰ্মাই দুই ঠিকাদাৰৰূপী জোঁৱায়েক ৰাজেশ যোশী আৰু অজিত পাল সিঙৰে মিলিত ১০৫ কোটি টকা লুণ্ঠন চলাইছিল৷ মূলত অনুমতিবিহীনভাৱে ডিএলএডৰ প্ৰশিক্ষণ কেন্দ্ৰ খুলি ব্যক্তিগত একাউণ্টত ধনৰ লেনদেন কৰাৰ লগতে ৱৰ্ক অডাৰ অবিহনে দুই জোঁৱায়েকৰ ফাৰ্মক কোটি কোটিৰ ঠিকা আৱণ্টন দিয়াৰ অভিযোগত গোচৰ ৰুজু হৈছে৷ শিক্ষা বিভাগৰ নিজাববীয়া অনুসন্ধানত কেলেংকাৰি উন্মোচন হোৱাৰ পাছতেই ৩/২০২৩ নম্বৰত চিএম ভিজিলেন্সত কেলেংকাৰিৰ গোচৰ ৰুজু কৰিছিল৷ বুধবাৰে ভিজিলেন্সে গোচৰটোৰ অন্যতম অভিযুক্ত শেৱালি দেৱীৰ ডাঙৰ জোঁৱায়েক ঠিকাদাৰ তথা কংগ্ৰেছ নেতা ৰাজেশ যোশী, এছচিইআৰটিৰ প্ৰাক্তন উপ-সঞ্চালক এল এন সোণোৱাল, গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰমিজুদ্দিন আহমেদ, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰুবুল আলী আৰু এছচিইআৰটিৰ চাটাৰ্ড একাউণ্টেণ্ট সাৰংগ মৌৰক গ্ৰেপ্তাৰ কৰে৷ বৃহস্পতিবাৰে আটাইকেইজনকে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত ২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে৷ ইফালে, বুধবাৰৰ পৰা শেৱালি দেৱী আৰু সৰু জোঁৱায়েক অজিত পাল সিঙক বিচাৰি ভিজিলেন্সে অভিযান চলাই যদিও তেওঁলোক দুয়োজনৰে কোনো সন্ধান লাভ কৰা নাই৷ যাৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে শেৱালি দেৱীৰ দুই কন্যাক তলব কৰি জেৰা কৰে চিএম ভিজিলেন্সে৷ অৱশ্যে দিনজোৰা জেৰাৰ অন্তত দুয়োগৰাকী কন্যাকে যাবলৈ দিয়া হয় যদিও শেৱালি দেৱীৰ সৰু কন্যা অৰ্থাৎ অভিযুক্ত ঠিকাদাৰ অজিত পাল সিঙৰ পত্নীও এই কেলেংকাৰিত জড়িত থকাৰ তথ্য-প্ৰমাণ লাভ কৰা বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে৷ কিন্তু কণমানি কেঁচুৱা থকাৰ বাবে অজিত পাল সিঙৰ পত্নীক সাময়িকভাৱে গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিয়া বুলিও তদন্তকাৰী বিষয়াই জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে কেলেংকাৰিৰ মূল অভিযুক্ত শেৱালি দেৱী শৰ্মাক খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নজৰত থকা তদন্তকাৰী সংস্থাটোৱে আত্মগোপনৰ সুযোগ দিয়া বিষয়টোৱে ভিজিলেন্সৰ ভিতৰৰ এটা চক্ৰই শেৱালি দেৱীক আইনী সুৰক্ষা দিয়াৰ পৰিকল্পনা যে কৰিছে সেয়া স্পষ্ট হৈ পৰিছে৷