Logo
image

ডিব্ৰুগড় জে’লত অমৃতপালক সাক্ষাৎ পত্নীৰ

আমাৰ অসম, ৫মে': ৰাষ্টদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎ কৰিলে পত্নী কিৰণদ্বীপ কৌৰে৷ প্ৰায় ১ ঘণ্টা ধৰি স্বামী অমৃতপালৰ সৈতে বাৰ্তালাপ কৰিলে পত্নী কিৰণদ্বীপে৷ ২৩ এপ্ৰিলৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজেৰে   ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কুঠৰীত বন্দী হৈ আছে বিদ্ৰোহী খালিস্তানী নেতা অমৃতপাল সিং৷ আন ১০ খালিস্তানপন্থী সতীৰ্থৰ সৈতে কাৰাবন্দী জীৱন কটাবলগীয়া হৈছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত৷ আজি অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপৰ সৈতে দলজিৎ সিং কালছীৰ পত্নী নীৰু কালছী আৰু পুত্ৰ সিমৰদ্বীপ সিং কালছীয়ো উপস্থিত হয় কেন্দ্ৰীয় কাৰাগাৰত৷ পঞ্জাৱ হাৰিয়ানা উচ্ছ ন্যায়ালয়ে প্ৰদান কৰা অনুমতিৰ ভিত্তিত ৪৮ দিনৰ পাছত প্ৰথমবাৰলৈ আজি স্বামীক সাক্ষাৎ কৰে কিৰণদ্বীপ কৌৰে৷ মুখমণ্ডলত কাপোৰেৰে ঢাকি সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা কিৰণদ্বীপে স্বামীৰ লগত বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা বুলি জানিব পৰা গৈছে৷ বিশেষকৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কাৰাবন্দীসকলক নিজ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন বিষয়টোৰ উপৰি কাৰাবন্দীসকলক মোকলাই অনাৰ সন্দৰ্ভতো ৰণনীতি প্ৰস্তুত কৰে৷ ইফালে কিৰণদ্বীপৰ লগতে দলজিৎ কালছীৰ পত্নী-পুত্ৰক কেন্দ্ৰীয় কাৰাগাৰত প্ৰৱেশৰ পূৰ্বে প্ৰৱেশ-দ্বাৰত তন্নকৈ পৰীক্ষা চলায় নিৰাপত্তাৰক্ষীয়ে৷ ইয়াৰ পাছতে তিনিজনকে প্ৰৱেশৰ অনুমতি প্ৰদান কৰে কাৰাগাৰৰ নিৰাপত্তাৰক্ষীয়ে৷ আনহাতে, কিৰণদ্বীপ কৌৰসহ তিনিজনীয়া দলটোক নেতৃত্ব প্ৰদান কৰিছিল পঞ্জাৱ হাৰিয়ানা উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা চিমৰণজিৎ সিঙে৷ উল্লেখ্য, ২৭এপ্ৰিলত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আহিছিল ১০ জনীয়া পৰিয়ালৰ সদস্যৰ দল৷ শিৰোমণি গুৰুদোৱাৰ প্ৰবন্ধক সমিতি চমুকৈ এছ জি পি চিৰ নেতৃত্বত ডিব্ৰুগড়লৈ অহা খালিস্তানী সমৰ্থকৰ পৰিয়ালৰ সদস্যসকলে সাক্ষাৎ কৰিছিল কাৰাবন্দীসকলক৷ ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ বাদে আটাইকেইজন কাৰাবন্দীৰে আছিল একোজনকৈ সদস্য৷ সেই সময়ত অমৃতসৰ জিলা দণ্ডাধীশে অমৃতপাল সিঙক সাক্ষাতৰ অনুমতি প্ৰদান নকৰাৰ ফলত পৰিয়ালৰ সদস্যই সাক্ষাৎ কৰিব পৰা নাছিল অমৃতপালক৷ উল্লেখ্য যে, ১৯ মাৰ্চত প্ৰথম পৰ্যায়ত অমৃতপাল সিঙৰ চাৰি সমৰ্থকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল৷ সেইসকলৰ ভিতৰত আছিল দলজিৎ সিং কালচি, বচন্ত সিং, গুৰমিত সিং ভূষণৱালা আৰু ভগৱন্ত সিং আদি৷ সেইদৰে ২১ মাৰ্চত দ্বিতীয় পৰ্যায়ত পুনৰ পুৱা ৭ বজাত ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ খুড়াক হৰিজিত সিঙক অনাৰ পাছত দিনৰ ভাগত দুই ঘনিষ্ঠ কুলৱাণ্ট সিং ধালিয়াল আৰু গুৰিন্দাৰ পাল সিঙকো কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়৷ মন কৰিবলগীয়া কথাটো হ’ল ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ সহধৰ্মিনী কিৰণদ্বীপ কৌৰ হৈছে প্ৰৱাসী ভাৰতীয়৷ লণ্ডনৰ নাগৰিকত্ব থকা কিৰণদ্বীপ কৌৰক অমৃতপাল সিং পলাতক হৈ থকাৰ সময়তে লণ্ডনলৈ যোৱাত বাৰণ কৰিছিল আৰক্ষীয়ে৷ যাৰ বাবে মন গ’লেই দেশ এৰি বিদেশলৈ যাব নোৱাৰিব অমৃতপালৰ পত্নী কিৰণদ্বীপে৷ সম্প্ৰতি কাৰাবন্দী অমৃতপাল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ লগতে ১২ টাকৈ গোচৰ ৰুজু হৈ আছে৷ এই গোচৰসমূহৰ বিৰুদ্ধে কিদৰে আইনী যুঁজ চলাব সেই সন্দৰ্ভত অমৃতপালৰ আইনী উপদেষ্টা সমিতিয়ে চলাইছে ৰণনীতি৷