Logo
image

মণিপুৰ জ্বলিছে, দিল্লী নীৰৱ

আমাৰ অসম, ৫মে':  মণিপুৰত এতিয়া হিংসাৰ দাবানল৷ দুটা জনজাতিৰ মাজত সূত্ৰপাত ঘটা সংঘৰ্ষই ৰাজ্যখনত সৃষ্টি কৰিছে অগ্নিগৰ্ভ পৰিস্থিতিৰ৷ যাৰ ফলত অশান্ত হৈ পৰা মণিপুৰত পাঁচদিনলৈ ইণ্টাৰনেট সংযোগ কৰ্তন কৰাৰ লগতে আঠখন জিলাত ১৪৪ ধাৰা আইন বলৱৎ কৰা হৈছে৷ তদুপৰি অশান্ত অঞ্চলসমূহত বৃহস্পতিবাৰে সেনাই ফ্লেগমাৰ্চ কৰাৰ লগতে অতিৰিক্ত সশস্ত্ৰ বাহিনী মোতায়েন কৰিবলৈ বাধ্য হৈ পৰে৷ অকল সেয়াই নহয়, শেহতীয়াকৈ মণিপুৰ চৰকাৰে হিংসাত নিয়োজিত লোকক দেখা মাত্ৰেই গুলী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ ইপিনে এতিয়ালৈকে প্ৰায় ৪০০০ লোকক সেনাবাহিনীয়ে হিংসাজৰ্জৰ অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা বুলি সংবাদ মাধ্যমসমূহে বাতৰি পৰিৱেশন কৰিছে৷ আশ্চৰ্যজনক যে মণিপুৰৰ এনে অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছতো কেন্দ্ৰীয় চৰকাৰখনে এইক্ষেত্ৰত কিন্তু মৌন হৈ থকা পৰিলক্ষিত হৈছে৷ যাৰ ফলত বিৰোধী দলসমূহৰ লগতে বিভিন্ন সংগঠনসমূহে কেন্দ্ৰীয় চৰকাৰখনক সমালোচনাৰ লক্ষ্য কৰি লোৱা দেখিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে মণিপুৰৰ ইম্ফল উপত্যকাৰ সংখ্যাগৰিষ্ঠ মেইতে’ই জনজাতিৰ লোকসকলে অনুসূচিত জাতিৰ মৰ্যাদা বিচাৰি শেহতীয়াকৈ দাবী উত্থাপন কৰি আহিছিল৷ কিন্তু এই দাবীৰ বিৰোধিতা কৰে স্থানীয় আদিবাসীসকলে৷ যাৰ ফলত বুধবাৰে মণিপুৰৰ সদৌ জনজাতি ছাত্ৰ সন্থাই নিজৰ দাবীৰ প্ৰতি সমৰ্থন জনাই এটা সমদল উলিয়ায়৷ উক্ত সমদলটোক কেন্দ্ৰ কৰিয়েই আৰম্ভ হয় সংঘৰ্ষ৷ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পৰা সূত্ৰপাত ঘটা সংঘৰ্ষই পৰৱৰ্তী সময়ত এখনৰ পৰা আন এখন জিলালৈ  বিয়পি পৰে৷ মুহূৰ্তৰ ভিতৰতে হিংসাই ভয়াৱহ ৰূপ ধাৰণ কৰে৷ ইম্ফল পশ্চিম জিলাৰ কাঞ্চিপুৰ আৰু ইম্ফল পূৱ জিলাৰ ছাইবান লেইকাইত মেইতে’ই জনজাতীয় লোকসকলে আদিবাসীসকলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে৷ জ্বলাই দিয়া হয় অসংখ্য বাহন, চৰকাৰী কাৰ্যালয়, আনকি পথৰ দাঁতিত থকা বহু পৰিয়ালৰ ঘৰ৷ এই ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনীয়ে প্ৰথমে কন্দুৱা গেছ প্ৰয়োগ কৰে যদিও হিংসাত লিপ্ত হোৱা লোকসকলে তালৈ কেৰেপ নকৰাত আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে লাঠীচালনা কৰিবলৈ বাধ্য হয়৷ ইয়াৰ পাছতে হিংসাত মত্ত লোকসকলে আৰক্ষী আৰু নিৰাপত্তাবাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়৷ ফলত পৰিস্থিতি জটিল হৈ পৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হোৱাৰ লগতে পৰৱৰ্তী সময়ত সান্ধ্যআইন জাৰি কৰে৷ ইপিনে এই হিংসা কাষৰীয়া অঞ্চলসমূহলৈও বিয়পি পৰাত প্ৰশাসনে সেনা আৰু অসম ৰাইফলছৰ জোৱানৰ দল মোতায়েন কৰিবলৈ বাধ্য হয়৷ বৃহস্পতিবাৰেও একেই পৰিস্থিতি অব্যাহত থকাত মণিপুৰ চৰকাৰে বায়ুসেনা বাহিনীৰ বিমানেৰে অতিৰিক্ত সশস্ত্ৰ বাহিনী আনিবলৈ বাধ্য হৈ পৰে৷ ইপিনে নিজ ৰাজ্যৰ এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মণিপুৰৰ অন্যতম জনপ্ৰিয় ক্ৰীড়াবিদ এম চি মেৰীকমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহলৈ আহ্বান জনাই এটা টুইট কৰা পৰিলক্ষিত হয়৷ মেৰীকমে টুইটত আবেগভৰা ভাষাৰে এইবুলি উল্লেখ কৰে যে ‘মোৰ ৰাজ্য মণিপুৰ জ্বলিছে, দয়া কৰি সহায় কৰক৷’ একেদৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মণিপুৰৰ হিংসাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ নাগৰিকসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়৷  সেইদৰে তৃণমূল কংগ্ৰেছেও মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে৷ এনে পৰিস্থিতিত তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে গৃহমন্ত্ৰী অমিত শ্বাহক এক পত্ৰযোগে মণিপুৰৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ অনুৰোধ জনায়৷ 

শেহতীয়াকৈ পোৱা বাতৰি মতে মণিপুৰৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে কথা পতা বুলি জানিব পৰা গৈছে৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সংবাদ মাধ্যমক জনায় যে দুটা সম্প্ৰদায়ৰ মাজত হোৱা ভুল বুজাবুজিৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ তেওঁ এনেক্ষেত্ৰত ৰাজ্যৰ জনসাধাৰণলৈ শান্তি-শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনায়৷  এটা ভিডিঅ’ বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়– যোৱা ২৪ ঘণ্টাত ইম্ফল, চুৰাচান্দপুৰ, বিষ্ণুপুৰ, কাংপোকপি, মোৰেহ আদিকে ধৰি কেইটামান অঞ্চলত দুটা ফৈদৰ মাজত সংঘৰ্ষ তথা ধবংসলীলাৰ ঘটনা সংঘটিত হৈছে৷ কেইবাজনৰো মৃত্যু ঘটিছে৷ ভুল বুজাবুজিৰ ফলত হোৱা এই পৰিস্থিতিত আমি সকলোৱে নিজকে সংযত কৰি ৰখা উচিত৷’ তেওঁ আনকি ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ৰ অভাৱ-অভিযোগসমূহ একেটা ভিডিঅ’ বাৰ্তাযোগে সমাধান কৰাৰ আশ্বাস প্ৰদানো কৰে৷ কিন্তু ইয়াৰ পাছতে হিংসা অব্যাহত থকা  বুলি জানিব পৰা গৈছে৷ স্মৰ্তব্য যে মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ কেইদিনমান পূৰ্বে একাংশ লোকে মুখ্যমন্ত্ৰীৰ সভাস্থলী এখনতো অগ্নি সংযোগ কৰিছিল৷ উক্ত ঘটনাত অগ্নি সংযোগকাৰী লোকসকলে আনকি কৰ্তব্যৰত নিৰাপত্তা বাহিনীৰ জোৱানৰ সৈতে সংঘৰ্ষত লিপ্ত হ’বলৈও কুণ্ঠাবোধ কৰা নাছিল৷