Logo
image

গভীৰ নিশা মহানগৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, চালকৰ ৰূপত কন্যা

আমাৰ অসম, ৫মে': নিজৰ অতি ব্যস্ততাপূৰ্ণসূচীৰ মাজতে বুধবাৰে নিশা কন্যাক লগত লৈ গুৱাহাটী চফৰ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিশা গুৱাহাটী পৰিভ্ৰমণ কৰি মহানগৰীখনৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদাহৰণ আছে৷ অৱশ্যে পূৰ্বৰ দৰে বুধবাৰেও নিশাও মুখ্যমন্ত্ৰীৰ এই নৈশ চফৰৰ  সময়ত নাছিল নিৰাপত্তাৰক্ষী আৰু আমোলা বিষয়াৰ কনভয়৷ নিজে চালকৰ আসনত বহি মুখ্যমন্ত্ৰীৰ কন্যাই পিতৃক ঘূৰাই ফুৰায় গুৱাহাটীৰ ৰাজপথত৷ কন্যাৰ সৈতে গভীৰ নিশা গুৱাহাটীৰ ৰাজপথত ঘূৰি ফুৰাৰ চলেৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰাজধানী চহৰখনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি স্বচক্ষে প্ৰত্যক্ষ কৰে৷ শেহতীয়াভাৱে মালিগাঁও, জুৰোড, বশিষ্ঠ চাৰিআলি, গড়চুক, লখৰা চাৰিআলি আদিত নিৰ্মিয়মান অৱস্থাত থকা ফ্লাই অভাৰসমূহৰ বাবে দৈনিক অভাৱনীয় যানজঁটৰ সৃষ্টি হয়৷ উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণসূচীৰ বাবে দিনটো ডিব্ৰুগড়ত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মা গুৱাহাটীত উপস্থিত হোৱাৰ পাছতে পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত ব্যস্ত হৈ পৰে৷ কৰ্ণাটক নিৰ্বাচনক লৈ গৈ যথেষ্ট ব্যস্ত হৈ থকা মুখ্যমন্ত্ৰী ড॰ শৰ্মা বৃহস্পতিবাৰে পুৱাই কাৰ্বি আংলঙত উপস্থিত হয় সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ৷ এনে ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ মাজতে, কিছু সময়ত উলিৱাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কন্যাৰ সৈতে গভীৰ নিশা গুৱাহাটী চফৰ কৰে৷ ইয়াৰ পূৰ্বেও তেওঁ পৰিয়ালৰ সদস্যৰ সৈতে বা নিজৰ ঘনিষ্ঠ দলীয় বিধায়কক লগত লৈ গুৱাহাটীৰ ৰাজপথত নিশা ঘূৰি ফুৰাৰ উদাহৰণ আছে৷ হয়তো নিজৰ অতি ব্যস্ততাপূৰ্ণ ৰাজনৈতিক জীৱনত এনেদৰেই পৰিয়ালৰ  বাবে কিছু সময় উলিয়ায় মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷