Logo
image

নিশা প্ৰতিবাদী মল্লযোদ্ধাক সুৰামত্ত আৰক্ষীৰ আক্ৰমণ

আমাৰ অসম, ৫মে': ভাৰতীয় ৰেছলিং ফেডাৰেশ্বনৰ মুৰব্বী ব্ৰীজভূষণ সিঙে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদৰত মল্লযুঁজাৰুৰ ওপৰত বুধবাৰে নিশা আক্ৰমণ চলায় সুৰামত্ত আৰক্ষীয়ে৷ প্ৰতিবাদী মল্লযোদ্ধাক আৰক্ষীয়ে আক্ৰমণ কৰাৰ ঘটনাক লৈ দেশজুৰি তোলপাৰ লাগিছে৷ ফেডাৰেশ্বনৰ মুৰব্বী ব্ৰীজভূষণ সিঙক গ্ৰেপ্তাৰৰ দাবীত ১১ দিন ধৰি দেশৰ অলিম্পিক বিজয়ী কেইবাগৰাকী মহিলা মল্লযোদ্ধাই কৰা প্ৰতিবাদ অব্যাহত আছে৷ উক্ত প্ৰতিবাদৰ অংশৰূপে প্ৰসিদ্ধ মল্লযোদ্ধা ৱিনেশ ফোগাট আৰু বজৰংগ পুনিয়াই তেওঁলোকৰ বঁটা আৰু পদকসমূহ চৰকাৰক ওভোটাই দিম বুলি ঘোষণা কৰিছিল৷ মল্লযোদ্ধা দুগৰাকীয়ে কয়– মল্লযোদ্ধাৰ প্ৰতি ইমান অপমানৰ পাছত সৰ্বভাৰতীয়ই হওক অথবা বিশ্বমানৰে বঁটাই হওঁক সেইবোৰ নিজৰ লগত ৰখাটো অৰ্থহীন৷ উল্লেখ্য, মল্লযোদ্ধাসকলে ২৩ এপ্ৰিলৰ পৰা দেশৰ ৰাজধানী চহৰ দিল্লীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ ফেডাৰেশ্বনৰ মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজভূষণ সিঙৰ গ্ৰেপ্তাৰৰ দাবীত মল্লযোদ্ধাসকলে দিল্লীৰ যন্তৰ-মন্তৰত অবিৰতভাৱে চলাই গৈছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷ মল্লযোদ্ধাসকলৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থকাৰ সময়তে একাংশ মল্লযোদ্ধাক দিল্লী আৰক্ষীয়ে অভব্য আচৰণ কৰে৷ নিশা প্ৰতিবাদস্থলীলৈ অতিৰিক্তভাৱে মেট্ৰেছ আৰু বেঞ্চ নিব বিচাৰিছিল মল্লযুঁজাৰুসকলে৷ কিন্তু দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুসকলক মেট্ৰেছ আৰু বেঞ্চ নিয়াত বাধা প্ৰদান কৰে৷ মেট্ৰেছ আনিবলৈ যোৱা মল্লযুঁজাৰুৰ ওপৰত আক্ৰমণ চলায় একাংশ সুৰামত্ত আৰক্ষীয়ে৷ ফলত কেইবাগৰাকীও মল্লযুঁজাৰু আঘাটপ্ৰাপ্ত হয়৷ আৰক্ষীৰ অভব্য আচৰণৰ বাবে কান্দোনত ভাগি পৰে কেইবাগৰাকী মল্লযুঁজাৰু৷ দীৰ্ঘদিনে কৰি অহা প্ৰতিবাদৰ পাছতো ফেডাৰেশ্বনৰ অধ্যক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত পদক ঘূৰাই দিয়াৰ হুংকাৰ দিয়ে মল্লযুঁজাৰুসকলে৷ আনহাতে,  বৃহস্পতিবাৰে প্ৰতিবাদী মল্লযোদ্ধাসকলৰ কাষত ঠিয় দিছে আপ আৰু কংগ্ৰেছৰ নেতৃত্ব৷ প্ৰতিবাদীসকলৰ কাষত উপস্থিত হৈছে দিল্লী মহিলা আয়োগৰ অধ্যক্ষাও৷ কিন্তু দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ কাষলৈ যোৱাত বাধা দিছে মহিলা আয়োগৰ অধ্যক্ষাক৷ আৰক্ষীয়ে নিশা থানাত বহুৱাই ৰাখিলে মহিলা আয়োগৰ অধ্যক্ষাক৷ ইয়াকে লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷