Logo
image

২৩ জানুৱাৰীত জেৰেঙা পথাৰত মোদীৰ সভা

আমাৰ অসম, ১৭ জানুৱাৰীঃ উজনি অসমৰ পৰা কংগ্ৰেছকসম্পূৰ্ণৰূপে উচ্চেদ কৰি বিজেপিৰ দখললৈ আনিবৰ বাবে অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে৷ যাৰ বাবে বৰ্তমান ৰাজ্যৰ ৰাজনীতিৰ অভিকেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে ঐতিহাসিক শিৱসাগৰ৷ শেহতীয়াকৈ  শিৱসাগৰ জিলাক বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে নিৰ্বাচনী ৰণচালি তৈয়াৰ কৰাৰ মুখ্য কেন্দ্ৰৰূপে বাছি লৈছে৷ এনে মুহুৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা ২৩ জানুৱাৰীত শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া এখনি বিশাল জনসভাত অংশগ্ৰহণ শিৱসাগৰ চহৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগৰ ঐতিহাসিক জেৰেঙা পথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল গণসমাবেশত প্ৰধানমন্ত্ৰী অংশগ্ৰহণ কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৩ জানুৱাৰীৰ গণসমাবেশতেই এক লাখ ভূমিহীনক ভূমি পট্টাও প্ৰদান কৰিব৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমণৰ সূচী নিশ্চিত হোৱাৰ পিছতেই যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক মন্ত্ৰী যোগেন মহন, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে ৰাজ্যৰ চোৰাংচোৱা বিভাগৰ শীৰ্ষ বিষয়াবৰ্গকে ধৰি এটা দলে ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হৈ সভাস্থলি পৰিদৰ্শন কৰে৷ দলটোৱে জেৰেঙা পথাৰৰ আশে-পাশে থকা ৰাইজৰ সৈতেও এক বৈঠকত মিলিত হয়৷ সাংসদ কামাখ্যা প্ৰসাদ তাছাই শিৱসাগৰ সংবাদ মাধ্যমৰ সৈতে হোৱা আনুষ্ঠানিক বাৰ্তালাপত কয় যে, জাতি-মাটি ভেটি ৰক্ষাৰ শ্ল’গানেৰে দিছপুৰৰ গাদি দখল কৰিবলৈ সক্ষম হোৱা বিজেপি মিত্ৰজোট দলৰ চৰকাৰে বিগত চাৰে চাৰিবছৰীয়া কাৰ্যকালত নিজৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি ইতিমধ্যে এক লাখ খিলঞ্জীয়া ভূমি পুত্ৰক মাটিৰ পট্টা প্ৰদান কৰিছে৷ এতিয়া দ্বিতীয় পৰ্যায়ত আৰু এক লাখ খিলঞ্জীয়া ভূমিপুত্ৰক ভূমি পট্টা প্ৰদানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ অহা ২৩ জানুৱাৰীত জেৰেঙা পথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল গণসমাবেশৰ দিনাই  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ হাতে এই  খিলঞ্জীয়া ভূমিপুত্ৰ সকলক মাটি পট্টা প্ৰদান কৰি এই অভিলাসী আঁচনিখনৰ শুভ উদ্বোধন কৰিব৷ শিৱসাগৰ জিলাখনৰ ভিতৰতেই সৰ্ববৃহৎ কৃষি পথাৰ হিচাপে পৰিচিত ঐতিহাসিক জেৰেঙা পথাৰত ২৩ জানুৱাৰীৰ বিশাল কাৰ্যসূচীক লৈ ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে গণ সমাবেশৰ বাবে পথাৰখন সাজু কৰি তুলিবলৈ নামি পৰিছে চৰকাৰ-প্ৰশাসন৷ আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে প্ৰধান মন্ত্ৰীয়ে দুই লাখ লোকক সম্বোধন কৰিবলগীয়া সভাগৃহৰ লাইখুটা স্থাপন কৰে৷ উক্ত অনুষ্ঠানত শিৱসাগৰ জিলা বিজেপিৰ নেত্ৰী সুৰভী ৰাজকুমাৰী, জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে শতাধিক বিজেপিৰ কৰ্মকৰ্ত্তা উপস্থিত থাকে৷