Logo
image

প্ৰধানমন্ত্ৰীৰ অভয়, চিকিৎসকৰ ভয়

ক’ভিশ্বিল্ড-ক’ভাক্সিন টিকাকৰণ আৰম্ভ

আমাৰ অসম, ১৭ জানুৱাৰীঃ আবেগিক ভাষণ আৰু অভয়বাণী প্ৰদানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শনিবাৰে ভাৰতত বিশ্বৰ সৰ্ববৃহৎ ক’ভিড টিকাকৰণ অভিযানৰ সূচনা কৰিলে৷ ‘দৱাই ভি, কঢ়াই ভি’– অৰ্থাৎ ঔষধো গ্ৰহণ কৰিব লাগিব আৰু কঠোৰভাৱে সাৱধানতাও অৱলম্বন কৰিব লাগিব৷ দেশবাসীক উদ্দেশ্যি এই বাক্যৰ দ্বিৰুক্তি কৰি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰদান কৰা ভাষণৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ক’ভিড যোদ্ধা অৰ্থাৎ চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু চাফাই কৰ্মীৰ বাবে কৰ’না ভাইৰাছৰ প্ৰতিষেধক প্ৰদানৰ বৃহত্তম কাৰ্যসূচী আৰম্ভ কৰে৷ ভাৰতৰ এই সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ প্ৰথমজন অংশীদাৰ অথবা হিতাধিকাৰী হয় দিল্লীৰ চাফাইকৰ্মী মনীশ কুমাৰ৷ দিল্লীৰ সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাৎ এইমছৰ চাফাইকৰ্মী মনীশ কুমাৰৰ শৰীৰত দেশৰ প্ৰথম প্ৰতিষেধক প্ৰয়োগ কৰা হয়৷ ১৩০ কোটি জনসংখ্যাৰ দেশৰ প্ৰথমগৰাকী প্ৰতিষেধক গ্ৰহণ কৰোতা হিচাপে স্বাস্থ্য ইতিহাসৰ পৃষ্ঠাত নাম লিখোৱা মনীশ কুমাৰে কয়–‘আমাৰ লগৰ বহু সতীৰ্থই প্ৰতিষেধক ল’বলৈ ভয় কৰিছে৷ সেয়ে মই আগবাঢ়ি মোৰ জ্যেষ্ঠ সহকৰ্মীক ক’লো, মোকেই প্ৰথমে প্ৰতিষেধক দিয়ক৷ মই সহকৰ্মীসকলৰ ওচৰত প্ৰমাণ কৰিবলৈ বিচাৰিছো যে প্ৰতিষেধকক লৈ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই৷ মোৰ পত্নীয়েও মোক প্ৰতিষেধক ল’বলৈ মানা কৰিছিল৷ মই তেওঁক ক’লো, এয়া মাথোঁ এটা ইঞ্জেকচন, আন একো নহয়৷ প্ৰথম পালি লোৱাৰ পাছত মই পত্নীক ফোন কৰি ক’লো, মোৰ মাক জনোৱা যে মই সুস্থ শৰীৰে আছো৷’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভয় বাণীৰে টিকাকৰণ আৰম্ভ কৰিলেও, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ক’ভিশ্বিল্ডৰ দৰে ভাৰতত উদ্ভাৱন কৰা প্ৰতিষেধক ক’ভাক্সিনো নিৰাপদ বুলি দাবী কৰিলেও সামগ্ৰিকভাৱে প্ৰতিষেধক গ্ৰহণত আৰু বিশেষভাৱে এতিয়াও পৰীক্ষা সম্পূৰ্ণ নোহোৱা ভাৰতীয় প্ৰতিষেধক ক’ভাক্সিন গ্ৰহণ কৰিবলৈ দেশৰ বহু চিকিৎসকে ভয় কৰিছে৷ ক’ভাক্সিনক লৈ ভীতিগ্ৰস্ততা প্ৰকাশ কৰি নতুন দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালৰ সকলো চিকিৎসকে ক’ভাক্সিন ল’বলৈ অস্বীকাৰ কৰে৷ তেওঁলোকে হাস্পতালৰ অধীক্ষকলৈ এখন পত্ৰ লিখি জনাইছে যে তেওঁলোকে ক’ভাক্সিন নলয়৷ তেওঁলোকৰ বাবে অক্সফৰ্ডৰ প্ৰতিষেধক ক’ভিশ্বিল্ড যোগাৰ কৰক৷

ইপিনে প্ৰতিষেধকক লৈ দেশত আতংক বৃদ্ধি পোৱাত আৰু ক’ভাক্সিনৰ প্ৰতি সাধাৰণ স্বাস্থ্যকৰ্মীৰ উপৰি চিকিৎসকো আতংকিত হোৱাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে দেশত ব্যৱহাৰ কৰা দুয়োবিধ প্ৰতিষেধকেই নিৰাপদ আৰু কাৰ্যকৰী বুলি আশ্বাস দিছে৷ তেওঁ অৱশ্যে ক’ভাক্সিনৰ তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা এতিয়াও সম্পূৰ্ণ নোহোৱা বুলি স্বীকাৰ কৰিছে৷ তেওঁ কয়–‘জনসাধাৰণৰ নিৰাপত্তা আমাৰ প্ৰথম অগ্ৰাধিকাৰ৷ ক’ভাক্সিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা চলি আছে৷ সেই পৰীক্ষাৰ ফলাফল চায়েই বিশেষজ্ঞই অনুমোদন জনাইছে৷ ভয়ৰ কোনো কাৰন নাই৷’ উল্লেখ্য, ক’ভাক্সিনক লৈ দেশজুৰি আতংক সৃষ্টি হোৱাত তাৰ অৱসান ঘটাবৰ বাবে আগবাঢ়ি আহিছে এই প্ৰতিষেধকৰ উৎপাদনকাৰী প্ৰতিষ্ঠান হায়দৰাবদৰ ভাৰত বায়’টেক৷ ক’ভাক্সিন গ্ৰহণ কৰোতাৰ স্বাস্থ্যজনিত ক্ষতি হ’লে তেওঁলোকে তাৰ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, ক’ভাক্সিন গ্ৰহণ কৰোতাই নিজৰ অনুমতি সম্বলিত চুক্তিপত্ৰত স্বাক্ষৰ কৰিলেহে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে৷ আনহাতে ক’ভিশ্বিল্ড ল’বলৈ হ’লে গ্ৰহণ কৰোতাৰ মৌখিক অনুমতিয়েই যথেষ্ট৷

শনিবাৰে প্ৰথমদিনাই দেশত ৩,৩৫১টা কেন্দ্ৰত মুঠতে ১,৯১,৭৫৫ জনক প্ৰতিষেধক প্ৰদান কৰা হয়৷ প্ৰতিষেধক প্ৰদান কৰে মুঠ ১৬,৭৫৫ জন স্বাস্থ্যকৰ্মী৷ মহাৰাষ্ট্ৰত ১৪ জনৰ শৰীৰত পাশ্বৰ্প্ৰতিক্ৰিয়া,  দিল্লীত ৪ জনৰ আৰু পশ্চিমবংগত ৩ জনৰ পাশ্বৰ্ প্ৰতিক্ৰিয়া হোৱা বুলি প্ৰাথমিকভাৱে প্ৰকাশ পাইছে৷ অৱশ্যে দেশৰ সকলো স্থানৰ খবৰ এতিয়াও পোৱা হোৱা নাই৷ দেশত এজনকো প্ৰতিষেধক প্ৰদানৰ পাছত চিকিৎসাধীন কৰিবলগীয়া হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে যদিও পশ্চিমবংগত অধিক পাশ্বৰ্ প্ৰতিক্ৰিয়া হোৱা এজন হিতাধিকাৰীক চিকিৎসাধীন কৰা হৈছে৷ কিন্তু চিকিৎসকে এতিয়াও তেওঁৰ অসুস্থতা প্ৰতিষেধক গ্ৰহণৰ বাবে হোৱা বুলি নিশ্চিত কৰা নাই৷