Logo
image

‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক সাম্য ভৰদ্বাজক নাৰদ সন্মান

আমাৰ অসম, ৭ মে’: নাৰদ জয়ন্তীৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ বৰবাৰীৰ ‘সুদৰ্শনালয়’ত শনিবাৰে বিয়লি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা ‘সঁফুৰা’ৰ সম্পাদক ৰূপম বৰুৱাক ২০২৩ বৰ্ষৰ ‘দেৱৰ্ষি নাৰদ জয়ন্তী বঁটা’ প্ৰদান কৰা হয়৷ এই বঁটাত আছে ৫০ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ, কিতাপৰ টোপোলা, ভাৰতমাতাৰ ছবি আদি৷ নাৰদ জয়ন্তী উপলক্ষে আয়োজিত একেটা অনুষ্ঠানতে ‘দৈনিক অসম’ কাকতৰ চীফ ৰিপ’ৰ্টাৰ জিতেন্দ্ৰ কুমাৰ চৌধুৰী, ‘আমাৰ অসম’ কাকতৰ চীফ ৰিপ'ৰ্টাৰ সাম্য ভৰদ্বাজ আৰু গুৱাহাটী দূৰদৰ্শনৰ জ্যেষ্ঠ ষ্টাফ ৰিপ’ৰ্টাৰ শেৱালি কলিতাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷

‘বিশ্ব সংবাদ কেন্দ্ৰ, অসম’ৰ উদ্যোগত অনুষ্ঠিত দেৱৰ্ষি নাৰদ জয়ন্তীৰ বিশেষ অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সহঃ প্ৰচাৰ প্ৰমুখ নৰেন্দ্ৰ কুমাৰ৷ ভাষণ প্ৰসংগত তেওঁ কয়– ‘যুগল কিশোৰ শৰ্মাই কলকাতাৰ পৰা তাহানিতে নাৰদ জয়ন্তীত কাকত প্ৰকাশ কৰি, দাদাচাহেব ফােল্কেই ‘ৰজা হৰিশ্চন্দ্ৰ’ ছবি নিৰ্মাণ কৰি দেশাত্মবোধক জনজাগৰণলৈ পৰিণত কৰিছিল৷ দেশৰ স্বাভিমান, ঐতিহ্য আৰু ভৱিষ্যদৰ্শন সাংবাদিকতাৰ প্ৰতিভু৷ ক’ভিডকালত সাংবাদিকসকলে সাহিসকতাৰে নিজৰ সেৱা আগবঢ়াই সাহসৰ প্ৰতীক হৈ পৰিছে৷ নেতিবাচক বাতৰিক সমাজে সদায় নাকচ কৰি আহিছে৷’

ইফালে, নাৰদ জয়ন্তী বঁটা গ্ৰহণ কৰি বিশিষ্ট সাংবাদিক ৰূপম বৰুৱাই কয়–‘সৰস্বতী বঁটা, অজুৰ্ন বঁটা বা ইউৰোপৰ হাৰকিউলিচ, অলিম্পিক খেল আদিয়ে একোটা সাংস্কৃতিক ঐতিহ্য বহন কৰি আহিছে৷’ শনিবাৰৰ বিশেষ অনুষ্ঠানটোত গুৰুপ্ৰসাদ মেধি, কিশোৰ শিৱম, নৱ ঠাকুৰীয়া, উৎপল দত্ত আদি বিশ্ব সংবাদ কেন্দ্ৰ (অসম)ৰ দায়িত্ববাহীসকল উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে ভাৰত মাতা আৰু দেৱৰ্ষি নাৰদৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়৷ অনুষ্ঠানত নাৰদ প্ৰশস্তি পৰিবেশন কৰে শিল্পী শৰৎ ৰাগে৷ উল্লেখ্য, বিশ্বৰ প্ৰথমগৰাকী সাংবাদিক দেৱৰ্ষি নাৰদে সমাজক সজাগ আৰু সচেতন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ এনে এক ভাৱাদৰ্শৰে বিশ্ব সংবাদ কেন্দ্ৰ, অসমে প্ৰতিবছৰে দেৱৰ্ষি নাৰদ জয়ন্তী উদ্‌যাপন কৰি বক্তৃতানুষ্ঠান, বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি আহিছে৷