Logo
image

অ’ভাৰলেপিং! এজন প্ৰাৰ্থীকে ৪-৫টা পদত বাছনি, ৫১ হাজাৰ নিযুক্তিৰ অৰ্ধেকো পূৰ্ণ নহ’ব

আমাৰ অসম, ৭ মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ১০ মে’ত সম্পূৰ্ণ কৰিব দ্বিতীয় বৰ্ষপূৰ্তি৷ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ১ লাখ চৰকাৰী চাকৰিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰীয়ে ১১ মে’ত খানাপাৰাত ৫১ হাজাৰ নিবনুৱাৰ হাতত তুলি দিব নিযুক্তি পত্ৰ৷ ইতিমধ্যে তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যিক নিযুক্তি আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে৷ তৃতীয় বৰ্গৰ পদসমূহৰ শনিবাৰে বিভাগ আৱণ্টন দিয়াৰ লগতে চতুৰ্থবৰ্গৰ পদৰ উপৰি আন বিভিন্ন সমূহৰো এখনৰ পাছত এখনকৈ নিযুক্তি তালিকা ৰাজহুৱা কৰিছে৷ 

তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১১ মে’ত খানাপাৰাত প্ৰায় ৫১ হাজাৰ নিবনুৱাৰ হাতত নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি সদম্ভ ঘোষণা কৰিছে যদিও বাস্তৱত ইয়াৰ মাত্ৰ ৫০ শতাংশ পদহে পূৰণ হ’ব বুলি চৰ্চা লাভ কৰিছে৷ চৰ্চা অনুসৰি ৫১ হাজাৰ পদৰ বিপৰীতে ২০-২৫ হাজাৰ নিবনুৱাইহে প্ৰকৃততে সংস্থাপন লাভ কৰিব আৰু বিপৰীতে অৰ্ধেক সংখ্যক পদ খালী হৈ ৰ’ব৷ চৰকাৰে ঘোষণা কৰা পদৰ বিপৰীতে ৫০ শতাংশ পদহে পূৰণ হোৱাৰ মূল কাৰণটো হৈছে অ’ভাৰলেপিং৷ অৰ্থাৎ তৃতীয় বৰ্গৰ চাকৰিত এজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৪ টা পদত বাছনি লাভ কৰাত অধিকাংশ পদেই খালী হৈ ৰ’ব৷ শনিবাৰে ৰাজ্যিক নিযুক্তি আয়োগে তৃতীয় বৰ্গৰ পদৰ বাছনিকৃত প্ৰাৰ্থীৰ বিভাগ বিতৰণ কৰাৰ পাছতেই একোজন প্ৰাৰ্থী ৪-৫ টা বিভাগৰ পদত চাকৰি লাভ কৰাটো স্পষ্ট হৈ পৰিছে৷ কোনো এজন প্ৰাৰ্থীয়ে বিত্ত, হস্ততাঁত বস্ত্ৰ বিভাগ, গৃহ আৰু ৰাজনীতি বিভাগ আৰু জলসিঞ্চন বিভাগত কনিষ্ঠ সহায়ক, খণ্ড সহায়ক পদত নিযুক্তি লাভ কৰাৰ বিপৰীতে আন কোনোৱে আকৌ খাদ্য সুৰক্ষা বিভাগ, কাৰিকৰী শিক্ষা বিভাগ, জলসিঞ্চন আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগত উপ-পৰিদৰ্শক, কনিষ্ঠ সহায়ক পদত নিযুক্তি লাভ কৰিছে৷ 

বৰাকৰ সুদীপা ৰায় নামৰ প্ৰাৰ্থীজনে সমাজ কল্যাণ, জলসিঞ্চন, ভূমি সংৰক্ষণ আৰু জল সম্পদ বিভাগত নিযুক্তি লাভ কৰিছে৷ চৰকাৰৰ এই কাৰ্যত ক্ষোভ ব্যক্ত কৰি চি পি আই (এম)ৰ সদস্য সচিব নিৰংকুশ নাথে অভিযোগ কৰি কয়–‘কেৱল তৃতীয়-চতুৰ্থ বৰ্গৰ ৰাজ্যিক নিযুক্তি আয়োগে বাছনি কৰা পদ সমূহতে অ’ভাৰলেপিং হোৱা নহয়, আন আন বিভাগসমূহতো ব্যাপক মাত্ৰাত অ’ভাৰলেপিং হৈছে৷ অৰ্থাৎ আন্তঃবিভাগ আৰু বহিঃ বিভাগ দুটা পৰ্যায়ত অ’ভাৰলেপিং হৈছে৷ তৃতীয়-চতুৰ্থ বৰ্গৰ চাকৰিৰ ৪-৫ টা পদত নিযুক্তি লাভ কৰা একোজন মেধাৱী প্ৰাৰ্থীয়ে আৰক্ষী-শিক্ষা আদি বিভাগতো বাছনি লাভ কৰা দেখা গৈছে৷ যাৰ বাবে বাছনি পোৱা সকলেহে চাকৰি লাভ কৰিছে৷ চৰকাৰে ৰাজ্যৰ নিবনুৱাৰ ভৱিষ্যত জড়িত বিষয়টো পুনৰ বিবেচনা কৰা উচিত৷’ ইফালে চৰকাৰৰ সঠিক পৰিকল্পনাহীনতাৰ বাবেই এজন প্ৰাৰ্থীয়ে ৩-৪ টা পদত বাছনি লাভ কৰাৰ দৰে কাৰ্য সংঘটিত হোৱাৰ অভিযোগ কৰিছে ফাইট এগেইষ্ট ইনজাষ্টিচ অৱ এপিএছচিয়ে৷ সংগঠনটোৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই অভিযোগ কৰি কয়–‘নিযুক্তি আয়োগে যদিহে প্ৰথমেই অগ্ৰাধিকাৰৰ ভিত্তিত আবেদনৰ সুযোগ দি এপিএছচিৰ দৰে এটা পদৰ বিপৰীতে এজনকৈ প্ৰাৰ্থীক চূড়ান্ত বাছনি কৰা হ’লে প্ৰকৃতাৰ্থত ১ লাখ নিবনুৱাই নিযুক্তি লাভ কৰিলেহেঁতেন৷ এতিয়া অ’ভাৰলেপিঙৰ বাবে ১ লাখ পদৰ সংখ্যাটো বাস্তৱত ৫০-৬০ হাজাৰতে সীমাৱদ্ধ হৈ থাকিব৷  এনে হ’লে মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি চমকৰ বাহিৰে আন একো নহয়৷’ 

ইফালে এটা বিবৃতিত ডি ৱাই এফ আইৰ সম্পাদক ৰিতু ৰঞ্জন দাস আৰু সভাপতি ৰুস্তম আলীয়ে কয়–আজি প্ৰকাশিত তৃতীয় বৰ্গৰ বিভাগ বিতৰণ আৰু স্নাতক- স্নাতকত্তোৰ শিক্ষক নিযুক্তিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাই প্ৰমাণ কৰিছে ভয়াবহ অ’ভাৰলেপিঙৰ সমস্যা৷ ডি ৱাই এফ আই আশংকা কৰা ধৰণেই হৈছে অ’ভাৰলেপিং৷ তৃতীয় বৰ্গৰ পদৰ বিভাগসমূহ নিৰ্দিষ্ট কৰাৰ পাছত দেখা গৈছে একেজন প্ৰাৰ্থীয়ে দুটাৰ পৰা চাৰিটা পদলৈ নিৰ্বাচিত হৈছে৷ একেদৰে নিশা প্ৰকাশ কৰা হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰতো দেখা গৈছে অ’ভাৰলেপিং৷ একেজন প্ৰাৰ্থীয়ে চৰকাৰী উচ্ছ মাধ্যমিক বিদ্যালয়, প্ৰাদেশিকীকৃত উচ্ছ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰাদেশিকীকৃত উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে বাছনিকৃত হৈছে৷ এই দুয়োটা বিভাগৰ ফলাফলে প্ৰমাণ কৰিছে যে চৰকাৰে গণি গণি ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হ’বগৈ৷  অ’ভাৰলেপিঙৰ ফলত ৫১ হাজাৰৰ ঠাইত প্ৰকৃততে ২০-২৫ প্ৰাৰ্থীৰহে নিযুক্তি হ’ব৷  ডি ৱাই এফ আইয়ে ফলাফল ঘোষণাৰ আগৰে পৰাই বিষয়টোক লৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সমাধানৰ পথ মুকলি কৰিবলৈ দাবী জনাইছিলো৷ অ’ভাৰলেপিঙৰ সমস্যা সমাধানৰ বাবে প্ৰস্তাৱ আছিল- এটা ৱেব প’ৰ্টেল মুকলি কৰি পচন্দৰ পদত অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা আৰু এক অপেক্ষাৰ তালিকা (Waiting list) প্ৰস্তুত কৰা৷ কিন্তু চৰকাৰে বিষয়টো উৰুৱাই দি অ’ভাৰলেপিঙৰ কোনো সমস্যাই নহয় বুলি ঘোষণা কৰিছিল৷ আজিৰ তাৰিখত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ এই আন্তৰিকতাহীন আৰু চমক সৃষ্টিকাৰী নীতিৰ বাবে আশাহত হৈ পৰিছে৷ অকল অ’ভাৰলেপিঙে নহয় গোটেই নিযুক্তি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা আৰু নিৰপেক্ষাতকলৈও প্ৰশ্ন উদয় হৈছে৷ ফলাফল ঘোষণা হ’ল যদিও আজিলৈ সকলো উত্তীৰ্ণৰ এখন তালিকা, তেওঁলোকৰ প্ৰাপ্ত নম্বৰ বা কাট-অফ নম্বৰ ঘোষণা নকৰিলে৷ এনেবোৰ কথাই বাছনিৰ ক্ষেত্ৰত স্বজন-তোষণ হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ চৰকাৰে নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অ’ভাৰলেপিঙৰ সমস্যা সমাধন কৰক৷ প্ৰাপ্ত নম্বৰসহ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি ৱেটিং লিষ্টৰ ব্যৱস্থা কৰক৷ অসমৰ বিজেপি চৰকাৰে নিবনুৱাৰ এই মৰ্ম বেদনা উপলদ্ধি কৰিব নোৱাৰিলে আগন্তুক সময়ত প্ৰতিৰোধ আন্দোলন গঢ়ি তুলিবলৈ আগবাঢ়ি আহিব আৰু প্ৰতাৰক চৰকাৰখনক গাদীচ্যুত হ’বলৈ কৰোৱাব৷’