Logo
image

সংগীতা বৰুৱা পিছাৰটিলৈ ‘পৰাগ দাস সাংবাদিকতা বঁটা’

আমাৰ অসম, ৮ মে’: ‘২০২৩ চনৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক সংগীতা বৰুৱা পিছাৰটিলৈ-দেওবাৰে গুৱাহাটী প্ৰেছ  ক্লাবত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে মঞ্চৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈয়ে৷ তেওঁ লগতে কয়– অসমৰ জীয়াৰী সংগীতা বৰুৱা পিছাৰটি ‘দ্য ৱায়াৰ’ সংবাদগোষ্ঠীৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ আৰু চীফ অৱ ব্যুৰ পদত কৰ্মৰত৷ ২০১৬ চনত এই প্ৰতিষ্ঠানটোত তেওঁ ডেপুটি এডিটৰ হিচাপে যোগদান কৰিছিল৷ ২০০২ চনৰ পৰা ২০১৫ চনলৈ দ্য হিন্দুৰ ডেপুটি এডিটৰ হিচাপে কাম কৰা সংগীতা বৰুৱাই সংবাদ- সংস্থা ইউএনআই আৰু ‘দ্য নেশ্যনেল হেৰাল্ড’ কাকততো কাৰ্যনিৰ্বাহ কৰিছিল৷ কেবাখনো গ্ৰন্থৰ ৰচয়িতা সংগীতা বৰুৱাৰ পিছাৰটিৰ বহুপঠিত গ্ৰন্থ ‘আছামঃ দ্য একৰ্ড, দ্য ডিছকৰ্ড প্ৰকাশ কৰিছে বিশ্বৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী পেংগুইনে৷ ‘অসমীয়াত্ব’ বিষয়টোক মুখ্য বিষয় হিচাপে লৈ ইংৰাজীত লিখা আন এখন নতুন গ্ৰন্থ ‘দ্য আছামিজ’ অলপতে প্ৰকাশ পাব৷ পৰাগ কুমাৰ দাসৰ ওপজা দিন ২৪ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰি অহা হৈছিল যদিও ২০২২ চনৰ পৰা তেওঁৰ পৰিয়ালৰ লগত হোৱা আলোচনামৰ্মে তেওঁৰ মৃত্যু তিথি ১৭ মে’ত এই বঁটা প্ৰদান কৰা হয়৷ নিৰ্ভীক সাংবাদিক, লেখক, মানবাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ জীৱন সংগ্ৰাম আৰু জাতীয় চেতনা নতুন প্ৰজন্মৰ মাজত যাতে নীৰস্তৰ চৰ্চা হৈ থাকে, সেই উদ্দেশ্যৰে পৰাগ কুমাৰ দাসৰ একাংশ সতীৰ্থই এই বঁটা প্ৰদান কৰি আহিছে৷ এইবাৰ বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট লেখক তথা সেইসময়ৰ ‘বুধবাৰ’ৰ নিয়মীয়া স্তম্ভ লেখক, গল্পকাৰ দেৱব্ৰত দাসক বিশেষভাবে সম্বৰ্ধনা জনোৱা হ’ব৷ ‘পৰাগ কুমাৰ দাসৰ সাংবাদিকতাৰ বৰ্তমান সময়ত প্ৰাসংগিকতা সন্দৰ্ভত আলোকপাত কৰি স্মাৰক বক্তৃতা প্ৰদান কৰিব বিশিষ্ট অধিবক্তা শান্তনু ঠাকুৰে৷ অনুষ্ঠানটোত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব পৰাগ কুমাৰ দাসৰ পৰিয়ালবৰ্গই৷ বিশেষ অতিথি হিচাপে উপস্থিত থাকি এই বঁটা প্ৰদান কৰিব বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাই৷ এই বঁটাত আছে নগদ ২৫ হাজাৰ টকা, এখন প্ৰশংসা পত্ৰ, এটা স্মাৰক, জাপি, চেলেংচাদৰ আদি৷ গুৱাহাটী প্ৰেছ ক্লাবত ১৭ মে’ৰ দিনৰ ৰ বজাত অনুষ্ঠিত হ’বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ৷’  সংবাদ মেলত মঞ্চৰ সদস্য ধৈৰ্য হাজৰিকা, বেদব্ৰত বৰা, কিশোৰ ভট্টাচাৰ্য উপস্থিত থাকে৷