Logo
image

সুদক্ষিণাৰ বুকু উদং কৰি পুত্ৰ শিল্পী ঋষিৰাজৰ মৃত্যু

আমাৰ অসম, ৮ মে’: বিশিষ্ট সংগীত শিল্পী, গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা ঋষিৰাজ শৰ্মাৰ দেওবাৰে পুৱা মৃত্যু হয়৷ গুৱাহাটীৰ দক্ষিণ শৰাণীয়া নিবাসী বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মা দেওবাৰে পুৱা হঠাৎ অসুস্থ হোৱাত তেওঁক ততাতিয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয়৷ হাস্পতালত পুৱা প্ৰায় ৭ বাজি ৩০ মিনিটত তেওঁৰ মৃত্যু হয়৷ তেওঁ দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত ভুগি আছিল৷ বহুদিনীয়া চিকিৎসাৰ অন্তত বৃক্ক সংৰোপণ কৰাৰ পাছত তেওঁ কিছু পৰিমাণে সুস্থও হৈছিল৷ শনিবাৰে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত  তেওঁ অনুষ্ঠান পৰিৱেশন কৰিছিল৷ কিন্তু হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুৱা  গুৱাহাটী চিকিসাৎ মহাবিদ্যালয় হাস্পতাল ভৰ্তি কৰোৱা হয়৷ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি হাস্পতালৰ তৰফৰ পৰা জানিবলৈ দিয়ে৷ ঋষিৰাজ  শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৫ বছৰ৷  যশস্বী সংগীত শিল্পী প্ৰয়াত দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ সুপুত্ৰ ঋষিৰাজ শৰ্মা পেচাত অধিবক্তা আছিল যদিও সংগীতৰ জগতখনত বিশেষ অৱদান আগবঢ়াই গৈছে৷ তেওঁ শৈশৱৰে পৰা সংগীতৰ জগতখনৰ সৈতে একাত্ম হৈ পৰিছিল৷ পিতৃৰ বিয়োগৰ পাছত মাতৃ তথা গণশিল্পী সুদক্ষিণা শৰ্মাৰ সৈতে তেওঁ  বিভিন্ন অনুষ্ঠানত একেলগে গীত পৰিবেশন কৰি দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল৷ ভাৰতীয় গণনাট্য সংঘত  যশস্বী শিল্পী প্ৰয়াত দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাই গোৱা গীতসমূহ বিশেষকৈ ভাৰত ৰত্ন প্ৰয়াত ড॰ ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আদিৰ গীত সমূহ সুন্দৰকৈ পৰিবেশন কৰিছিল ঋষিৰাজ শৰ্মাই৷ ঋষিৰাজ শৰ্মাই ডনবস্ক’ স্কুলৰ পৰা  স্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পাছত কটন কলেজত উচ্ছ শিক্ষা গ্ৰহণ কৰে৷ তাৰ পাছত দিল্লীত অৰ্থনীতি বিষয়ত শিক্ষাগ্ৰহণ কৰাৰ লগতে শংকৰ ছই ইণ্টাৰনেশ্বনেলৰ পৰা ইলাষ্ট্ৰেচন আৰু ডিজাইনৰ পাঠ্যক্ৰম গ্ৰহণ কৰে৷ তেওঁ দিল্লীৰ ৰামজা কলেজৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত গুৱাহাটীৰ চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ত যোগদান কৰে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী লাভ কৰে৷ তেওঁ ১৯৯৮ -৯৯ চনৰ পৰা উকালতি জীৱন আৰম্ভ কৰে৷ তেওঁ ললিতকলা একাডেমীৰ লগতে বিভিন্ন ৰাজ্যিক, ৰাষ্ট্ৰীয় কৰ্মশালা আৰু কলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল৷ উল্লেখ্য, সুদক্ষিণা শৰ্মাৰ  জ্যেষ্ঠ পুত্ৰ ঋতুপূৰ্ণ শৰ্মা আৰু বোৱাৰীয়েক ভানু শৰ্মাৰ ইতিমধ্যে মৃত্যু হৈছে৷ দেওবাৰে মাতৃৰ বুকু উদং কৰি  শিল্পীপুত্ৰ ঋষিৰাজ আঁতৰি গ’ল উভতি নহা বাটেৰে৷ অসুস্থ  তথা অৰ্ধচেতন অৱস্থাত থকা মাতৃ, ভাৰতৰত্ন প্ৰয়াত ড॰ ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মাই এই পৰ্যন্ত লাভ কৰা নাই মৰমৰ পুত্ৰৰ মৃত্যুৰ সংবাদ৷ এক শোকাকূল পৰিবেশত বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ নশ্বদেহ হাস্পতালৰ পৰা গুৱাহাটীৰ দক্ষিণ শৰণীয়াস্থিত বাসগৃহলৈ নিয়া হয়৷ বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানলৈ নিয়া হয়৷ নৱগ্ৰহ শ্মশানত তেওঁৰ  অন্তেষ্টিক্ৰিয়া কৰা হয়৷ একমাত্ৰ কন্যা ৰঙে বহু গণ্যমান লোকৰ উপস্থিতিত মুখাগ্নী কৰে৷ মৃত্যুৰ সময়ত তেওঁ মাতৃ গণশিল্পী  সুদক্ষিণা শৰ্মা, পত্নী হীৰাশ্ৰী শৰ্মা একমাত্ৰ কন্যা ৰঙ, ভগ্নী ৰিজুশ্ৰীৰ  লগতে আত্মীয় স্বজন, বহু সংখ্যক গুণমুগ্ধক এৰি যায়৷ হাঁহি মুখীয়া, সুন্দৰ মনৰ ব্যক্তি ঋষিৰাজ শৰ্মাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক অনুষ্ঠানত শোকৰ ছাঁ পৰে৷ তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক শোকবাৰ্তাত  কয়– বিশিষ্ট সংগীত শিল্পী ঋষিৰাজ শৰ্মাৰ অকাল বিয়োগৰ খবৰটো পাই ব্যথিত হ’লোঁ৷ অসমৰ সংগীত জগতৰ অতি চিনাকি নাম, অমায়িক ব্যক্তিত্ব শৰ্মাৰ বিয়োগ আমাৰ বাবে বৃহৎ ক্ষতি৷ তেওঁৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷ এই দুখৰ মুহূৰ্তত তেওঁৰ শোকস্তব্ধ মাতৃ সুদক্ষিণা শৰ্মাৰ লগতে পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ উল্লেখ্য, তেওঁৰ কণ্ঠত আছিল এক নিজস্ব শৈলী৷ গণশিল্পী  দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মাৰ পুত্ৰ, বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, লেখক ঋষিৰাজ শৰ্মাৰ বিয়োগত ভিন ভিন দল-সংগঠনে  গভীৰ শোক প্ৰকাশ কৰে৷ বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্‌ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড॰ হৰ কুমাৰ নাথ, গীতিকাৰ-সাহিত্যিক শচীন দাস, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ, অসম প্ৰদেশ কমিটীৰ প্ৰাক্তন সচিব প্ৰধান কমল কলিতা, পৰিষদৰ গুৱাহাটী জিলা কমিটীৰ সভাপতি নিশুতি মজুমদাৰ, অসম শিশু সাহিত্য সমাজ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, আজাৰা সাহিত্য সভাৰ সভাপতি ৰাতুল চন্দ্ৰ গোস্বামী, পৰাগজ্যোতি প্ৰকাশনৰ হৈ স্বপ্না শৰ্মা, স্বেচ্ছাসেৱী অনুষ্ঠান ‘ৰং‘আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি সংগীত জগতৰ চিনাকি মুখ লগতে মৃত্যুৰ আগলৈ মাতৃৰ সৈতে একেলগে সমাজ সচেতন গীত গাই যি এক মহান নিদৰ্শন দাঙি ধৰি থৈ গ’ল  সেয়া সদায় স্মৰণীয় হৈ থাকিব বুলি কয় ৷ তেওঁৰ বিদেহ আত্মাৰ সদ্‌গতি কামনা কৰাৰ লগতে পৰিয়ালৰ প্ৰতি সমবেদনা সকলো দল-সংগঠনে একেমুখে কামনা কৰে৷ ইফালে সদৌ অসম ছাত্ৰ সন্থা, সদৌ গুৱাহাটী ছাত্ৰ সন্থা, ইলোৰা বিজ্ঞান মঞ্চ, ডাঃ হিতেশ বৰুৱা, কমল কটকী, বামপন্থী নেতা হেমেন দাস, সুপ্ৰকাশ তালুকদাৰে, ইচফাজুৰ ৰহমান, পৰমানন্দ মজুমদাৰ, শিক্ষাবিদ ড॰ সীতানাথ লহকৰ, শিল্পী লোকনাথ গোস্বামী, গীতিকাৰ কীৰ্তিকমল ভূঞা, জীনাৰাজকুমাৰী, মণিষা হাজৰিকা, সমৰ হাজৰিকা, আই পি টি এ, গুৱাহাটী আটিষ্ট গীল্ড, চি পি আই, চি পি এম আদিয়ে শোক প্ৰকাশ কৰে৷