Logo
image

নলবাৰী মেডিকেলত অক্সিজেনৰ অভাৱত প্ৰসূতিৰ মৃত্যু

আমাৰ অসম, ৮ মে’: নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সন্তান প্ৰসৱৰ পিছতেই অক্সিজেনৰ অভাৱত প্ৰসূতি গৰাকীৰ মৃত্যু ঘটা বুলি উত্থাপিত অভিযোগক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ উল্লেখ্য যে শনিবাৰে বৰমা বজাৰ চ’কৰ জ্যোতিষ হালৈ নামৰ লোকজনৰ  পত্নী ৰিংকু হালৈয়ে প্ৰসৱ কৰিছিল এটি সন্তান৷ সন্তান প্ৰসৱৰ পিছত অসুস্থ হৈ পৰা মহিলাগৰাকীৰ কিছু সময় পিছত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে৷ উক্ত চিকিৎসালয়খনত হঠাতে মহিলাগৰাকী মৃত্যু ঘটাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ অক্সিজেনৰ অভাৱত মহিলা গৰাকীৰ মৃত্যু ঘটা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ উত্থাপন কৰিছে প্ৰসূতিৰ পৰিয়ালৰলোকে৷ চিকিৎসালয়খনক লৈ চৰকাৰে যিমান ঢাক-ঢোল বজাইছিল, সেই অনুপাতে চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধা নথকা বুলিও অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে৷ আনহাতে, নলবাৰী চহৰস্থিত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত থকা ব্লাড বেংকৰ পৰা তেজ আনিব লগা হোৱাত যথেষ্ট সময়ৰ প্ৰয়োজন হয় বুলিও দুৰ্ভগীয়া পৰিয়ালটোৱে অভিযোগ উত্থাপন কৰিছে৷ ইফালে সদ্যোজাত সন্তানটোক আইচিইউত ৰখা হৈছে বুলি জানিব পৰা গৈছে৷