Logo
image

যোৰহাটৰ নীলা ছবি-কাণ্ড সামাজিক স্খলনৰে ভয়ংকৰ ৰূপ

আমাৰ অসম, ৮ মে’: ক’ভিড সৃষ্ট পৰিস্থিতিত ম’বাইল ফোন, লেপটপ, ইণ্টাৰনেট আদিৰ সৈতে অভ্যস্ত হৈ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিক স্খলনৰ আভাস কিছু দিনৰ পূৰ্বেই পোৱা গৈছিল৷ শেহতীয়াকৈ যোৰহাটত কোমল বয়সীয়া কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে নীলা ছবি নিৰ্মাণ কৰি পৰ্ণ চাইটত আপলোড কৰা ঘটনাই এই নৈতিক স্খলনৰ জ্বলন্ত প্ৰমাণ দাঙি ধৰিলে৷ উল্লেখ্য, নীলা ছবি নিৰ্মাণত জড়িত ছাত্ৰীগৰাকীৰ লগতে মূল নায়ক অভিষেক  কাশ্যপ সম্প্ৰতি স্নাতক দ্বিতীয় ষান্মাসিকৰ শিক্ষাৰ্থী আৰু এই চক্ৰৰ সৈতে জড়িত আনজন ছাত্ৰ কৃশল্য শৰ্মা স্নাতক চতুৰ্থ ষান্মাসিকত অধ্যয়নৰত৷ যি সময়ত তেওঁলোকে এ’ণ্ড ছেমিষ্টাৰ পৰীক্ষাৰ বাবে ব্যস্ত হ’ব লাগিছিল, সেই সময়ত তেওঁলোক ব্যস্ত হৈ পৰিল নীলা ছবি নিৰ্মাণত৷ উল্লেখ্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ এইবাৰৰ ছেমিষ্টাৰ পৰীক্ষালৈ মাজত আছে মাত্ৰ দুটা দিন৷ ইয়াৰ প্ৰাকক্ষণত নীলা ছবি নিৰ্মাণত ব্যস্ত হোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনকৈ ছাত্ৰ-ছাত্ৰীক৷ শাৰীৰিক সুখ আৰু ধন ঘটনাৰ আহিলা হিচাপেই মেধাৱী ছাত্ৰ-ছাত্ৰীকেইজনে নীলা ছবি নিৰ্মাণৰ অন্ধকাৰ জগতখনত খোজ পেলায়৷ আজি যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে এক সংবাদমেলত এই কথা সদৰী কৰে৷ আৰক্ষী বিষয়াজনে কয় যে প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি তেওঁলোকে ‘এণ্টাৰটেইনমেণ্ট’ আৰু ধন ঘটনাৰ বাবেই নীলা ছবি নিৰ্মাণত জড়িত হৈ পৰে৷ কেইদিনমান পূৰ্বে মক্ষিৰাণীৰ ৰূপত অৱতীৰ্ণ হোৱা কলেজীয়া ছাত্ৰীগৰাকীয়ে তেওঁক ধৰ্ষণ কৰি ভিডিঅ’ ভাইৰেল কৰা বুলি এক অভিযোগ আনি যোৰহাট সদৰ থানাত গোচৰ তৰিছিল৷ এই সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩২৮, ৩৭৬, ৩৫৪ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৭ [এ] ধাৰাৰ অধীনত ১১৫/২৩ নম্বৰৰ এটা গোচৰ পঞ্জীভুক্ত কৰি অনুসন্ধান চলায় আৰু কৃশল্য শৰ্মা নামৰ এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতত ৰাখিছে৷ কিন্তু সত্য বেছিদিন লুকুৱাই ৰাখিব নোৱাৰি৷ আজি অতিৰিক্ত আৰক্ষী অধীক্ষকজনে প্ৰকাশ কৰা মতে আৰক্ষীয়ে লাভ কৰা অশ্লীল ভিডিঅ’সমূহ পৰীক্ষা কৰি থকা হৈছে আৰু এয়া বলপূৰ্বকভাৱে নিৰ্মাণ কৰা হোৱা নাছিল বুলি আৰক্ষী নিশ্চিত হৈছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মক্ষিৰাণী স্বৰূপ ছাত্ৰীগৰাকীৰ দুয়োজন ছাত্ৰৰ লগতে সম্পৰ্ক থকা বুলিও আৰক্ষী বিষয়াজনে সদৰী কৰে৷ ইফালে ছাত্ৰীগৰাকীয়ে তৰা গোচৰ আৰু ঢেকেলীয়া গাঁৱৰ দেৱেন কলিতা নামৰ আত্মহত্যাৰ পাছত নীলা ছবি নিৰ্মাতা চক্ৰৰ আতিশয্য সম্পৰ্কে পুলিবৰ থানাত পঞ্জীভুক্ত গোচৰ দুটাৰ মাজত সম্পৰ্ক থকা বুলিও তেওঁ সদৰী কৰে৷ যি গৰাকী ছাত্ৰীয়ে যোৰহাট থানাত গোচৰ তৰিছিল, সেইগৰাকী ছাত্ৰীক পুলিবৰ থানাত পঞ্জীভুক্ত গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তিনিদিন নিজৰ জিম্মাত লৈছে৷ ইফালে নীলা ছবি নিৰ্মাণ কৰা অভিষেক কাশ্যপ নামৰ ছাত্ৰজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ লেপটপ আৰু মোবাইল ফোন আৰক্ষীয়ে জব্দ কৰিছে৷ তেওঁৰ লেপটপত অশ্লীল ভিডিঅ’ আৰু এইসমূহ পৰ্ণ চাইটত আপলোড কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সদৰী কৰে৷ এই চক্ৰটোৰ সৈতে অধিক লোক জড়িত থাকিব পাৰে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সদৰী কৰে৷