Logo
image

আজি ইভিএমবন্দী হ’ব কৰ্ণাটকৰ ভাগ্য

আমাৰ অসম, ১০ মে’:  ৰাজনীতিত প্ৰত্যক্ষভাৱে ৰামভক্ত হনুমানৰ প্ৰৱেশ আৰু নিৰ্বাচনী প্ৰচাৰৰ সমাপ্তি ঘটাৰ এদিন পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীলৈ মুকলি চিঠি প্ৰেৰণ কৰা স্বত্বেও যদি বিজেপিয়ে ৩৮ বছৰীয়া প্ৰতিবন্ধকতা অতিক্ৰম কৰিব নোৱাৰি কৰ্ণাটকত ক্ষমতা অক্ষুণ্ণ ৰখাত ব্যৰ্থ হয়, তেন্তে অনাগত দিনত দাক্ষিণাত্যত গেৰুৱা দলৰ বিজয় দংকা বজোৱাৰ পৰিকল্পনা একপ্ৰকাৰ ধুলিসাৎ হ’ব৷ সোমবাৰে বিয়লি ৫ বজাত কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক সামৰণি পৰাৰ পাছত মঙলবাৰে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীলৈ এখন মুকলি চিঠি প্ৰেৰণ কৰে৷  ১০ মে’ৰ ভোটগ্ৰহণৰ ঠিক আগদিনা মোদীৰ এই পত্ৰ প্ৰেৰণ যে সম্পূৰ্ণ নিৰ্বাচনী উদ্দেশ্যপ্ৰণোদিত তাত কাৰো দ্বিমত নাই৷ নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ পাছত ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰে কি কি পদক্ষেপ লৈছে সেয়া জনাই আৰু ৰাজ্যবাসীয়ে সদায় আশীৰ্বাদ দি অহা বুলি কৃতজ্ঞতা প্ৰকাশ কৰা প্ৰধানমন্ত্ৰীয়ে নীতি উলংঘা কৰিও যে পৰোক্ষভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই গ’ল সেই লৈ চৰম বিতৰ্কৰ সৃষ্টি হৈছে৷ পিছে শেষ মুহূৰ্তৰ শেষ সুযোগো অনৈতিকভাৱে কামত লগোৱা বিজেপিয়ে ৰাজ্যখনৰ ৩৮ বছৰীয়া ৰাজনৈতিক সমীকৰণ সলনি কৰিব পাৰিব বুলি চৰ্চা হোৱা নাই৷ উল্লেখ্য, বিগত ৩৮ বছৰত কৰ্ণাটকত একেৰাহে দ্বিতীয়বাৰ একেটা দলৰ চৰকাৰ গঠন হোৱা নাই৷ যদিহে এই সমীকৰণ এইবাৰো অব্যাহত থাকে তেন্তে বিজেপিৰ দাক্ষিণাত্য দখলৰ বৃহৎ পৰিকল্পনাত প্ৰচণ্ড আঘাত পৰিব৷ দক্ষিণৰ একমাত্ৰ কৰ্ণাটকতে বিজেপি শাসনত আছে৷ দলটোৱে ক্ষমতা অক্ষুণ্ণ ৰাখি দক্ষিণৰ অন্যান্য ৰাজ্য যেনে তেলেংগানা, অন্ধ্ৰপ্ৰদেশলৈ গেৰুৱা বেষ্টনি বৃদ্ধিৰ পৰিকল্পনা কৰিছে৷ যদিহে এই অভিযানত বিজেপি সফল হয়, তেন্তে দলটোৰ দীৰ্ঘকালীন দাক্ষিণাত্য অভিযানৰ পৰিকল্পনা সাৰ্থক হোৱাৰ দিশে আগবাঢ়িব৷ নিশ্চিতভাৱে দাক্ষিণাত্যত সৃষ্টি হ’ব গেৰুৱা লহৰ৷ অন্যথা সাময়িকভাৱে স্তব্ধ হৈ পৰিব বিজেপিৰ দাক্ষিণাত্য অভিযান৷

বিজেপিয়ে বুধবাৰৰ এই অতি গুৰুত্বপূৰ্ণ নিৰ্বাচনৰ বাবে মুলতঃ মোদী-মেজিকৰ ওপৰত নিৰ্ভৰ কৰাৰ বিপৰীতে কংগ্ৰেছে সম্পূৰ্ণৰূপে স্থানীয় সমস্যা আৰু বিদায়ী মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই চৰকাৰখনৰ চূড়ান্ত ব্যৰ্থতা তথা প্ৰতিষ্ঠান বিৰোধী ঢৌৰ ওপৰত নিৰ্ভৰ কৰি ক্ষমতা পুনৰুদ্ধাৰৰ চেষ্টা চলাইছে৷ এই নিৰ্বাচনৰ প্ৰচাৰত বিজেপিৰ মূল বিষয় ডাবল ইঞ্জিন চৰকাৰৰ কাৰ্যৰাৰিতা৷ শেষৰপিনে বিজেপিয়ে অক্সিজেন লাভ কৰিলে এখন প্ৰপাগাণ্ডা চিনেমা ‘দ্য কেৰালা ষ্টৰী’ আৰু হনুমানৰ ৰূপত৷ কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰিব বুলি ঘোষণা কৰাৰ লগে লগে বিজেপিয়ে যি জয় বজৰংবলী শ্ল’গান আৰু হনুমান চালিচা পঢ়া আৰম্ভ কৰিলে সেয়া আজিও অব্যাহত আছে৷ বিজেপি কৰ্মীয়ে ঘৰে ঘৰে আজিও হনুমান চালিচা পঢ়ি আছে৷ শেহতীয়া বহু নিৰ্বাচনত এনেদৰে ভগৱানৰ প্ৰত্যক্ষ প্ৰৱেশৰ নজিৰ নাই৷ আনহাতে গুজৰাটী প্ৰযোজক বিপুল শ্বাহে সঠিক সময়ত প্ৰপাগাণ্ডা ছবি ‘দ্য কেৰালা ষ্টৰী’ মুক্তি দিছে৷

ইতিহাস সাক্ষী, ’৮০ ৰ দশকত ৰামকৃষ্ণ হেগড়েৰ নেতৃত্বাধীন জনতা দলে শেষবাৰৰ বাবে উপৰ্যুপৰি দুবাৰ কৰ্ণাটকত চৰকাৰ গঠন কৰিছিল৷ তাৰ পাছত প্ৰতি ৫ বছৰত ৰাজ্যখনত চৰকাৰ সলনি হৈছে৷ বিজেপিৰ দাবী, সেই ধাৰাৰ এইবাৰ পৰিৱৰ্তন ঘটিব৷ আনহাতে কংগ্ৰেছ আত্মবিশ্বাসী, ধাৰা সলনি নহয়, চৰকাৰ সলনি হ’ব৷ ২২৪ খন আসনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৩ খন আসনৰ প্ৰয়োজন৷ তাৎপৰ্যপূৰ্ণভাৱে ২০০৭ চনৰ পৰা ৪ বাৰ কৰ্ণাটকৰ ক্ষমতা দখল কৰিলেও বিজেপিয়ে এই যাদুসংখ্যা স্পৰ্শ কৰিব পৰা নাই আৰু ৪ মুখ্যমন্ত্ৰীৰ এজনেও ৪ বছৰৰ ম্যাদ সম্পূৰ্ণ কৰিব পৰা নাই৷ শেহতীয়াকৈ ২০০৮ ত বিজেপিয়ে সবাটোকৈ ভাল ফলাফল কৰি ১১০ খন আসন আৰু একেবাৰে অন্তিমবাৰ ২০১৮ত ১০৪ খন আসন লাভ কৰিও নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল৷ কিন্তু বজৰংৱলী, দ্য কেৰালা ষ্টৰী আৰু মোদী-মেজিকেৰে সেই সকলো পুৰণি ৰাজনৈতিক সমীকৰণ এইবাৰ বিজেপিয়ে সলনি কৰিব পাৰিব বুলি আশাবাদী৷ তাৰ বাবে বিজেপিয়ে ভোটাৰৰ মাজত ব্যাপক ধৰ্মীয় মেৰুকৰনৰ প্ৰচেষ্টা চলাইছে৷ কিন্তু ৫,৩১,৩৩,০৫৪জন ভোটাৰে বুধবাৰে নিৰ্ধাৰণ কৰিব তেওঁলোক ধৰ্মীয় মেৰুকৰণত বিশ্বাসী নে নিজ ৰাজ্যৰ নিৰ্বাচনী ঐতিহ্যত৷ এই প্ৰায় চাৰে পাঁচ কোটি বৈধ ভোটাৰে বুধবাৰে নিশ্চিত কৰিব ২,৬১৫জন প্ৰাৰ্থীৰ ভাগ্য৷