Logo
image

এগ্‌জিট প’লত কংগ্ৰেছ উত্তীৰ্ণ

আমাৰ অসম, ১১ মে': বিজেপিৰ শত চেষ্টা অথলে যোৱাৰ উপক্ৰম ঘটিছে৷ কংগ্ৰেছৰো ৩৮ বছৰীয়া ধাৰা সলনি কৰি ক্ষমতা পুনৰুদ্ধাৰ কৰাৰ আশাত চেঁচা পানী পৰাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ বুধবাৰে দক্ষিণৰ অতি গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ ভোটদান সামৰণি পৰাৰ লগে লগে দেশৰ একাধিক সংস্থা আৰু সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এগ্‌জিট প’লৰ ভৱিষ্যৎবাণীয়ে কোনো এটা দলৰ হাততে ৰাজ্যৰ ক্ষমতা অৰ্পণ নকৰাত ত্ৰিশংকু সদনৰ ইংগিত ওলাইছে৷ বুধবাৰে বিয়লি পাঁচ বজাৰ লগে লগে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ আনুষ্ঠানিক সামৰণি পৰিছে৷ নিৰ্বাচন আয়োগে প্ৰাথমিকভাৱে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত ভোটদানৰ হাৰ হৈছে ৬৬.৪৬ শতাংশ৷ অৱশ্যে এই পৰিসংখ্যা বিয়লি পাঁচ বজাৰ৷ পাঁচ বজাৰ পাছতো বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত আগতীয়াকৈ প্ৰৱেশ কৰা ভোটাৰে ভোটদান কৰি আছে৷ সেয়ে সামগ্ৰিকভাৱে ভোটদানৰ অন্তত ভোটৰ হাৰ ৭০ শতাংশ হ’ব বুলি আশা কৰা হৈছে৷ পিছে নিৰ্বাচনী প্ৰচাৰত অসামান্য প্ৰতিদ্বন্দ্বিতা হোৱা ৰাজ্যখনত কোনো এটা দলকে সকলো সংস্থাই নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি ভৱিষ্যৎবাণী নকৰা ঘটনাই আশ্চৰ্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে এগ্‌জিট প’লৰ ভৱিষ্যৎবাণী সদায় শুদ্ধ প্ৰমাণ নহয়৷ কিন্তু দেশৰ শেহতীয়া বহুকেইটা নিৰ্বাচনত এগ্‌জিট প’লৰ সমীক্ষা প্ৰায় শুদ্ধ প্ৰমাণিত হৈছে৷ যদিহে এইবাৰো বুধবাৰে ভোটগ্ৰহণ হৈ যোৱা আৰু একেদিনাই প্ৰকাশ পোৱা এই সমীক্ষা সত্য হয়  তেন্তে দক্ষিণৰ ৰাজ্যখনৰ ওলোমা সদন হোৱাৰ সম্ভাৱনাই অধিক৷ কৰ্ণাটকৰ বিধানসভাত মুঠ আসন হৈছে ২২৪ খন আৰু চৰকাৰ গঠন কৰাৰ বাবে ১১৩ খন আসন লাভ কৰাৰ প্ৰয়োজন৷ অহা শুকুৰবাৰে কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব৷ 
দহটা সমীক্ষা সংস্থাৰ ভিতৰত পাঁচটা সংস্থাৰ এগ্‌জিট প’ল অনুসৰি কৰ্ণাটকত ওলোৱা সদন হ’ব৷ কোনো দলেই এককভাৱে চৰকাৰ গঠন কৰিব নোৱাৰিব৷ সেই দহটা সংস্থাৰ ভিতৰত তিনি সংস্থাই কংগ্ৰেছৰ বিজয়ৰ ভৱিষ্যৎবাণী কৰিছে৷ আনহাতে, এটাই বিজেপিক বিজয়ী হ’ব বুলি কৈছে৷ ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়া, নিউজ২৪-টটুডেইজ চাণক্য আৰু টাইমছ নাও-ইটিজিএ কংগ্ৰেছ বিজয়ী হ’ব বুলি ভৱিষ্যৎবাণী কৰিছে৷ ইণ্ডিয়া টিভি- চি এন এক্স, জি নিউজ-মেট্ৰিজে কংগ্ৰেছে সৰ্বাধিক ১১৩ খন আসন লাভ কৰিব বুলি দাবী কৰিছে৷ নিউজ নেশ্যন-চিজিএছৰ মতে বিজেপিয়ে ১১৪ খন আসন লাভ কৰিব আৰু সুবৰ্ণ নিউজ-জন কি বাতে বিজেপিৰ বিজয়ৰ ভৱিষ্যৎবাণী কৰি বিজেপিয়ে সৰ্বাধিক ১১৭ খন আসন লাভ কৰিব বুলি দাবী কৰিছে৷ নিউজ নেশ্যন-চিজিএছৰ মতে কংগ্ৰেছে ৮৬ খন আসন লাভ কৰিব আৰু জেডি(এছে) ২১ খন আসন লাভ কৰিব৷  সুবৰ্ণ নিউজ-জন কি বাতে দাবী কৰা মতে কংগ্ৰেছে সৰ্বাধিক ১০৬ খন আৰু জেডি(এছে) সৰ্বাধিক ২৪ খন আসন লাভ কৰিব৷ ইণ্ডিয়া-এক্সিছ মাই ইণ্ডিয়াৰ মতে কংগ্ৰেছ দলে ১২২-১৪০ খন আসন লাভ কৰিব আৰু বিজেপিয়ে ৬২-৮০ খন আসন লাভ কৰিব৷ নিউজ২৪-টুডেইজ চাণক্যৰ মতে কংগ্ৰেছে ১২০ খন, বিজেপিয়ে ৯২ খন আৰু জেডি(এছে) ১২ খন আসন লাভ কৰিব৷ আনহাতে, টাইমছ নাও-ইটিজিৰ মতে কংগ্ৰেছে যাদুকৰী সংখ্যা কোনো মতে স্পৰ্শ কৰিব, অৰ্থাৎ তেওঁলোকে লাভ কৰি ১১৩ খন আসন৷ একেটা সংস্থাই বিজেপিক ৮৫ খন আসন দিছে৷ ৰিপাব্লিক টিভি-মাৰ্কে কৰা ভৱিষ্যৎবাণী কৰা অনুসৰি কংগ্ৰেছে ৯৪-১০৮, বিজেপিয়ে ৮৫-১০০  আৰু জেডি(এছে) ২৪-৩২ খন আসন লাভ কৰিব৷ টি ভি নাইন-ভাৰতবংশ-প’লষ্টাৰ্টে কৰা ভৱিষ্যৎবাণী অনুসৰি বিজেপিয়ে ৮৮-৯৮,  কংগ্ৰেছে ৯৯-১০৯ আৰু জেডি(এছে) ২১-২৬ খন আসন লাভ কৰিব৷ জি নিউজ-মেট্ৰিজে প্ৰকাশ কৰা অনুসৰি কংগ্ৰেছে ১০৩-১১৮, বিজেপিয়ে ৭৯-৯৪  আৰু জেডি(এছে) ২৫-৩৩ আসন লাভ কৰিব৷ এবিপি নিউজ-চি ভোটাৰৰ দাবী, কংগ্ৰেছে ১০০-১১২, বিজেপিয়ে ৮৩-৯৫ আৰু জেডি(এছে) ২১-২৯ খন আসন লাভ কৰিব৷ ইণ্ডিয়া টিভি-চিএনএক্সে  কৰা ভৱিষ্যৎবাণী মতে কংগ্ৰেছে ১১০-১২০, বিজেপিয়ে ৮০-৯০ আৰু জেডি(এছে) ২১-২৯ খন আসন লাভ কৰিব৷ 
ইতিহাস সাক্ষী, ’৮০ ৰ দশকত ৰামকৃষ্ণ হেগড়েৰ নেতৃত্বাধীন জনতা দলে শেষবাৰৰ বাবে উপৰ্যুপৰি দুবাৰ কৰ্ণাটকত চৰকাৰ গঠন কৰিছিল৷ তাৰ পাছত প্ৰতি ৫ বছৰত ৰাজ্যখনত চৰকাৰ সলনি হৈছে৷ বিজেপিৰ দাবী, সেই ধাৰাৰ এইবাৰ পৰিৱৰ্তন ঘটিব৷ আনহাতে কংগ্ৰেছ আত্মবিশ্বাসী, ধাৰা সলনি নহয়, চৰকাৰ সলনি হ’ব৷ ২২৪ খন আসনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ বাবে ১১৩ খন আসনৰ প্ৰয়োজন৷ তাৎপৰ্যপূৰ্ণভাৱে ২০০৭ চনৰ পৰা ৪ বাৰ কৰ্ণাটকৰ ক্ষমতা দখল কৰিলেও বিজেপিয়ে এই যাদুসংখ্যা স্পৰ্শ কৰিব পৰা নাই আৰু ৪ মুখ্যমন্ত্ৰীৰ এজনেও ৪ বছৰৰ ম্যাদ সম্পূৰ্ণ কৰিব পৰা নাই৷ শেহতীয়াকৈ ২০০৮ ত বিজেপিয়ে সবাটোকৈ ভাল ফলাফল কৰি ১১০ খন আসন আৰু একেবাৰে অন্তিমবাৰ ২০১৮ত ১০৪ খন আসন লাভ কৰিও নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিল৷ কিন্তু বজৰংৱলী, দ্য কেৰালা ষ্টৰী আৰু মোদী-মেজিকেৰে সেই সকলো পুৰণি ৰাজনৈতিক সমীকৰণ এইবাৰ বিজেপিয়ে সলনি কৰিব পাৰিব বুলি  এতিয়াও আশাবাদী হৈ আছে৷ তাৰ বাবে বিজেপিয়ে ভোটাৰৰ মাজত ব্যাপক ধৰ্মীয় মেৰুকৰনৰ প্ৰচেষ্টা চলাইছে৷ কিন্তু ৫,৩১,৩৩,০৫৪জন ভোটাৰে বুধবাৰে নিৰ্ধাৰণ কৰিলে তেওঁলোক ধৰ্মীয় মেৰুকৰণত বিশ্বাসী নে নিজ ৰাজ্যৰ নিৰ্বাচনী ঐতিহ্যত৷ এই প্ৰায় চাৰে পাঁচ কোটি বৈধ ভোটাৰে বুধবাৰে নিশ্চিত কৰিলে ২,৬১৫জন প্ৰাৰ্থীৰ ভাগ্য আৰু ৰাজ্য ৰাজনীতিৰ ভৱিষ্যৎ৷