Logo
image

ডিএনএ পৰীক্ষাত বাধা সংগীতাৰ, এতিয়াও আতংকিত দুয়োটি শিশু

আমাৰ অসম, ১১ মে’:  নৃশংসতাৰ যেন অন্ত নাই চেলিব্ৰেটী চিকিৎসক দম্পতীৰ৷ অবৈধভাৱে দুটি শিশুক নিজৰ লগত ৰাখি স্বয়ম্ভু পিতৃ-মাতৃৰ পৰিচয় দি ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্তই চলোৱা উৎপীড়ন-নিৰ্যাতনৰ এটাৰ পাছত এটাকৈ অকথিত কাহিনী পোহৰলৈ আহিছে৷ মাতৃৰূপী ডাঃ সংগীতা দত্তই শিশু দুটিৰ ওপৰত ইমানেই অত্যাচাৰ চলাইছিল যে এই মুহূৰ্তত ডাঃ সংগীতাৰ নাম শুনিলেই কন্যা শিশুটিয়ে ভয়তে জিকাৰ খাই উঠে৷ শিশু দুটিয়ে ডাঃ সংগীতা দত্তৰ নিৰ্যাতনক লৈ ইমানেই মানসিকভাৱে আতংকগ্ৰস্ত হৈ আছে যে কোনো দাগ নথকা পুতলা এটা দেখিলেই পৰিচৰ্যাকাৰী প্ৰশ্ন কৰে– ইয়াক মাকে নামাৰে হয় নে নহয়? ভুক্তভোগী শিশুদুটিৰ এনে মানসিক অৱস্থিতিৰ কথা বৰ্ণনা কৰিছে জিলা শিশু কল্যাণ সমিতিৰ অধ্যক্ষই৷ সাংবাদিকৰ আগত জীৱনত প্ৰথমবাৰলৈ শিশুৰ ওপৰত এনে নৃশংসতাৰ ঘটনা প্ৰত্যক্ষ কৰা বুলি সদৰী কৰি শিশু কল্যাণ সমিতিৰ অধ্যক্ষ জিতুল দত্তই কয়–‘শিশু দুটি বৰ্তমান আমাৰ জিম্মাত আছে৷ আমাৰ দায়িত্ব হৈছে শিশু দুটিৰ মানসিক স্থিতি কেনেকৈ সুস্থিৰ কৰি তোলা হয়৷ এনে নিন্দনীয়, মৰ্মান্তিক ঘটনা মোৰ দীঘলীয়া কাৰ্যকালত দেখা পোৱা নাই৷ কোনোদিন এনে অত্যাচাৰ দেখা নাছিলে৷ শিশু দুটিয়ে সংগীতা দত্তৰ নাম শুনিলেই জিকাৰ খাই উঠে৷ কন্যা শিশুটিয়ে এটা পুতলা দেখা পাই কৈছিল– ইয়াক চাগৈ মাকে নামাৰে? পুতলাটোৰ গাত কোনো দাগ নেদেখি কণমানি জনীয়ে তেনেকৈ কৈছিল৷ ইয়াৰ পৰাই বুজিব পাৰি শিশুটিৰ মানসিক অৱস্থা৷ শিশু দুটিৰ  শৰীৰত এনেকুৱা কোনো অংগ নাই য’ত আঘাতৰ দাগ নাই৷ শিশু দুটাই মাক-দেউতাকক এবাৰো বিচৰা নাই৷  চিকিৎসক দম্পতীৰ নাম দুটা শুনিলেই জিকাৰ খাই উঠে৷ কথাৰ প্ৰসংগত যদি কোনোবাই সংগীতা দত্তৰ কথা কলেও, কণমানি ছোৱালীজনীয়ে চক খাই উঠে৷ অসমত এনে ঘটনা হ’ব পাৰে বুলি কল্পনাই কৰা নাছিলো৷ তাতো এই ঘটনাটো হৈছে, যি গৰাকী চিকিৎসকে জনসাধাৰণক টিভি চেনেলৰ জৰিয়তে শিশুক কাউঞ্চেলি আৰু কেনেকৈ চাইল্ড প্ৰটেকশ্বন কৰিব লাগে তাৰ বৰ বৰ কথা কয়৷’ লক্ষণীয়ভাৱে তদন্তকাৰী আৰক্ষীয়ে চিকিৎসক দম্পতীক ২০১৯ চনতে শিশু দুটিক যোগান ধৰা মহিলাগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো সফলতা লাভ কৰা নাই৷ শিশু যোগানকাৰী মহিলাগৰাকীৰ পৰিচয় সন্দৰ্ভত সংগীতা দত্তই বিশেষ কোনো মুখ খোলা নাই যদিও ডাঃ ৱালিউল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিতে মহিলাগৰাকী সন্ধানত কেইবাস্থানত অভিযান চলাইছে ক্ৰাইম ব্ৰান্সে আৰু পল্টনবজাৰ আৰক্ষীয়ে৷ ইফালে চিকিৎসক দম্পতীৰ ঘৰত বনকৰা মহিলা হিচাপে নিয়োজিত লক্ষী ৰায় আৰু কাবাই নামৰ মহিলা দুগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও বৰ্তমানেও পলাতক হৈ আছে আন এগৰাকী সহায়িকা৷ গুৱাহাটীৰ অভিজিত বসু নামৰ এজন ফটো সাংবাদিকৰ ভগ্নী হৈছে এই সহায়িকা৷ অৱশ্যে সংবাদকৰ্মীজনে আগতীয়াকৈ খবৰ দি ভনীয়েকৰ পলুৱাই পঠোৱাৰ অপচেষ্টাতে বুধবাৰে পল্টনবজাৰ আৰক্ষীয়ে আটক কৰে অভিজিত বসুক৷ ইফালে, অভিযুক্ত চিকিৎসক ডাঃ সংগীতা দত্তক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ তদন্তত সহযোগ নকৰাৰ অভিযোগ উঠিছে৷ শিশু দুটিৰ জন্মদাতা পিতৃ-মাতৃৰ সত্যতা নিৰূপণ আৰু যৌন নিৰ্যাতনৰ বিজ্ঞানসন্মত তথ্য-প্ৰমাণৰ বাবে ডাঃ ৱালিউল ইছলামৰ পাছতেই বুধবাৰে ডাঃ সংগীতা দত্তৰো ডিএনএ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ কিন্তু পানবজাৰ মহিলা থানাৰ পৰা জিএমচিএইচলৈ লৈ যোৱাৰ সময়ত বিভিন্ন কথাৰে চিঞৰ বাখৰ কৰে ডাঃ সংগীতাই৷ আনকি হাস্পতালতো ডিএনএ পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহত বাধা প্ৰদান কৰে অভিযুক্ত চিকিৎসকগৰাকীয়ে৷ অৱশ্যে, আৰক্ষীৰ ধমকত ডিএনএ পৰীক্ষাৰ বাবে সন্মত হয় ডাঃ সংগীতা দত্তই৷ ইফালে, পানবজাৰ মহিলা থানাত আৰক্ষী আয়ুক্ত আৰু মুখ্যমন্ত্ৰীৰো সাক্ষাৎ বিচাৰি হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷ আনকি মোক বচাওক, মই একো কৰা নাই, কাম কৰা মানুহক কিনি লৈ মোক মাৰিব চেষ্টা কৰিছে বুলিও চিঞৰি চিঞৰি কোৱা পৰিলক্ষিত হয়৷ ইফালে সন্তান যোগান ধৰা মহিলাগৰাকীৰ সন্ধান লাভ নকৰাত চিকিৎসক ৱালিউল ইছলামক পুনৰ জিম্মাত লৈছে আৰক্ষীয়ে৷ বুধবাৰে পূৰ্বৰ ৫ দিনৰ জিম্মাৰ ম্যাদ অন্ত পৰাত গুৱাহাটীত পকছ’ আদালতত হাজিৰ কৰোৱাই পল্টনবজাৰ আৰক্ষীয়ে অতিৰিক্ত ৫দিনৰ জিম্মাত লয় ডাঃ ৱালিউলক৷