Logo
image

পাকিস্তানত গৃহযুদ্ধ, নামিল সেনাবাহিনী

আমাৰ অসম, ১১ মে’: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা সাম্প্ৰতিক কালৰ সৰ্বাধিক জনপ্ৰিয় নেতা ইমৰান খানক মঙলবাৰে গ্ৰেপ্তাৰ কৰাৰ পাছত সমগ্ৰ দেশ প্ৰতিবাদত উত্তাল হৈ পৰিছে আৰু দেশত গৃহযুদ্ধ স্বৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ হিংসাত্মক প্ৰতিবাদত এই পৰ্যন্ত দেশখনত ৬জন লোকৰ মৃত্যু হৈছে আৰু ৩খনকৈ প্ৰদেশত সেনা বাহিনী নমোৱা হৈছে৷ আকস্মিকভাৱে এই গ্ৰেপ্তাৰৰ পাছত দেশৰ ৰাজনৈতিক পৰিস্থিতি সলনি হৈ পৰিব বুলি আশংকা কৰা হৈছে৷ পিএনএল-এন নেতৃত্বাধীন জোঁট চৰকাৰখনে যদিহে এই অগ্নিগৰ্ভা পৰিস্থিতি চম্ভালিবলৈ অক্ষম হয় তেন্তে যিকোনো মুহূৰ্ততে পূৰ্বৰ দৰে পাকিস্তানৰ নিয়ন্ত্ৰণ সেনা বাহিনীৰ হাতলৈ যাব পাৰে৷ কালিৰ পৰা সমগ্ৰ দেশতে ইমৰান খানৰ ৰাজনৈতিক দল পিটিআইৰ সমৰ্থকে হিংসাত্মক প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু গেৰিছন চহৰ ৰাৱালপিণ্ডি, লাহোৰ, কৰাচী, পেছোৱাৰকে ধৰি একাধিক স্থানত সেনাৰ মুখ্য কাৰ্যালয় বা সেনাৰ কেণ্টনমেণ্টক প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ 

ইতিমধ্যে দেশৰ তিনিখন প্ৰদেশ পঞ্জাৱ, খাইবাৰ পাখটুনখাৱা আৰু বেলুচিস্তানত সেনাবাহিনী নমোৱা হৈছে আৰু তিনিওখন প্ৰদেশৰে নিয়ন্ত্ৰণ সেনাই নিজৰ হাতলৈ নিছে৷ এসময়ৰ ক্ৰিকেট তাৰকা আৰু ৰাজনীতিত প্ৰৱেশ কৰি দেশৰ প্ৰধানমন্ত্ৰী হোৱা ইমৰাণ খানৰ দেশত প্ৰভূত জনপ্ৰিয়তা আছে৷ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা সত্ত্বেও সেয়ে অনেক গুণমুগ্ধই ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে৷ কিন্তু ইমৰাণৰ দলৰ ৰাজনৈতিক কৰ্মীৰ প্ৰতিবাদ মঙলবাৰৰ পৰাই ভয়ংকৰভাৱে হিংসাত্মক আৰু তেওঁলোকে মূলতঃ সেনাৰ কাৰ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ পিটিআইৰ এই পদক্ষেপ আশ্চৰ্যকৰ  হিচাপে পৰিগণিত হৈছে, কিয়নো দেশৰ ইতিহাসত কোনোকালে প্ৰতিবাদকাৰীয়ে পাকিস্তানৰ শক্তিশালী সেনাবাহিনীক আক্ৰমণ কৰিবলৈ সাহস গোটাব পৰা নাছিল৷ আক্ৰমণকাৰীয়ে সেনাৰ কাৰ্যালয়ৰ উপৰি কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ মুখ্য কাৰ্যালয়, বায়ু সেনাবাহিনীৰ ঘাটি আৰু সকলো চহৰত ঘাইকৈ চৰকাৰী সম্পত্তি আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ মঙলবাৰৰ পৰা আজিলৈ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ কেইবাশতাধিক গাড়ী, কেইবাটাও ৰেডিঅ’ ষ্টেচন আৰু কেইবাডজন চৰকাৰী কাৰ্যালয় জ্বলাই দিছে৷ ফলত সামগ্ৰিকভাৱে সমস্ত পাকিস্তানত গৃহযুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে৷ ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ ফলত দেশত তুমূল ৰাজনৈতিক অস্থিৰতাৰ উদ্ভৱ হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ তেনে পৰিস্থিতিত দেশখনৰ ক্ষমতা পুনৰ সেনাবাহিনীৰ হাতলৈ যাব পাৰে বুলিও  দেশে-বিদেশে বিভিন্ন পক্ষই অনুমান কৰিছে৷ 

দুদিনৰ হিংসাত এই পৰ্যন্ত পাকিস্তানত ৬ জন লোকৰ মৃত্যু হৈছে৷ তাৰ ভিতৰত সৰ্বাধিক  ৪ জন  প্ৰতিবাদকাৰী পেছোৱাৰতে নিহত হৈছে৷ নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা হিংসাত্মক সংঘৰ্ষতে পিটিআইৰ সমৰ্থক নিহত হৈছে৷ আনহাতে, মঙলবাৰে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ইছলামাবাদৰ এখন আদালতে ৮ দিনৰ বাবে ‘নেচনেল একাউণ্টিবিলিটি ব্যুৰ’ৰ জিম্মাত দিছে৷ কালিয়েই এই এএনবিয়ে ইমৰাণ খানক পাক ৰেঞ্জাৰ্ছ আৰু পাক আৰক্ষীৰ পৰা নিজৰ জিম্মালৈ নিছিল৷ অল কাদিৰ নিধি ভূমি কেলেংকাৰিৰ গোচৰত ইমৰান খানক ইছলামবাদৰ আদালতে আঠ দিনৰ এএনবিৰ জিম্মাত দিয়ে৷ আন এটা গোচৰত দেশৰ এখন ন্যায়িক দণ্ডাধীশৰ আদালতে একেদিনাই ইমৰান খানক দোষী সাব্যস্ত কৰিছে৷ তোষাখানা গোচৰ সংক্ৰান্তত নিম্ন আদালতে ইমৰান খানক দোষী সাব্যস্ত কৰে৷ অৱশ্যে, মঙলবাৰে ইমৰান খানক অল কাদিৰ নিধি ভূমি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ 

উল্লেখ্য, ইমৰান খান আৰু তেওঁৰ এতিয়াৰ পত্নী বুছৰা বিবিৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ থকা অল কাদিৰ ভূমি কেলেংকাৰিৰ গোচৰত ইছলামাবাদ আদালত চৌহদৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হৈছিল৷ ইমৰান খান আৰু তেওঁৰ পত্নীয়ে অল কাদিৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ নামত এটা নিধি গঠন কৰি পঞ্জাব প্ৰদেশৰ ঝিলাম জিলাৰ বৃহৎ পৰিমাণৰ ভূমি হস্তগত কৰিছিল৷ সেই নিধিত ইমৰান খান, তেওঁৰ পত্নী বুছৰা বিবি, দুই ঘনিষ্ঠ বন্ধু জুলফিকৰ বুখাৰি আৰু বাবৰ আৱানৰ নাম আছিল৷ ইমৰানৰ পত্নী বুছৰা বিবিয়ে ২০১৯ চনত বাহাৰিয়া টাউন নামৰ এটা ৰিয়েল ইষ্টেট কোম্পানীৰ সৈতে এই  ভূমিৰ বিনিময়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি বিশাল পৰিমাণৰ ধন অৰ্জন কৰে৷ বুছৰা বিবিয়ে সেই ৰিয়েল ইষ্টেট কোম্পানীলৈ সিংহভাগ ভূমি হস্তান্তৰ কৰা বুলিও দেশৰ আভ্যন্তৰীণ মন্ত্ৰী ৰাণা ছানাউল্লাহে অভিযোগ কৰিছিল৷ ভূমি হস্তান্তৰৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰভাৱ খটুৱাই ইমৰান খানে ভূমিৰ মূল্য হ্ৰাস কৰি দেখুৱাইছিল৷ শিক্ষা প্ৰতিষ্ঠানৰ নামত পোৱা চৰকাৰী ভূমি বেচৰকাৰী কোম্পানীলৈ হস্তান্তৰ আৰু তাৰ বিনিময়ত ধন সংগ্ৰহ তথা মূল্য কমাই দেখুওৱাৰ আটাইকেইটা অভিযোগ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ ক্ষেত্ৰত গুৰুতৰ অপৰাধ হিচাপে গণ্য হৈছে৷ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী মিফটাহ ইছলামৰ মতে এই ভূমিৰ বিনিময়ত ইমৰান খানে ১৯০ নিযুত পাউণ্ড লাভ কৰিছে৷ তেওঁক সেই ধন পৰিশোধ কৰিছে ৰিয়েল ইষ্টেট ধনকুবেৰ মালিক ৰিয়াজে৷ অল কাদিৰ নামৰ বিশ্ববিদ্যালয়খন ২০২১ চনত অৰ্ধনিৰ্মিত অৱস্থাতে ইমৰান খানে উদ্বোধন কৰিছিল৷ সেই সময়ত তেওঁৰ স্থিতি প্ৰধানমন্ত্ৰী হিচাপে থৰক বৰক হৈ পৰিছিল৷ ইমৰান খান এতিয়াও বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনৰ অধ্যক্ষ৷ পাকিস্তানৰ আদালতৰ ইমৰান খানৰ বিৰুদ্ধে ১৪০টা গোচৰ চলি আছে৷ মঙলবাৰে তেওঁক কৰা গ্ৰেপ্তাৰৰ সৈতে পূৰ্বৰ এই গোচৰৰ কোনো সম্পৰ্ক নাই৷ মাথোঁ এমাহ পূৰ্বে ইমৰান খানক আন গোচৰ সংক্ৰান্তত লাহোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰৰ চেষ্টা চলালেও তেওঁৰ ৰাজনৈতিক দল পিটিআইৰ কৰ্মীয়ে আৰক্ষীৰ সেই চেষ্টা বাৰে বাৰে ওফৰাই দিছিল৷ সেই সময়ত তেওঁ আন গোচৰ সংক্ৰান্তত ইছলামাবাদ উচ্ছ ন্যায়ালয়ত সমৰ্থকবেষ্টিত হৈ উপস্থিত হৈছিল আৰু উভতি আহোতে গুলীবিদ্ধ হৈছিল৷ তাৰ পাছত তেওঁ দীৰ্ঘদিন চিকিৎসাধীন হৈ আছিল৷ মঙলবাৰে যে তেওঁক অল কাদিৰ ভূমি কেলেংকাৰি গোচৰত গ্ৰেপ্তাৰ কৰা হ’ব পাৰে সেয়া ইমৰান খানে পূৰ্বানুমান কৰিব পৰা নাছিল৷

ইমৰান খানৰ গ্ৰেপ্তাৰৰ পাছত দেশত সৃষ্টি হোৱা গৃহযুদ্ধসদৃশ পৰিৱেশত থৰকাছুটি হেৰুৱাই ইংলেণ্ডত থকা প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফ দেশলৈ দৌৰাদৌৰিকৈ উভতি আহিছে৷ আনহাতে, দেশৰ শক্তিশালী সেনা বাহিনীৰ মুৰব্বী জেনেৰেল আছিম মুনিৰ সম্প্ৰতি ওমানত আছে৷ সংকটজনক পৰিস্থিতিত মুনিৰো অবিলম্বে দেশলৈ ঘুৰি আহিব বুলি স্থানীয় সংবাদমাধ্যমে প্ৰকাশ কৰিছে৷ আনহাতে, ইমৰান খানৰ দল পিটিআইৰ সমৰ্থকে উদ্দেশ্যপ্ৰণোদিভাৱে সেনা বাহিনীৰ কাৰ্যালয়ত আক্ৰমণ কৰা বুলি ধাৰণা কৰা হৈছে৷ সেনা বাহিনীক এই পৰিস্থিতিৰ বাবে জগৰীয়া কৰিবলৈ সক্ষম হ’লে আৰু দেশৰ পৰিস্থিতি অধিক জলন্ত হ’লে দুৰ্বল জোঁট চৰকাৰখনক উপেক্ষা কৰি সেনা বাহিনীয়ে দেশৰ ক্ষমতা দখল কৰিব পাৰে৷ ইমৰানৰ দলৰ সমৰ্থকৰ সেনাবাহিনীৰ বিৰুদ্ধে আক্ৰমণৰ আঁৰত তেনে অস্থিৰ অৱস্থা সৃষ্টিৰ পৰিকল্পনা থকা বুলি জোঁট চৰকাৰখনে উমান পাইছে৷ সেয়ে শ্বাহবাজ শ্বৰিফ চৰকাৰখন এতিয়া এই গৃহযুদ্ধসদৃশ পৰিস্থিতিত আতংকিত হৈ পৰিছে৷ বুধবাৰে সেয়ে ইমৰান খানক আদালত চৌহদলৈ সোঁশৰীৰে অনা হোৱা নাছিল৷ কিয়নো ইমৰানৰ দলে দেশজোৰা বিক্ষোভৰ আহ্বান জনোৱাৰ লগতে বুধবাৰে ইছলামাবাদত দলীয় কৰ্মীক সমবেত হ’বলৈ আহ্বান জনাইছিল৷ ফলত ৰাজধানী চহৰখন ভৰি পৰিছিল পিটিআইৰ সমৰ্থকেৰে৷ এনে পৰিস্থিতিত ইমৰান খানক পাকিস্তান আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰাই আদালতৰ শুনানিৰ সন্মুখীন কৰোৱা হয়৷ ইমৰান খানৰ সমৰ্থকে এই হিংসাত্মক প্ৰতিবাদ তেওঁলোকৰ নেতাৰ মুক্তি নোহোৱা পৰ্যন্ত অব্যাহত থাকিব বুলি হুংকাৰ দিছে৷ দুদিনত সমগ্ৰ দেশৰ বিভিন্ন চহৰ যেনে ইছলামবাদ, ৰাৱালপিণ্ডি, লাহোৰ, কৰাচী, কোৱেটা, মূলতান, পেছোৱাৰৰ পৰা সহস্ৰাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিও পাকিস্তানৰ চৰকাৰে প্ৰতিবাদৰ জুই নুমাব পৰা নাই৷