Logo
image

সলনি হ’ব শিক্ষক নিযুক্তিৰ নিয়ম

আমাৰ অসম, ১১ মে’: ‘শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত হ’ব নতুন নিয়ম৷ টে’ট, বিএড থাকিলেও প্ৰাৰ্থীয়ে পূৰ্বৰ দৰে প্ৰাপ্ত নম্বৰৰ ভিত্তিত শিক্ষকৰ চাকৰি লাভ নকৰে৷ চাকৰি লাভৰ বাবে বহিব লাগিব লিখিত পৰীক্ষাত৷’ এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে গুৱাহাটীত সাংবাদিকৰ আগত এনেদৰে সদৰি কৰি কয় যে– ‘এইবাৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত দেখা গৈছে বহুতে বাহিৰৰ পৰা বিএডৰ ডিগ্ৰী লৈ আহিছে৷ এই ডিগ্ৰীসমূহ ইউজিচিৰ অনুমোদিত যদিও এদিনো নিয়মীয়া ক্লাছ নকৰাকৈ তেওঁলোকে ডিগ্ৰীসমূহ লাভ কৰা বুলি অভিযোগ উঠিছে৷ ফলস্বৰূপে আমাৰ ইয়াত কষ্ট কৰি বিএড কৰা সকলো চাকৰি নোপোৱাকৈ থাকি গৈছে৷ লিখিত পৰীক্ষা অনুষ্ঠিত হ’লে শিক্ষাগত ডিগ্ৰীসমূহ কেৱল  পৰীক্ষাত বহাৰ অনুমতি পাছহে হ’ব৷ আগত ছাত্ৰ-ছাত্ৰীসকলে কম নম্বৰ পাইছিল৷ আজিকালি বেছি নম্বৰ পায়৷ অহা বছৰ যদি শিক্ষকৰ চাকৰিৰ পৰীক্ষা পতা হয় তেন্তে ক’ভিডৰ সময়ত পৰীক্ষা নিদিয়াকৈ অধিক নম্বৰ পোৱা সকলেই সকলো চাকৰি লাভ কৰিব৷ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিলে এনে বৈষম্য দুৰ হ’ব৷ শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত জলাভিত্তিক নহয়, সকলোৰে বাবে হ’ব এটাই পৰীক্ষা৷ মহিলা, দিবাংগই ঘৰৰ ওচৰতে ল’ব পাৰিব নিযুক্তি৷ জিলাভিত্তিক নিযুক্তি বন্ধ হ’ব৷ ৰাজ্যিক ভিত্তিত শিক্ষকক নিযুক্তি দিয়া হ’ব৷’ ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাষাৰে কয় যে বহু বিবাহ নিষিদ্ধ আইনৰ দ্বাৰা মুছলমান পুৰুষসকলকে টাৰ্গেট কৰা হৈছে৷  ইয়াৰ দ্বাৰা মুছলমান মহিলাসকলে মুক্তি পাব৷ বাল্যবিবাহৰ বিৰুদ্ধে ক’তো সমাজে কন্দা নাই৷ বাল্যবিবাহৰ বিৰুদ্ধে সদায় ৰাইজৰ সমৰ্থন আছে৷