Logo
image

মণিপুৰৰ অশান্তিৰ আঁৰত কুকি চীনা!

আমাৰ অসম, ১১ মে’: মণিপুৰৰ অশান্ত পৰিস্থিতি শান্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে সংযুক্ত মণিপুৰী সন্থা, অসমে৷ সন্থাৰ উদ্যোগত বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত সন্থাৰ বিষয়ববীয়া তথা প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহাই কয়– ইউনাইটেড মণিপুৰী এছ’চিয়েশ্বন, অসম আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা সকলো মণিপুৰী মেইটেই হিন্দু সম্প্ৰদায়ৰ হৈ বিনম্ৰভাৱে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত মণিপুৰত থকা মেইটেইসকলৰ জীৱনৰ নিৰাপত্তা বিচাৰিছোঁ৷ মণিপুৰৰ খিলঞ্জীয়া সম্প্ৰদায়ে এতিয়া দুৰ্দশাৰ বলি হৈছে৷ আমাৰ নিজৰ পূৰ্বপুৰুষৰ মাটিতে এতিয়া আমি ভাবুকিৰ সন্মুখীন হৈছো৷ মেইটেই মণিপুৰী হিন্দু সম্প্ৰদায়ে ভাৰতীয় সংবিধানৰ পৰিকাঠামো মানি গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰ অনুসূচিত জাতিৰ মৰ্যাদা (এছ টি) বিচাৰোঁ৷ আমি এই জটিল বিষয়সমূহৰ ধাৰাবাহিক আলোচনা আৰু সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছোঁ, যিটো প্ৰতিজন মেইটেই হিন্দু মণিপুৰী ব্যক্তিৰ বাবে চিন্তাৰ বিষয়৷’ সংবাদ মেলত সন্থাৰ ৰাজনৈতিক উপদেষ্টা এল সুৰাচন্দ্ৰ সিঙে কয়- মণিপুৰৰ অশান্ত পৰিস্থিতিৰ সাম কটাটো আমি বিচাৰোঁ৷ মণিপুৰত ইতিমধ্যে প্ৰায় তিনি শতাধিক লোকৰ মৃত্যু হৈছে৷ যদিও চৰকাৰে ৬০জন লোকৰ মৃত্যু হোৱা তথ্য দিছে সেয়া সঠিক তথ্য নহয়৷ প্ৰায় দুই সহস্ৰাধিক লোকৰ বাসগৃহ জ্বলাই দিয়া হ’ল৷ আমি ভাৰত চৰকাৰৰ ওচৰত ন্যায় বিচৰিছোঁ৷ এই ঘটনাৰ আমাক উচিত তদন্ত লাগে৷ ভুক্তভোগীসকলক পুনৰ সংস্থাপন দিয়ক৷ অসমৰ জৰিয়তে ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ এই বাৰ্তা যাওক৷  আমি আনক হিংসা নৰকো৷ আমি শান্তি প্ৰিয় জাতি৷ বাহিৰৰ শৰণাৰ্থীসকলে আমাৰ শান্তি ভংগ কৰে৷ ম্যানমাৰৰ পৰা অহা কুকি চীনা সকলে মণিপুৰত এক অশান্ত পৰিবেশৰ সৃষ্টি কৰিছে৷ সেয়েহে আমি মণিপুৰৰ খিলঞ্জীয়া সকলৰ সা-সম্পত্তি, জীৱনৰ নিৰাপত্তা দিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনালোঁ৷ অন্যাথা মণিপুৰৰ বাহিৰত থকা মণিপুৰীসকলে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ম৷ এই সন্দৰ্ভত সন্থাই মণিপুৰৰ মুখ্যমন্ত্ৰী এম বীৰেণ সিং লৈ মঙলবাৰে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ পূৰ্বপুৰুষৰ দিনৰ পৰা মণিপুৰত বসতি স্থাপন কৰা খিলঞ্জীয়া ভূমিপুত্ৰ সকলে এতিয়া ম্যানমাৰৰ পৰা অহা কুকি চীনৰ পৰা কিদৰে ভাবুকিৰ সন্মুখীন হৈছে সেই কথা স্মাৰক পত্ৰত উল্লেখ কৰে সংবাদ মেলত সন্থাৰ প্ৰশাসনিক উপদেষ্টা অমৰজিত সিঙৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে৷