Logo
image

অতুল উবাচঃ দাম বাঢ়িছে, পাচলি কমাই ভাত বেছিকৈ খাওক

আমাৰ অসম, ১১ মে’: মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰাৰ সময়তে পুনৰ দায়িত্বজ্ঞানহীন মন্তব্য কৰিছে শাসক দলৰ বিধায়ক অতুল বৰাই৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে যদিও মূল্যবৃদ্ধিৰ পৰা ৰাইজক পৰিত্ৰাণ পোৱাৰ আজৱ পৰামৰ্শ দিছে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই৷ মূল্যবৃদ্ধিৰ বাবে শাক-পাচলি ক্ৰয় কৰি খোৱা কমাই দি ৰাইজক ভাত বেছিকৈ খাবলৈ উপদেশ দিছে বিধায়কজনে৷ বুধবাৰে নিজৰ বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক বৰাই কয়– ‘সকলোতকৈ প্ৰয়োজনীয় বস্তু হৈছে ভাত৷ বাকীবিলাক সামান্য পৰিমানে খালেও হয়৷ চৰকাৰে সকলো কাম কৰি দিব, ভাতমুঠিও নিজেই বনাই নাখাব, এইটো কি কথা? অসমীয়া মানুহৰ কৰ্মসংস্কৃতি নোহোৱা হৈ পৰিছে৷ অৰ্থাৎ কৰ্মসংস্কৃতি শূন্য হৈছে৷ কিয় শূন্য হৈছে সেই কথা আমি সকলোৱে জানো৷ কাম কৰিবলৈও আমি মানুহ এটা বিচাৰি নাপাওঁ৷ সেয়েহে শাক-পাচলিৰো আজি মূল্যবৃদ্ধি হৈছে৷ আজি বহু বছৰ হ’ল মই বজাৰৰ শাক-পাচলি কিনি খোৱা নাই৷ ৰাইজে শাক-পাচলি কমাই খাই, ভাত বেছিকৈ খাব লাগে৷ মই চালানী মাছ নাখাও, মাংস নাখাও৷ ফৰ্মেলিন দিয়া চালানী মাছ কিয় খাব লাগে, নাখালে মৰি যাব নেকি? শাক-পাচলি ভেজাল হৈ পৰিছে৷ বজাৰত খাৰুপেটীয়াৰ শাক-পাচলি ভৰি পৰিছে৷ এজন মানুহে এনে শাক-পাচলি খালে দুবছৰৰ পাছত সকলো জমা পইচা ওলাই যাব৷ তেনেহ’লে দেখি-শুনিও মানুহে কিয় বজাৰত শাক-পাচলি কিনিবলৈ যায়?’ লক্ষণীয়ভাৱে সততে নিম্ন খাপৰ বক্তব্যৰে সংবাদ শিৰোনাম দখল কৰা দিছপুৰ সমষ্টিৰ বিধায়কজনে পুনৰ মহিলাৰ প্ৰতি কৰিছে তাচ্ছিল্যসুলভ মন্তব্য৷ চৰ অঞ্চলৰ মহিলাক সন্তান জন্ম দিয়াৰ ইণ্ডাষ্ট্ৰীৰ লগত তুলনা কৰিছে বিধায়ক বৰাই৷ বহু বিবাহ বন্ধৰ সপেক্ষে যুক্তি দি বিধায়ক অতুল বৰাই কয়– সতি-সন্ততি বৃদ্ধি কৰাটো চৰ অঞ্চলৰ মহিলাৰ কাম হৈ পৰিছে৷ সন্তান জন্ম দিয়াটো চৰ অঞ্চলৰ মহিলাৰ বাবে ডাঙৰ ইণ্ডাষ্ট্ৰী৷ চৰাঞ্চলত এজন পুৰুষৰ বিপৰীতে মহিলা ১০গৰাকী আৰু ল’ৰা-ছোৱালী ২১-২২টা৷ মুখ্যমন্ত্ৰীয়ে ঠিকেই কৈছে– বহু বিবাহ কৰিলে সন্তানৰ সংখ্যাও বৃদ্ধি পাব৷ এনে সন্তানবোৰ ডাঙৰ হ’লেই গুৱাহাটীত কণী বিক্ৰী কৰিবলৈ পঠিয়াই দিয়ে৷ সেয়েহে চৰ অঞ্চলত বেলেগ ইণ্ডাষ্ট্ৰী আৰু নালাগে৷