Logo
image

সাংবাদিকক অপদস্থ কৰা স্বয়ম্ভূ চিনেমা পৰিচালক গ্ৰেপ্তাৰ

আমাৰ অসম, ১৮ জানুৱাৰীঃ গুৱাহাটীত কৰ্মৰত মহিলা সাংবাদিকক অপদস্থ কৰি আৰক্ষীৰ জালত পৰিল দুজন লোক৷ ধৃত লোক দুজন হৈছে চিৰাঙৰ উমা শংকৰ শ্বাহ, [৪০] আৰু গুৱাহাটীৰ দিছপুৰৰ চুপাৰমাৰ্কেটৰ প্ৰাঞ্জল কুমাৰ গগৈ[৪৪]৷ ইয়াৰে উমেশ শংকৰ শ্বাহ হিন্দী চিনেমাৰ পৰিচালক আৰু প্ৰাঞ্জল কুমাৰ গগৈ হিন্দী চিনেমাৰ প্ৰডাকচন মেনেজাৰ৷ আৰক্ষীৰ জেৰাত ধৃত লোক দুজনে তেওঁলোকৰ ভুল হোৱাৰ কথা স্বীকাৰ কৰে৷ অৱশ্যে ধৃত লোক দুজনৰ কাম কাজক লৈ আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ আচলতে ধৃত লোক দুজনে চিনেমা নিৰ্মাণ কৰে নে আন কিবা কাম কৰে সেয়া লৈ সমস্ত ঘটনা প্ৰবাহ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ২৯৪/৩৫২/৩৫৫/৩৪ নং ধাৰাৰ অধীনত থানাত ১৬/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে,  গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে এক সংবাদমেল অনুষ্ঠিত হৈছিল৷ দিনৰ ১১ বজাত আৰম্ভ হব লগীয়া সংবাদ মেলখন দিনৰ প্ৰায় ১২.৩০ বজাত আৰম্ভ হয় এই অনুষ্ঠান৷ অনুষ্ঠানটোত এখন হিন্দী ছবিৰ নাম ঘোষণা কৰা হয়৷ বলিউডৰ পৰিচালক উমাশংকৰ শ্বাহ পৰিচালনাত নিৰ্মাণ হ’ব লগা এই ছবিখনৰ নাম ‘ছেভেন ছিষ্টাৰ্ছ ওৱান ব্ৰাদাৰ’৷ কিন্তু এই অনুষ্ঠানটিত এক অঘটন সংঘটিত হ’য়৷  উক্ত অনুষ্ঠানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা ‘আমাৰ অসম’ৰ সাংবাদিক নিপা কাকতিক দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে৷ শনিবাৰে সাংবাদিক কাকতিয়ে পানবজাৰৰ সমূহ মহিলা আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে৷ তেওঁ দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে যে, এই ছবিখনৰ সন্দৰ্ভত নিপা কাকতিয়ে ছবিখনৰ পৰিচালকক ছবিখনৰ কাহিনী, বিষয় সন্দৰ্ভত প্ৰশ্ন কৰিছিল৷ তাৰ উত্তৰত পৰিচালক গৰাকীয়ে কয়- ‘আমি ছবিখনৰ কাহিনী ‘ৰিভিল’ কৰিব নোৱাৰো৷ আমাৰ কিছুমান নিজস্ব ৰুল আছে৷ ‘ তাৰপাছত আন দুই এক প্ৰশ্নৰ পাছত সাংবাদিক গৰাকীয়ে পুনৰ প্ৰশ্ন কৰে যে- উত্তৰ-পূৰ্বাঞ্চলক এখন ছবিত উপস্থাপন কৰিব যেহিতু বিচৰা হৈছে, সেয়েহে নিশ্চিতভাৱে পৰিচালক শ্বাহ উত্তৰ-পূবৰ সমস্যা তথা অন্যান্য আনুষংগিক বিষয়বোৰৰ বিষয়ে জানে বা অধ্যয়ন কৰিছে৷ তাৰপাছত এই প্ৰশ্নৰ উত্তৰত সাংবাদিকগৰাকীক পৰিচালক গৰাকীয়ে খঙেৰে আপুনি উত্তৰ পূৰ্বাঞ্চলৰ সকলো কথা জানে জানো? বুলি প্ৰশ্ন কৰা বুলি উল্লেখ কৰা হৈছে এজাহাৰখনত৷ তদুপৰি অসমীয়া গামোচা খনেৰে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ বাবে সাংবাদিক কাকতিয়ে তেওঁলোকক অসমীয়াৰ স্বাভিমান গামোচা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ পৰোক্ষভাৱে তেওঁক ঠাট্টা-উপলুঙা কৰা বুলি জনাইছে এই এজাহাৰত৷ এই অনুষ্ঠানত এজন শকত-আৱত লোকে নিপা কাকতিক এইবোৰ প্ৰশ্ন কৰিবলৈ সাহস ক’ত পালে, আপুনি কোন আদি প্ৰশ্ন কৰে আৰু প্ৰেক্ষাগৃহৰ বাহিৰলৈ ওলাই অহাৰ পাছত সাংবাদিক গৰাকীয়ে প্ৰেছ ক্লাৱৰ কতৃৰ্পক্ষক এই এই সন্দৰ্ভত অৱগত কৰাৰ পাছত সেই মানুহজনে পুনৰ তেওঁক চোঁচা মাৰি আহি তেওঁৰ বাহুত ধৰি বাহিৰলৈ ঠেলি মাৰি উলিয়াই লৈ যায় বুলি কাকতিয়ে জনায়৷ এগৰাকী মহিলা সাংবাদিকক এনেদৰে তেওঁৰ কৰ্তব্য পালনৰ সময়ত ঠেলিয়াই-গতিয়াই শাৰীৰিকভাৱে এজন ব্যক্তিয়ে অপদস্থ কৰাত আৰক্ষীক এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে সাংবাদিক নিপা কাকতিয়ে৷ আৰু ভৱিষ্যতে আন কোনো সাংবাদিকক যাতে এনেদৰে কোনো অপদস্থ কৰিব নোৱাৰে তাৰ বাবে উচিত ব্যৱস্থা ল’বলৈ আৰক্ষীক এই এজাহাৰ দাখিল কৰিছিল৷ সাংবাদিক নিপা কাকতিক অপদস্থ কৰা কাৰ্যক বিভিন্ন দল সংঘটনে তীব্ৰ গৰিহণা দিছে৷ 

সাংবাদিকক দুৰ্ব্যহাৰঃ গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

গুৱাহাটী প্ৰেছ ক্লাব সভাকক্ষত যোৱা ১৬ জানুৱাৰীত আয়োজিত এক সংবাদমেলত নতুনকৈ প্ৰযোজনা কৰা চলচ্ছিত্ৰ এখনৰ প্ৰযোজনা গোষ্ঠীৰ কৰ্মকৰ্তাই ‘আমাৰ অসম’ ৰ সাংবাদিক নিপা কাকতিক দুৰ্ব্যৱহাৰ কৰা কাৰ্যক গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক কমিটীয়ে তীব্ৰ গৰিহনা দিয়ে৷ কমিটীৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে এক বিবৃতি যোগে দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰিবলৈ আৰক্ষী আৰু সংশ্লিষ্ট কতৃৰ্পক্ষৰ ওচৰত দাবী জনায়৷ ইতিমধ্যে ভুক্তভোগী সাংবাদিকগৰাকীয়ে আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰাৰ পিছত তদন্তৰ ক্ষেত্ৰত গুৱাহাটী প্ৰেছ ক্লাবে আৰক্ষীক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি বিবৃতিটোত উল্লেখ কৰা হয়৷ লগতে গুৱাহাটী প্ৰেছ ক্লাবৰ সকলো সদস্য তথা গুৱাহাটীত কৰ্মৰত সাংবাদিক আৰু সংবাদকৰ্মীৰ বাক স্বাধীনতা আৰু সুৰক্ষাৰ স্বাৰ্থত গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক কমিটীয়ে মাত মাতি যাব বুলি বিবৃতিটোত স্পষ্ট কৰি দিয়ে সভাপতি আৰু সাধাৰণ সম্পাদকে৷