Logo
image

২ বিশিষ্ট বিজ্ঞানীলৈ ৰাজ্যিক বিজ্ঞান বঁটা

আমাৰ অসম, ১২ মে’:  ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস উপলক্ষে বৃহস্পতিবাৰে ২০২২ আৰু ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ ‘ৰাজ্যিক বিজ্ঞান বঁটা’ ঘোষিত হয়৷ ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক সংবাদমেলত  এই বঁটাসমূহ ঘোষণা কৰে৷ সেই অনুসৰি ৰাজ্যৰ দুই বিশিষ্ট বিজ্ঞানী, দুই যুৱ বিজ্ঞানী আৰু এটা প্ৰতিষ্ঠানলৈ এই বঁটাসমূহ আগবঢ়োৱা হৈছে৷ অসম বিজ্ঞান প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ ২০২২ বৰ্ষৰ বাবে জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমলেন্দু দেৱ কৈৰীলৈ৷ একেদৰে ২০২২ বৰ্ষৰ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড॰ মুন মুন দৈৱীলৈ৷ আনহাতে ২০২৩ বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক কিশোৰী মোহন পাঠকলৈ৷ ২০২৩ বৰ্ষৰ যুৱ বিজ্ঞানী বঁটা আগবঢ়োৱা হৈছে গুৱাহাটী আই আই টিৰ  ডাটা চাইন্সৰ সহকাৰী অধ্যাপক ড॰ দেৱাংগ ৰাজ নেওগলৈ৷ বিশ্বনাথৰ আকাশ চাইন্স এণ্ড এনভৰমেণ্ট এডুকেশ্যন চেণ্টাৰলৈ বিশেষ বিজ্ঞান বঁটা আগবঢ়োৱা হৈছে৷ সংবাদমেলত মন্ত্ৰী কেশৱ মহন্তই কয় যে পোখাৰানত ভাৰতে ১৯৯৮ চনত পাৰমাণৱিক পৰীক্ষা সম্পূৰ্ণ কৰাৰ দিনাৰ পৰাই আজিৰ দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে৷ একেখন সংবাদমেলতে মন্ত্ৰীগৰাকীয়ে এক বিশেষ ঘোষণা কৰি কয় যে ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত বাছনি হোৱা বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলৰ বাবে অহা ১৫ মে’ৰ পৰা ২২ মে’লৈ এক বিশেষ স্বাস্থ্য পৰীক্ষা তথা পুনৰীক্ষণ গুৱাহাটী মেডিকেল কলেজত অনুষ্ঠিত কৰিব৷ ইয়াৰ বাবে তিনিখন বৰ্ড গঠন কৰা হৈছে৷ ১৫, ১৬ মে’ত চিৰিয়েল নম্বৰ সহ তৃতীয় বৰ্গৰ পুনৰীক্ষণ কৰা হ’ব৷ দুদিনত ২৬৮ জন তৃতীয় বৰ্গৰ প্ৰাৰ্থীৰ পুনৰীক্ষণ সমাপ্ত হ’ব৷ ১৭ মে’ৰ পৰা হ’ব চতুৰ্থ বৰ্গৰ পুনৰীক্ষণৰ কাম৷ চতুৰ্থ বৰ্গৰ ৫৫২ জন প্ৰাৰ্থীৰ পুনৰীক্ষণ ৪ দিনত সম্পূৰ্ণ হ’ব৷ চকুৰে নেদেখা, কাণেৰে নুশুনা বা কমকৈ শুনা, কাৰোবাৰ অষ্টি বা অন্যান্য শাৰিৰীক অক্ষমতা থকা, খোজ কাঢ়োতে অসুবিধা হোৱা এই চাৰিটা ভাগত বিশেষভাৱে সক্ষমৰ নিযুক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ তৃতীয় আৰু চতুৰ্থবৰ্গৰ মুঠ ৮২০টা পদত শাৰিৰীক বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে বাছনি লাভ কৰিছে৷ তৃতীয় বৰ্গৰ ৰ ৰ পৰা ১৩৪ ৰোল নম্বৰৰ ভিতৰত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে ১৫ মে’, ১৩৫ ৰ পৰা ২৬৮ ৰোল নম্বৰৰ প্ৰাৰ্থীসকলৰ বাবে ১৬ মে’ত মেডিকেল পৰীক্ষা অনুষ্ঠিত হ’ব৷ আনহাতে চতুৰ্থ বৰ্গৰ ৰ ৰ পৰা ১৪০ ৰোল নম্বৰৰ বাবে ১৭ মে’ত, ১৪১ ৰ পৰা ২৮০ লৈ ১৮ মে’ত, ২৮১ ৰ পৰা ৪২০ লৈ ১৯ মে’ত, ৪২১ ৰ পৰা ৫৫২ ৰোল নম্বৰৰ বাবে ২০ মে’ত আৰু কেৱল স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ বাবে ২২ মে’ত স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হ’ব৷ পুৱা ৯ বজাৰ পৰা জি এম চি এইচৰ প্ৰসূতি বিভাগৰ শৈক্ষিক হলত এই স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হ’ব৷