Logo
image

কৰ্ণাটক হেৰুৱালে আগুৱাই অনা হ’ব লোকসভা নিৰ্বাচন

আমাৰ অসম, ১২ মে’:  কৰ্ণাটকৰ সদ্যসমাপ্ত ভোট গ্ৰহণৰ পাছত প্ৰকাশিত এগ্‌জিট প’লে অধিক শংকিত কৰি তুলিছে বিজেপি দল আৰু চৰকাৰক৷ কৰ্ণাটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ অথলে যাব নেকি ইয়াকে লৈ অধিক উদ্বিগ্ন হৈ পৰিছে বিজেপি দল৷ সঁচাকৈয়ে দক্ষিণ ভাৰতৰ একমাত্ৰ ৰাজ্য কৰ্ণাটকো বিজেপিৰ হাতৰ পৰা ওলাই যাব নেকি? গেৰুৱা শিবিৰৰ বাবে এগ্‌জিট প’লে এই ক্ষেত্ৰত অধিক দুঃচিন্তা কঢ়িয়াই আনিছে৷ অধিকাংশ বুথকেন্দ্ৰিক সমীক্ষাৰ ফলাফল ত্ৰিশংকু হ’লেও সংখ্যাগৰিষ্ঠতাৰ নিচেই ওচৰত কংগ্ৰেছ দলক ৰখা হৈছে৷ কংগ্ৰেছ শিবিৰ একক সংখ্যাগৰিষ্ঠতা পাব বুলিও বহুকেইটা সমীক্ষাই দাবী কৰিছে৷ যদি এই ফলাফল সঁচাত পৰিণত হয় তেন্তে ৰাষ্ট্ৰীয় ৰাজনীতিতো যে বৃহৎ পৰিৱৰ্তন হ’ব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷  কৰ্ণাটক হেৰুৱাব পাৰে বুলি সংকেট পোৱাৰ পাছতে নতুন ৰণকৌশল সন্দৰ্ভত সক্ৰিয়ভাৱে চিন্তা-চৰ্চা আৰম্ভ কৰিছে গেৰুৱা বাহিনীয়ে৷ কৰ্ণাটকত যদি বিজেপি চৰকাৰে বিপৰ্যয়ৰ সন্মুখীন হয় তেন্তে কেন্দ্ৰীয় মন্ত্ৰীসভাত বৃহৎ ৰদবদল হোৱাটো প্ৰায় নিশ্চিত৷ এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে নিজৰ পৰিকল্পনা চূড়ান্ত কৰিছে৷ আগন্তুক নৱেম্বৰ মাহৰ ভিতৰত আৰু চাৰিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কৰ্ণাটকত ৰাজনৈতিক বিপৰ্যয়ৰ যদি সন্মুখীন হয় তেন্তে লোকসভাৰ নিৰ্বাচন চাৰিমাহ আগুৱাই আনি এই চাৰিখন ৰাজ্যৰ সৈতে একেলগে অনুষ্ঠিত কৰিব বিজেপি চৰকাৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ইমেজ ৰক্ষা’ৰ কৌশল হিচাপে এই ৰণনীতি প্ৰস্তুত কৰিছে বিজেপি দলে৷ কাৰণ বিজেপিৰ শীৰ্ষ নেতৃত্বই দলৰ স্থানীয় নেতাসকলৰ ৰাজনৈতিক সক্ষমতাক লৈ ইতিমধ্যে অনাস্থা প্ৰকাশ কৰিছে৷ অৱশ্যে এই দ্বিতীয়টো ৰণনীতিৰ ক্ষেত্ৰত কিছু অসুবিধা আছে৷ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিদলে ৰাম মন্দিৰ আৰু চেণ্ট্ৰেল ভিস্তা মুকলি কৰি দিয়াৰ পক্ষত আছে৷ এই বিষয়টোক লৈ সংঘৰ শীৰ্ষ নেতৃত্বৰে প্ৰধানমন্ত্ৰীয়ে কেবালানি বৈঠকতো মিলিত হৈছে৷ কিন্তু কোনো কাৰণতে জানুৱাৰী মাহৰ পূৰ্বে ৰাম মন্দিৰ নিৰ্মাণৰ কাম শেষ কৰা সম্ভৱ নহয় বুলি সংঘই প্ৰধানমন্ত্ৰীক জনাই দিছে৷ তেনেক্ষেত্ৰত বিজেপি দলে কি বিকল্প ব্যৱস্থা গ্ৰহণ কৰে সেইটো লক্ষণীয় হ’ব৷