Logo
image

চাৰিদুৱাৰ আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযানঃ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, বালিপৰাঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত কেকোকলীত আৰক্ষীয়ে পুনৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আটক কৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰীক৷ লগতে আৰক্ষীয়ে জব্দ কৰিছে ১৩ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। আটকাধীন যুৱকজন ইন্টাজুল আলি বুলি জানিব পৰা গৈছে৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১ লাখ টকা হ৷ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে৷ উল্লেখ যে চলিত মাহত চাৰিদুৱাৰ আৰক্ষীয়ে নৱমটো ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷