
এগ্জিট প'লে ভোট নিদিয়ে, কৰ্ণাটকত আমি বিজয়ী হ'মঃ ভৱেশ কলিতা
ডিজিটেল সংবাদ, ৰঙিয়াঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনক লৈ ৰঙিয়াত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিশেষ মন্তব্য কৰে। কৰ্ণাটকত এগ্জিট পলৰ উদ্ধৃতি দি কোন জয়ী হ'ব বুলি সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে এগ্জিট প'লে ভোট নিদিয়ে। ভোট দিয়ে ভোটাৰ ৰাইজে।পূৰ্বতে কেইবাখনো ৰাজ্যৰ নিৰ্বাচনত এগ্জিট প'লে দিয়া ধাৰণা ভুল বুলি প্ৰমাণিত হৈ ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিছে। সেইবাবে আমি নিশ্চিত কৰ্ণাটকত ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব। লগতে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্ধৰ্ভত সংবাদ মাধ্যমক বিজেপৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিচাৰাধীন হৈ আছে। বিষয়টোৰ সন্ধৰ্ভত বিজেপি দলে অপেক্ষা কৰি থকা বুলিও সভাপতি কলিতাই উল্লেখ কৰে । লগতে তেওঁ বহু বিবাহ সম্পৰ্কে উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰ গৰাকীয়ে এই ক্ষেত্ৰত সুন্দৰ পদক্ষেপ লোৱা বুলি কয়৷ ৰঙিয়াত এক আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই এইদৰে মন্তব্য কৰে।