Logo
image

বিদেশত পদক জয় অসমৰ শ্বুটাৰ হৃদয়ৰ

আমাৰ অসম, ১৩ মে’: আজাৰবাইজানৰ বাকো চহৰত অনুষ্ঠিত আইএছএছএফ বিশ্ব কাপৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ শাখাত অসমৰ শ্বুটাৰ হৃদয় হাজৰিকাই ৰূপৰ পদক অৰ্জন কৰে৷ বৃহস্পতিবাৰে  অনুষ্ঠিত হোৱা খেলত হৃদয়  মাত্ৰ ০.৫ পইণ্টৰ বাবে স্বৰ্ণ পদকৰ পৰা বঞ্চিত হয়৷ স্বৰ্ণ পদক লাভ কৰে হাঙ্গেৰীৰ শ্বুটাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন জালান পেকলালে৷ ব্ৰঞ্জৰ পদক লাভ কৰে চীনৰ শ্বুটাৰ অলিম্পিক ৰূপ জয়ী লিহাঅ চেঙে৷ প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ৰ ছিনিয়ৰ শাখাত এইটো প্ৰথম  পদক৷ ইয়াত আগত খেলুৱৈজনে কাইৰো আৰু ভূপালত অনুষ্ঠিত হোৱা আইএছএছএফ বিশ্ব কাপত অংশগ্ৰহণ কৰিছিল যদিও পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ প্ৰতিযোগিতাৰ কোৱালিফিকেচন মেচত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অন্তিম দুটা ৰাউণ্ডত ক্ৰমে ১০৬.৪ আৰু ১০৫.৮ পইণ্ট শ্বট কৰি মুঠ ৬৩০.৩ পইণ্টৰে ফাইনেলত উপনীত হয় হৃদয়৷ চূড়ান্ত খেলত প্ৰথমৰ পৰাই প্ৰ্যতয়জনক প্ৰদৰ্শন কৰিছিল শ্বুটাৰজনে৷ হৃদয় অহা ১৪ মে’ত গুৱাহাটীলৈ উভতিব৷ আনহাতে, প্ৰতিযোগিতাখনত মহিলাৰ দহ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ হৈ স্বৰ্ণপদক জয় কৰে হাৰিয়ানাৰ নান্সীয়ে৷ বিশ্বকাপত লাভ কৰা সফলতাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই হৃদয় আৰু নান্সীক অভিনন্দন জনাইছে৷ অসম ৰাইফল আৰু শ্বুটিং সন্থাৰ সম্পাদক ভৱ কলিতায়ো হৃদয়ক অভিনন্দন জ্ঞাপন কৰিছে৷