Logo
image

কংগ্ৰেছৰ মতিগতি ভাল নহয়, নীতীশৰ ওচৰ পালেগৈ আজমল

আমাৰ অসম, ১৩ মে’: ৰাজীব ভবনে মিত্ৰতাৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পিছতে শুকুৰবাৰে পাটনাত উপস্থিত হৈ বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰক মিত্ৰতাৰ প্ৰস্তাব আগবঢ়ায় বদৰুদ্দিন আজমলে৷ লোকসভাৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী দলসমূহে যি মৰ্চা গঠনৰ তৎপৰতা অব্যাহত ৰাখিছে সেই মৰ্চাত অন্তৰ্ভুক্ত হোৱাৰ প্ৰস্তাব লৈ নীতীশ কুমাৰক সাক্ষাৎ কৰে আজমলে৷ পুৱা পাটনাত উপস্থিত হোৱাৰ পিছতে আজমলে সদলবলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতীশ কুমাৰৰ বাসভৱনলৈ যায়৷        
প্ৰায় ডেৰ ঘণ্টা ধৰি ৰাজনৈতিক নেতাদ্বয়ৰ মাজত বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো বিস্তৃতভাৱে পৰ্যালোচনা হয়৷ আজমলৰ অনুৰোধ ৰক্ষা কৰি এই বৈঠকতে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনত নীতীশ কুমাৰৰ নেতৃত্বত বিজেপি বিৰোধী মহাজোট বন্ধন গঠনৰ যি তৎপৰতা অব্যাহত আছে সেই মহাজোট বন্ধনত এ আই ইউ ডি এফ দলক অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত নীতীশ কুমাৰ সন্মত হয়৷ কিন্তু বদৰুদ্দিন আজমলৰ এই শেহতীয়া কাৰ্যক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত নানা প্ৰশ্ন উত্থাপিত হৈছে৷ ৰাজীব ভৱনে ইতিমধ্যে এ আই ইউ ডি এফৰ মিত্ৰতা সম্পূৰ্ণৰূপে নাকচ কৰিছে৷ ৰাজীৱ ভৱনৰ এই স্থিতিৰ পিছতে আজমলে কংগ্ৰেছ হাইকমাণ্ডক সৈমান কৰি কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ অহৰহ চেষ্টা কৰে৷ কিন্তু এই ক্ষেত্ৰতো বিফল হয় আজমল৷ ৰাজীব ভৱনৰ সমান্তৰালভাৱে কংগ্ৰেছ হাইকমাণ্ডেও আজমলৰে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি দিয়ে৷ ফলত নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষা কৰাৰ স্বাৰ্থতে আজমলে কংগ্ৰেছৰ অন্যতম ঘনিষ্ট নীতীশ কুমাৰৰ শৰণাপন্ন হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰে আজমলৰ গোপন বুজাবুজি থকা বুলি কংগ্ৰেছ দলে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে৷ মূলতঃ মিত্ৰতাৰ নামত আজমল বাহিনীয়ে কংগ্ৰেছক শেহতীয়া বহুকেইটা নিৰ্বাচনত বিশ্বাসঘাটকতা কৰা বুলি ৰাজীব ভৱন নিশ্চিত হৈছে৷ এই বিশ্বাসঘাটকতা সম্পূৰ্ণৰূপে পূৰ্ব পৰিকল্পিত বুলি কংগ্ৰেছে গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে৷ সেয়ে কংগ্ৰেছৰ পৰা প্ৰত্যাখান হোৱাৰ পিছত কৌশলেৰে নীতীশ কুমাৰৰ শৰণাপন্ন হৈ বিজেপি বিৰোধী জোটবন্ধনত নিজৰ স্থান সুৰক্ষিত কৰিব বিচাৰিছে আজমল বাহিনীয়ে৷ তেনে ক্ষেত্ৰত অসমত কংগ্ৰেছৰে আসন ভাগ বটৰোৱা কৰাৰ ক্ষেত্ৰত দৰ-দাম কৰিব পাৰিব বুলি আজমলে কৌশল ৰচনা কৰিছে৷ মহাজোট বন্ধনৰ অংশ হিচাপে কংগ্ৰেছ দলেও তেতিয়া আজমলৰে আসন বুজাবুজি কৰিবলৈ বাধ্য হ’ব বুলি আজমলে আশা কৰিছে৷ হয়তো পৰোক্ষভাৱে আজমলে কংগ্ৰেছৰ পৰা পোৱা অপমানৰ পোটত এনেদৰে তোলাৰ ৰণকৌশল ৰচনা কৰিছে৷ এনে পৰিস্থিতি কংগ্ৰেছৰ স্থিতি কি হয় সেয়া সময়তহে স্পষ্ট হ’ব৷ আজমলে হয়তো মহাজোটৰ জৰিয়তে কংগ্ৰেছ নেতৃত্বৰ ওপৰত হেচা দিব বিচাৰিছে মিত্ৰতাক লৈ৷

আজমলে ভ্ৰম বকিছে, লুৰীণক প্ৰাৰ্থিত্ব দিলে আপত্তি নাই: ঘাটোৱাৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে চৰকাৰখনৰ দুবছৰ বৰ্ষপূৰ্তি উদ্‌যাপন কৰি থকাৰ সময়ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ একাংশ শীৰ্ষ নেতৃত্বই শিৱসাগৰত এখন সংবাদ মেল সম্বোধিত কৰি বিজেপি চৰকাৰৰ শাসনক অপশাসন আখ্যা দিয়ে৷ ইয়াৰ মাজতে শুকুৰবাৰে সংবাদ মেলত উপস্থিত থাকি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ দলৰে মিত্ৰতা তথা বদৰুদ্দিন আজমল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা নকৰিলে কংগ্ৰেছ দলে তিনিটা লোকসভা সমষ্টি হেৰুৱাব বুলি কৰা বদৰুদ্দিন আজমলে দিয়া মন্তব্যক হাস্যকৰ বুলি অভিহিত কৰি ঘাটোৱাৰে কয় যে কংগ্ৰেছ দলে আন এঘাৰটা দলৰ লগত কৰিব লোৱা মিত্ৰতাত বদৰুদ্দিন আজমলৰ দলক আঁতৰাই ৰখাৰ বাবে তেওঁ এইবোৰ বলকি আছে৷ কোনো এজন লোকৰ কথাত ৰাইজে ভোট নিদিয়ে বুলি তেওঁ উল্লেখ কৰি সেয়া ৰাইজে নিৰ্ধাৰণ কৰিব, বদৰে ক’লে ৰাইজে ভোট দিব নক’লে নিদিয়ে তেনে কথা নাই বুলি তেওঁ উল্লেখ কৰে৷ আনহাতে একাংশ কংগ্ৰেছ নেতাই বিজেপি দলৰ পৰা দৰমহা লোৱা বুলি বদৰে কৰা মন্তব্য সন্দৰ্ভত কংগ্ৰেছ নেতাজনে কয় যে এইবোৰ ভিত্তিহীন কথা৷ বদৰৰ কল্পনা৷ সেইদৰে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ সৈতে হোৱা মিত্ৰতাত ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰীণজ্যোতি গগৈক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা এতিয়াও নিশ্চিত নহয় বুলি তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে যদি দলে সময়ত এনে সিদ্ধান্ত লয় তেন্তে তেওঁৰ আপত্তি নাথাকিব৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সাতবাৰ প্ৰতিদ্বন্দ্বিতা কৰি পাঁচবাৰ জয়ী হোৱা মোৰ এতিয়া আৰু প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা নাই বুলি তেওঁ উল্লেখ কৰে৷ মই এতিয়া কেৱল দলক জয়ী কৰাৰ বাবে সমগ্ৰ অসমত প্ৰচাৰ চলাই যাম বুলিও তেওঁ জানিবলৈ দিয়ে৷