Logo
image

মিত্ৰতা বিচাৰি দুৱাৰে দুৱাৰে আজমল, এইবাৰ পাৱাৰৰ কাষত

আমাৰ অসম, ১৪ মে’: কংগ্ৰেছে বাৰম্বাৰ মিত্ৰতা নাকচ কৰাৰ পাছত কংগ্ৰেছসহ বিজেপিবিৰোধী মৰ্চাৰে মিত্ৰতা কৰিবলৈ বক্ৰপথ অবলম্বন কৰিছে আজমল বাহিনীয়ে৷ মিত্ৰতা বিচাৰি বিৰোধী দলৰ নেতৃত্বৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিছে আজমল৷ কংগ্ৰেছৰে পৰোক্ষভাৱে মিত্ৰতা কৰিবলৈ এনে নতুন কৌশল অবলম্বন কৰিছে বদৰুদ্দিন আজমলে৷ শুকুৰবাৰে নিশা বদৰুদ্দিন আজমল নীতিশ কুমাৰৰ শৰণাপন্ন হৈছে৷ নীতিশ কুমাৰক সাক্ষাতৰ পাছত আজমলে দলেবলে শৰণাপন্ন হৈছে শাৰদ পাৱাৰৰ৷ ৰাজীৱ ভৱনে মিত্ৰতাৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পাছত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ায় আজমল বাহিনীয়ে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী দলসমূহ যি মৰ্চা গঠনৰ তৎপৰতা অব্যাহত ৰাখিছে সেই মৰ্চাত অন্তৰ্ভূক্ত হোৱাৰ প্ৰস্তাৱলৈ নীতিশ কুমাৰক সাক্ষাৎ কৰি আজমলে৷ শনিবাৰে একেটা প্ৰস্তাৱ লৈ আজমলে এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক সাক্ষাৎ কৰে৷ আমিনুল ইছলামসহ কেইবাজনো বিধায়কক লগত লৈ শাৰদ পাৱাৰক সাক্ষাৎ কৰে আজমলে৷ পাৱাৰৰে প্ৰায় এঘণ্টা ধৰি বৈঠকত মিলিত হয় আজমল বাহিনী৷ উল্লেখ্য, প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ উপৰি কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বয়ো আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ সৈতে কোনো কাৰণতে মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী দলসমূহৰ মৰ্চা গঠন কৰিবলৈ তৎপৰতা অব্যাহত থকা সময়ত উক্ত মৰ্চাত ইউ ডি এফকো অন্তৰ্ভুক্ত কৰাৰ আৰ্জিৰে হয়তো দুই শীৰ্ষ নেতাক সাক্ষাৎ কৰিছে আজমলে৷ কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ উদ্বাউল হৈ থকা আজমলে নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰৰ জৰিয়তে হেঁচা প্ৰয়োগৰ জৰিয়তে বিজেপি বিৰোধী মৰ্চাত চামিল হ’বলৈ হয়তো এনে কৌশল অৱলম্বন কৰিছে৷ কিন্তু এনে কোনো কৌশলেও আজমলে কংগ্ৰেছৰ ওচৰ চাপিব নোৱাৰে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ তেওঁৰ স্পষ্ট কথা– কংগ্ৰেছে বিজেপি বা বিজেপিৰ এজেণ্টৰ সৈতে মিত্ৰতা নকৰে৷ এনে কিবা প্ৰস্তাব গ’লেও এই ক্ষেত্ৰত অসম কংগ্ৰেছৰ পৰামৰ্শ নোলোৱাকৈ কাম নকৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই৷ অৱশ্যে ইউডিএফ বিধায়ক ৰফিকুল ইছলামে মিত্ৰতাৰ প্ৰস্তাৱ লৈ আজমলে নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰক সাক্ষাৎ কৰাৰ কথা অস্বীকাৰ কৰিছে৷ তেওঁৰ মতে নীতিশ কুমাৰৰ আমন্ত্ৰণমতে আজমলে দলীয় কৰ্মীক লগত লৈ সাক্ষাৎ কৰিছে৷