Logo
image

পশ্চিমবংগত চলিব ‘কেৰালা ষ্ট’ৰী’ নিষিদ্ধ ইংলেণ্ডত

আমাৰ অসম, ১৯ মে’:  ‘দ্য কেৰালা ষ্টৰী’ ছবিখনৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত পশ্চিমবংগ চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাত উচ্ছতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে৷ সেই অনুসৰি এতিয়াৰে পৰা বংগত ছবিখনৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত কোনো বাধা নৰজিব৷ তাৎপৰ্যপূৰ্ণ যে দেশৰ শীৰ্ষ আদালতখনে ছবিখনৰ নিষেধাজ্ঞাত স্থগিতাদেশ আনিলেও বৃটেইনত কিন্তু  ‘দ্য কেৰালা ষ্ট’ৰী’ নামৰ ছবিখন নিষিদ্ধ কৰা হৈছে৷ ছবিখনক কেন্দ্ৰ কৰি যাতে বৃটেইনত কোনো বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশখনত ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰা হৈছে৷ ফলত বৃটেইনত ছবিখন যোৱা ১২ মে’তে মুক্তি পোৱাৰ কথা আছিল যদিও আজিলৈকে ছবিগৃহত প্ৰদৰ্শনৰ বাবে  প্ৰয়োজন হোৱা বিবিএফচি অৰ্থাৎ ব্ৰিটিছ ব’ৰ্ড অফ ফিল্ম ক্লাছিফিকেশ্বনৰ পৰা লাভ কৰিব লগা প্ৰমাণ-পত্ৰ পাবলৈ সক্ষম হোৱা নাই৷ ইয়াকে লৈ স্বাভাৱিকতে অস্বস্তিৰ সন্মুখীন হৈছে ছবিখনৰ পৰিচালক তথা নিৰ্মাতা৷ উল্লেখ্য যে সুদীপ্ত সেন পৰিচালিত ‘দ্য কেৰালা ষ্ট’ৰী’প্ত মে’ত মুক্তি লাভ কৰাৰ পাছৰে পৰা ছবিখনক কেন্দ্ৰ কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি হয়৷ বহুতে ছবিখনৰ বিষয়-বস্তুৱে সাম্প্ৰদায়িকতাক উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰে৷ তামিলনাডু, কেৰালাকে ধৰি একাংশ ৰাজ্যত আনকি ‘দ্য কেৰালা ষ্ট’ৰী’ক লৈ বিক্ষিপ্ত ঘটনাৰো সূত্ৰপাত ঘটে৷ একেদৰে মহাৰাষ্ট্ৰৰো দুই এঠাইত সৰু-সুৰা হিংসাত্মক ঘটনা সংঘটিত হয়৷ যাৰ বাবে বিৰোধী দলসমূহে ভাৰতত ‘দ্য কেৰালা ষ্ট’ৰী’ক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰে৷ কিন্তু ইয়াৰ বিপৰীতে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশৰ দৰে বিজেপি শাসিত ৰাজ্যসমূহত আকৌ এই ছবিখনক কৰমুক্ত ঘোষণা কৰা হয়৷ পশ্চিমবংগত যাতে ছবিখনক লৈ কোনো হিংসাৰ সূত্ৰপাত নঘটে তাৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বংগত যোৱা ৮ মে’ত দ্য কেৰালা ষ্ট’ৰীৰ প্ৰদৰ্শন নিষিদ্ধ কৰে৷ কিন্তু মমতা চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় ছবিখনৰ নিৰ্মাতা তথা প্ৰযোজক গোষ্ঠী৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতখনে উল্লেখ কৰে যে ‘দ্য কেৰালা ষ্টৰী’ দেশৰ বিভিন্ন ৰাজ্যত প্ৰদৰ্শিত হৈছে৷ কিন্তু কোনো ৰাজ্যৰ পৰা অশান্তিৰ বাতৰি পোৱা নাই৷ মুক্তিৰ পাছত পশ্চিমবংগতো তিনিদিন ছবিখনৰ প্ৰদৰ্শন হয়৷ পিছে কোনো হিংসাত্মক ঘটনা ঘটা নাই৷ সেয়ে উচ্ছতম ন্যায়ালয়ে পশ্চিমবংগ চৰকাৰৰ নিষেধাজ্ঞাত স্থগিতাদেশ দিবলৈ বাধ্য হয়৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে লগতে জনায় যে ছবিখনক কেন্দ্ৰ কৰি বংগৰ কোনো ঠাইত যদি বিক্ষিপ্ত ঘটনা ঘটিলেহেঁতেন তেতিয়া হয়তো নিষেধাজ্ঞাৰ বিষয়টো আহি পৰিলেহেঁতেন৷ কিন্তু আদালতৰ পৰ্যৱেক্ষণত দেখা গৈছে যে পশ্চিমবংগত এই পৰ্যন্ত তেনে কোনো ঘটনাৰ সূত্ৰপাত ঘটা নাই৷ এনেস্থলত বংগত ‘দ্য কেৰালা ষ্ট’ৰী’ক নিষিদ্ধ কৰাৰ প্ৰশ্ন আহিব নোৱাৰে৷ যাৰ বাবে আদালতে বংগ চৰকাৰৰ নিষেধাজ্ঞাত স্থগিতাদেশ আনিবলৈ বাধ্য হয় বুলি মুখ্য ন্যায়াধীশে উল্লেখ কৰে৷