Logo
image

দাড়ি-টুপী মানেই বাংলাদেশী নহয়

আমাৰ অসম, ১৯ জানুৱাৰীঃ ‘বদৰুদ্দিন আজমলক দেশৰ শত্ৰুৰূপে গণ্য কৰি বিজেপি চৰকাৰে এখন খেল খেলিছে৷ আজমল ডাঙৰ শত্ৰু নে বিজেপি ডাঙৰ শত্ৰু সেয়া ৰাইজে বুজি উঠা উচিত৷’– এই ভাষ্য বিশিষ্ট বুদ্ধিজীৱী, চিন্তাবিদ ড॰ হীৰেণ গোহাঁইৰ৷ সোমবাৰে গুৱাহাটীৰ জু-ৰোড তিনিআলিস্থিত বৃন্দাবন গাৰ্ডেনৰ বাকৰিত আঞ্চলিক গণ মৰ্চাৰ ৰাজ্যিকভিত্তিত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনখন উদ্বোধন কৰি বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁয়ে লগতে কয়– ‘অজমলে অসম শেষ কৰিব পাৰিবনে, তেওঁৰ তেনেকুৱা ইচ্ছা থকা যেন মোৰ মনে নকয়৷ তেওঁৰ কাৰ্যকলাপ দেশদ্ৰোহী যেন নহয়৷ আজমলৰ দাঢ়ি, টুপী দেখিয়েই তেওঁক দেশদ্ৰোহী, সন্ত্ৰাসবাদী বুলি ক’লেই নহ’ব৷ তাৰ প্ৰমাণ দিব লাগিব৷ বিজেপিয়ে জনগণৰ মাজত সাম্প্ৰদায়িক ভেদ-ভাৱ আনি দিছে৷ বিজেপিয়ে পৰিকল্পিতভাৱে বিগত এশ বছৰ ধৰি হিন্দু ৰাষ্ট্ৰ গঠনৰ বাবে কাম কৰি আছে৷ দেশৰ ভূমিত হিন্দুৰ যি অধিকাৰ আছে সেই সমানে অধিকাৰ আনৰো আছে৷ সংবিধানতেই আছে ভাৰত সাৰ্বভৌমত্ব দেশ৷ সেয়ে বিজেপিৰ দৰে শত্ৰুক পৰাভূত কৰিবলৈ সকলোৱে একত্ৰিত হোৱা দৰকাৰ৷ বিজেপিয়ে ‘কা’ আইন আনিলে৷ অসমৰ প্ৰাকৃতিক সম্পদ অসমৰ কোনো ধৰণৰ লাভ নোহোৱাকৈ বৃহৎ ব্যৱসায়ীৰ হাতত গটাই দিছে৷ বিজেপিৰ পৰাহে অসমৰ জনগণৰ বহু বেছি ক্ষতি হৈছে৷ আজমলকো সকলো মুছলমানে সমৰ্থন নকৰে৷ কিন্তু ইমান দিনে মই ৰাজনীতিৰ কথাবোৰ লক্ষ্য কৰি আছো আৰু অসমক লৈ আজমলৰ কিবা তেনে ষড়যন্ত্ৰমূলক অভিপ্ৰায় থকাযেন মোৰ তেনে ধাৰণা হোৱা নাই৷ এইটো বিজেপিৰ মিছা প্ৰচাৰৰ ফলত হোৱা ত্ৰাস৷ বিজেপিয়ে বিভিন্ন অজুহাততে জনসাধাৰণৰ পৰা ধন লৈ গৈছে৷ অথচ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ হোৱা নাই৷ এই অভিৱৰ্তন এটা নতুন ৰাজনৈতিক দলক প্ৰতিষ্ঠা কৰাৰ মানসেৰে অনুষ্ঠিত হৈছে৷ এটা আঞ্চলিক দলৰ প্ৰতি বিশ্বাস হেৰুৱাই যোৱা বাবে আন আঞ্চলিক দলৰ জন্ম হৈছে৷ যি বিজেপিয়ে দেশৰ নানা ঠাইত নিৰীহ মুছলমানক হত্যা কৰাৰ পাছতো কোনো ব্যৱস্থা নল’লে৷ সেই বিজেপিয়ে নামনি অসমত মুছলমানক দলত অন্তৰ্ভুক্ত কৰিছে কেৱল মাত্ৰ নিৰ্বাচনৰ স্বাৰ্থত৷ সেয়ে ভোট বিভাজিত হ’ব নিদিয়া কথাটো প্ৰতিটো বিৰোধী দলে গুৰুত্ব দিব লাগিব, অন্যথা সুৰুঙাৰে বিজেপি ওলাই যাব৷ এতিয়া চৰকাৰৰ বিৰুদ্ধে মুকলিকৈ মত ব্যক্ত কৰিবলৈ মানুহে ভয় কৰা হ’ল৷ এইটো কেতিয়াও গণতান্ত্ৰিক চৰকাৰৰ পৰিৱেশ হ’ব নোৱাৰে৷ দেশত অৰাধীৰ নৃশংসতা বৃদ্ধি পাইছে৷ এক কৃত্ৰিম উত্তেজনাত দেশৰ জনগণক বন্দী কৰা হৈছে৷ হিন্দু, মুছলমান সকলো দেশৰ নাগৰিক, কাকো বাদ দিব নোৱাৰি৷ জনসাধাৰণক এই ক্ষেত্ৰত ঐক্যবদ্ধ কৰিব লাগিব, ইয়াৰ গত্যন্তৰ নাই৷ গতিকে ৰাইজ সজাগ হোৱা অতিকৈ প্ৰয়োজন৷’ অভিৱৰ্তনখন ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণমৰ্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হয়৷ তেওঁ ভাষণ প্ৰসংগত কয়– ‘বিজেপিক ২০২১ৰ নিৰ্বাচনত প্ৰতিহত কৰিবলৈ আমি সকলো বিৰোধী দলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনালোঁ৷ অসমৰ স্বাৰ্থত সকলো বিৰোধী ৰাজনৈতিক, আঞ্চলিক দল একত্ৰিত নহ’লে আমি সঠিক ৰণকৌশল প্ৰস্তুত কৰিব নোৱাৰিম৷ বিজেপিক পৰাভূত কৰিব নোৱাৰিম৷ সেয়ে আমি সকলো বিৰোধী দল, আঞ্চলিক দলৰ মতামত বিচাৰিছোঁ৷ আমি অকলে কেতিয়াও বিজেপি দলক প্ৰত্যাহ্বান জনাব নোৱাৰিম৷ এয়া আমাৰ দৃষ্টিভংগী৷ এয়া আমাৰ বাস্তৱৰ ভিত্তিত গ্ৰহণ কৰা সিদ্ধান্ত৷ বিপদৰ সময়ত আমি সকলো একত্ৰিত হোৱা বিচাৰিছোঁ৷ আজমলৰ দাঢ়ি-টুপী দেখি সন্ত্ৰাসবাদী ক’লে নহ’ব, ইয়াৰ বাস্তৱ ভিত্তি থাকিব লাগিব৷ আমাৰ এই অভিৱৰ্তনৰ প্ৰতি ৰাজ্যৰ বৌদ্ধিক মহলে ইতিবাচক সঁহাৰি আগবঢ়াইছে৷’ এই অভিৱৰ্তনত বামপন্থী নেতা হেমেন দাসে কয়– ‘বিজেপিয়ে দেশ বিক্ৰী কৰাৰ লগতে জনগণক পেতে-ভাতে মাৰিব বিচাৰিছে৷ সাম্প্ৰদায়িক বিজেপিক উৎখাত কৰিবলৈ সকলো ঐক্যবদ্ধ হোৱা উচিত৷’ এই অভিৱৰ্তনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিশিষ্ট লেখিকা অৰূপা পতংগীয়া কলিতা, শিল্পী লোকনাথ গোস্বামী, এল ডি পিৰ নেতা গুণ গগৈ, চি পি এমৰ নেতা দেৱেন ভট্টাচাৰ্য, অসম সংগ্ৰামী মঞ্চৰ নেতা ইন্দ্ৰ মোহন সৰকাৰ, চি পি এম এলৰ নেতা বিবেক দাস, বিশিষ্ট চিন্তাবিদ লক্ষ্মীনাথ তামুলী, অধিবক্তা নেকিবুৰ জামান, জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামী, গুৱাহাটী বিশ্ববিদ্যায়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নান, আঞ্চলিক গণ মৰ্চাৰ সমন্বয়ক মনজিৎ মহন্ত আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অভিৱৰ্তনত সকলো গণতান্ত্ৰিক, আঞ্চলিকতাবাদী, বাঁওপন্থী ঐক্যবদ্ধ হৈ সাম্প্ৰদায়িক আৰু ফেচিষ্ট বিজেপিক ক্ষমতাচ্যুৎ কৰা, ‘কা’ অসম আৰু অসমীয়া ধবংসৰ ষড়যন্ত্ৰ মানি নোলোৱা, অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰা, প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰে ভাৰতবৰ্ষৰ পুনৰ গঠন কৰা, ভূমি সংস্কাৰ কৰা, বানপানী, গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, অখিল গগৈ, দেৱাংগণা কলিতাসহ সকলো ৰাজনৈতিক কাৰাবন্দীক মুক্তি দিয়া, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা মুঠ আঠ দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ অভিৱৰ্তনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আঞ্চলিক গণ মৰ্চাৰ বহুসংখ্যক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷