Logo
image

কোহলি আৰু ১৮ নম্বৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে তেওঁ ১৮ নম্বৰ জাৰ্ছী পৰিধান কৰাৰ আঁৰৰ কাৰণ বাখ্যা কৰিছে৷ এটা টেলিভিশ্বন চেনেলৰ আগত কোহলিয়ে কয়–‘মই অনূধবৰ্-১৯ বিশ্বকাপ খেলাৰ পৰাই ১৮ নম্বৰ জাৰ্ছী পিন্ধিছো৷ মই নিজে কেতিয়াও কোনো জাৰ্ছী বিচৰা নাই৷ মোক ১৮ নম্বৰ জাৰ্ছী দিছিল আৰু তেতিয়াৰ পৰা সেইটোৱে পিন্ধি আছো৷’ নিজে নিবিচাৰিলেও ১৮ সংখ্যা কোহলিৰ জীৱনৰ সৈতে জড়িত হৈ পৰিছে৷ কোহলিৰ জীৱনৰ দুটা বৃহৎ ঘটনা ঘটিছিল ১৮ তাৰিখে৷ এটা আনন্দৰ, আনটো দুখৰ৷ কোহলিয়ে কয়–‘২০০৮ চনৰ ১৮ আগষ্টত ভাৰতৰ হৈ মোৰ অভিষেক ঘটিছিল৷ ইয়াৰ ঠিক দুবছৰৰ আগেয়ে ২০০৬ চনৰ ১৮ ডিচেম্বৰত মোৰ দেউতাৰ মৃত্যু হৈছিল৷ মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঘটনা দুটা ১৮ তাৰিখেই ঘটিছিল৷’ জাতীয় দলৰ লগতে আই পি এলৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈও ১৮ নম্বৰ জাৰ্ছী পিন্ধি খেলপথাৰত নামে কোহলি৷ এই জাৰ্ছী নম্বৰ ইমান বিখ্যাত হ’ব বুলি তেওঁ ভাবিবও পৰা নাছিল৷ কোহলিয়ে কয়–‘এতিয়া দেখিছো সৰু সৰু ল’ৰায়ো ১৮ নম্বৰ জাৰ্ছী পিন্ধি খেলিছে৷ ১৮ নম্বৰ জাৰ্ছীৰ প্ৰতি এই ভাল পোৱা দেখি মই অবাক হৈ যাও৷ ইমান ভালপোৱা পাম বুলি কেতিয়াও ভবা নাছিলো৷’ চলিত আই পি এলত কোহলিয়ে ভাল প্ৰদৰ্শন দাঙি ধৰিছে৷ 
কেৱল ১৮ নম্বৰ জাৰ্ছীয়েই নহয়, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ১৮ মে’ৰ দিনটো কোহলিৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ৷ আই পি এলত ছটা শতক আৰু ৫০টা অৰ্ধশতকৰ অধিকাৰী কোহলিয়ে এইবাৰৰ আই পি এলত ১৮ মে’ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৬৩টা বলত  শতকীয় ইনিংছ খেলিছিল৷ খেলখনত কোহলিৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ জয়ী হৈছিল আঠ উইকেট৷ ইয়াৰ পূৰ্বেও কোহলিয়ে আই পি এলত ১৮ মে’ত দুবাৰ স্মৰণীয় ইনিংছ খেলিছিল৷ ২০১৬ চনত পঞ্জাব আৰু ৰয়েল চেলেঞ্জৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে ১৫ অভাৰলৈ হ্ৰাস কৰা হৈছিল৷ খেলখনত ৫০টা বলত ১১৩ ৰান সংগ্ৰহ কৰিছিল কোহলিয়ে, যাৰ ফলত ৰয়েল চেলেঞ্জাৰ্ছে ১৫ অভাৰত সংগ্ৰহ কৰিছিল ২১ৰ ৰান৷ আনহাতে, ২০১৩ চনৰ আই পি এলৰো বৰ্ষাবিঘ্নিত আন এখন খেলত উজলি উঠিছিল কোহলি৷ সেই খেলখন হ্ৰাস কৰা হৈছিল আঠ অভাৰলৈ৷ সেইখন খেলত ২৯টা বলত কোহলিৰ অৱদান আছিল ৫৬ ৰান৷ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে  ২৪ ৰানত জয়ী হোৱা সেই খেলখনতো ‘প্লেয়াৰ অৱ দ্য মেচ’ বিবেচিত হৈছিল৷ এই দুখন খেলৰ উপৰি ২০১৪ চনৰ আই পি এলৰো ১৮ মে’ত কোহলিয়ে খেলিছিল আন এখন খেল৷ অৱশ্যে সেই খেলখনত কোহলিৰ বেটৰ পৰা আহিছিল কেৱল ২৭  ৰান৷ ১৮ মে’ৰ দিনটো কোহলিৰ বাবে যেনেদৰে সৌভাগ্যৰ দিন, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বাবেই দিনটো সৌভাগ্যৰ দিন৷ কিয়নো এই দিনটোত কোহলিৰ দলটো কোনো খেলত পৰাস্ত হোৱা নাই৷