Logo
image

ভাৰতত ফুটবল, হকী খেলিবলৈ সন্মত পাকিস্তান

ভাৰতে এছিয়া কাপৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে বুলি স্পষ্ট কৰি দিয়াৰ পাছত তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অক্টোবৰ-নৱেম্বৰত হ’বলগীয়া ৫০ অভাৰৰৰ বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰত ভ্ৰমণ কৰাৰ পৰা বিৰত থকাৰ ভাবুকি দিছিল পাকিস্তান ক্ৰিকেট ব’ৰ্ডে৷ পাকিস্তানৰ সৈতে তিক্ততাপূৰ্ণ ৰাজনৈতিক সম্পৰ্কৰ বাবে বিগত এটা দশকতকৈও অধিক সময় দেশখনৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক ক্ৰিকেট, ফুটবল আৰু হকীৰ দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হোৱা নাই৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলৰ টুৰ্নামেণ্টৰ লগতে অলিম্পিক, কমনৱেল্‌থ গেমছ, ছাফ গেমছ আদিৰ দৰে প্ৰতিযোগিতাতহে ভাৰত আৰু পাকিস্তান পৰস্পৰৰ সন্মুখীন হৈছে৷ বিশ্বকাপ ক্ৰিকেটৰ বাবে ভাৰত ভ্ৰমণ কৰা বিষয়টো ভাবি চোৱা হ’ব বুলি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে মন্তব্য কৰিলেও অহা মাহত ভাৰতত হ’বলগীয়া ছাফ ফুটবল আৰু আগষ্টত চেন্নাইত হ’বলগীয়া হকীৰ এছিয়ান চেম্পিয়নশ্বিপত পাকিস্তানে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে৷ উল্লিখিত টুৰ্নামেণ্ট দুখনত খেলিবলৈ আহিবলগীয়া পাকিস্তানী খেলুৱৈৰ ক্ষেত্ৰত ভিছাৰ কোনো সমস্যা নহ’ব বুলি ভাৰতৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছে৷
আয়োজক ভাৰত, লেবানন, কুৱেইট আৰু পাকিস্তানৰ লগতে প্ৰতিযোগিতাখনত অংশ ল’ব লগা আনকেইটা দল হ’ল–নেপাল, ভূটান, বাংলাদেশ আৰু মালদ্বীপ৷ ফিফাৰ দ্বাৰা নিলম্বিত হৈ থকাৰ বাবে শ্ৰীলংকাক প্ৰতিযোগিতাখনত দেখা পোৱা নাযাব৷ আনহাতে কেইবছৰমানৰ আগেয়ে আফগানিস্তানে ছাফ ত্যাগ কৰি চেণ্ট্ৰেল এছিয়ান ফুটবল ফেডাৰেশ্বনত যোগ দিছে৷ আভ্যন্তৰীণ কাৰণৰ বাবে ২০১৫ চনত ভাৰতত অনুষ্ঠিত ছাফ টুৰ্নামেণ্টলৈ দল প্ৰেৰণ কৰা নাছিল পাকিস্তানে৷ আনহাতে ফিফাৰ দ্বাৰা নিলম্বিত হৈ থকাৰ বাবে দলটোৱে ২০২১ চনত প্ৰতিযোগিতাখনত অংশ ল’ব পৰা নাছিল৷ যোৱা বছৰ এই নিলম্বন উঠাই লোৱা হয়৷ ভাৰতে ছাফ টুৰ্নামেণ্টখনত অভিলেখ আঠবাৰ খিতাপ জয় কৰিছে৷ ডিফেণ্ডিং চেম্পিয়ন মালদ্বীপে দুবাৰ প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰিছে৷ আফগানিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাই এবাৰকৈ প্ৰতিযোগিতাখনৰ খিতাপ জয় কৰিছে৷ ইপিনে, এছিয়ান হকী ফেডাৰেশ্বনৰ টুৰ্নামেণ্ট চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব ৩-১২ আগষ্টত৷ ২০১৮ চনৰ পাছত পাকিস্তানৰ হকী দলৰ এয়া হ’ব প্ৰথম ভাৰত ভ্ৰমণ৷ পাঁচ বছৰ পূৰ্বে ভুৱনেশ্বৰত অনুষ্ঠিত হকী বিশ্ব কাপত পাকিস্তানে ভাগ ল’লেও ভাৰত-পাকিস্তানৰ মুখামুখি হোৱা নাছিল৷