Logo
image

নাডালৰ অৱসৰৰ ইংগিত

বছৰৰ প্ৰথমখন গ্ৰেণ্ড শ্লেম অষ্ট্ৰেলিয়ান অ’পেনত আঘাত পাইছিল ৰাফেল নাডালে আৰু সেই আঘাত এতিয়াও সম্পূৰ্ণ উপশম হোৱা নাই৷ ফিটনেছৰো সমস্যা আছে তেওঁৰ৷ সেইবাবে ২৮ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ফ্ৰেন্স অ’পেনৰ পৰা নাম প্ৰ্যত্যাহাৰ কৰিছে স্পেনিছ তাৰকাজনে৷ ২২টা গ্ৰেণ্ড শ্লেমৰ অধিকাৰী খেলুৱৈজনে মায়োৰ্কাস্থিত নিজৰ টেনিছ একাডেমীত এই ঘোষণা কৰিছে৷ সম্পূৰ্ণ ফিট হোৱালৈ হয়তো নাডালক কিছু সময়ৰ প্ৰয়োজন হ’ব৷ সেইবাবে উইম্বলডনতো তেওঁ খেলিব পৰাটো অনিশ্চিত হৈ পৰিছে৷ উল্লেখ্য, ২০০৫ চনত অভিষেক ঘটোৱাৰ পাছত প্ৰথমবাৰৰ বাবে ফ্ৰেন্স অ’পেনত দেখা নাযাব ক্লে’ ক’ৰ্টৰ বিশেষজ্ঞজনক৷ উল্লেখ্য, নাডালৰ  টেনিছ কেৰিয়াৰৰ সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ আছিল ফ্লেন্স অ’পেনত, য’ত তেওঁ ১৪বাৰ চেম্পিয়নৰ সন্মান লাভ কৰিছে৷ ৩৬ বছৰীয়া স্পেনিছ তাৰকাজনে ২০২৪ চনটো তেওঁৰ প্ৰফেশ্বনেল টেনিছ কেৰিয়াৰৰ অন্তিম বৰ্ষ হোৱাৰো ইংগিত দিয়ে৷ নিজৰ ভৱিষ্যতৰ বিষয়ে তেওঁ কয় যে টেনিছ কেৰিয়াৰ অব্যাহত ৰখা সন্দৰ্ভত তেওঁ এতিয়া একো ক’ব নোৱাৰে৷ কিয়নো  আঘাত আৰু ফিটনেছ তেওঁৰ হাতত নাথাকে৷ ভৱিষ্যতে খেলি পাৰে নে নোৱাৰে সেয়া নিৰ্ভৰ কৰিব তেওঁৰ শৰীৰৰ ওপৰত৷ যোৱা বছৰ ফ্ৰেন্স অ’পেনৰ খিতাপ জয় কৰাৰ সময়ত এই কৃতিত্ব অৰ্জন কৰা সবাতোকৈ বয়স্ক খেলুৱৈত পৰিণত হৈছিল নাডাল৷ ফ্ৰেন্স অ’পেনত ১৮বাৰ প্ৰতিদ্বন্দ্বিতা কৰি নাডাল ১১২খন খেলত জয়ী হৈছে৷ তাৰ বিপৰীতে কেৱল তিনিখন খেলত পৰাজয়ৰ সন্মুখীন হৈছে৷
যোৱা বছৰৰ অষ্টে˜লিয়ান অ’পেনৰ দ্বিতীয় ৰাউণ্ডতে প্ৰত্যাহ্বান সামৰিবলগীয়া হৈছিল নাডালে৷ মেকেঞ্জি মেক্‌ডনাল্ডৰ হাতত তেওঁ পৰাস্ত হৈছিল৷ খেলখনত নাডাল পৰাস্ত হৈছিল ৪-৬, ৪-৬, ৫-৭  ব্যৱধানত৷ নিজৰ ভৱিষ্যৎ সন্দৰ্ভত নাডালে কৈছিল যে টেনিছৰ পৰা আঁতৰি থকাটো তেওঁৰ বাবে সম্ভৱ নহ’ব৷ কিন্তু সকলো খেলুৱৈৰ বাবে এনে এটা সময় আহে৷ তেওঁৰো তেনে সময় আহিছে৷ অৱশ্যে আঘাতৰ পৰা মুক্ত হ’লে ২০২৪ বৰ্ষটো খেলাৰ আশা আছে৷ কিন্তু তাৰ পূৰ্বে কিছুদিন বিশ্ৰামৰ প্ৰয়োজন৷  টেনিছৰ পৰা আঁতৰি থকা সময়ছোৱাত তেওঁ প্ৰত্যাৱৰ্তনৰ বাবে নিজকে সাজু কৰি তুলিব৷ উল্লেখ্য, নাডালে টেনিছ কেৰিয়াৰত ১৪টা ফ্ৰেন্স অ’পেন খিতাপৰ লগতে ইউ এছ অ’পেনৰ চাৰিটা আৰু উইম্বলডন, অষ্ট্ৰেলিয়ান অ’পেনৰ দুটাকৈ খিতাপ জয় কৰিছে৷