Logo
image

অভিনেত্ৰীৰ বিৰুদ্ধে তথাগত ৰায়ৰ গোচৰ

আমাৰ অসম, ১৯ জানুৱাৰীঃ হিন্দু ধৰ্মৰ প্ৰতি অতি ভক্তি দেখুৱাবলৈ গৈ বিজেপিৰ অধিক প্ৰিয়পাত্ৰ হোৱাৰ আশাৰে ত্ৰিপুৰা আৰু মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ে পশ্চিমবংগৰ অভিনেত্ৰী সায়নী ঘোষৰ বিৰুদ্ধে ৪ বছৰৰ পুৰণি এটা টুইটৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে৷ নিজকে এসময়ত সাহিত্যিক, মাজতে ৰাজনীতিক আৰু বিজেপি ঘনিষ্ঠ ৰাজ্যপাল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা পশ্চিমবংগৰ তথাগত ৰয়ে পুনৰ বিজেপিৰ জৰিয়তে গেৰুৱা ৰাজনীতিত জড়িত হ’বলৈ অতি তৎপৰতা চলাই আছে৷ আনকি মেঘালয় আৰু ত্ৰিপুৰাৰ ৰাজ্যপালৰ পদ এৰি যোৱাৰ সময়তে তেওঁ নিজকে পশ্চিমবংগৰ সম্ভাৱ্য বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী বুলিও আওপকীয়াকৈ ইংগিত দিবলৈ চেষ্টাৰ ত্ৰুটী কৰা নাছিল৷ পশ্চিমবংগলৈ উভতি গৈ সম্প্ৰতি হিন্দুত্ববাদী ৰাজনৈতিক তৎপৰতা অব্যাহত ৰখা তথাকথিত সাহিত্যিক তথাগত ৰয়ে ৪ বছৰৰ পূৰ্বে বংগৰ অভিনেত্ৰী সায়নী ঘোষে কৰা এটা টুইটক লৈ উত্তৰ-প্ৰত্যুত্তৰ দি আছিল৷ উভয়ৰ মাজত টুইট-যুদ্ধও চলি আছিল শেহতীয়াকৈ৷ ইয়াৰ মাজতে হঠাতে তথাগত ৰয়ে আৱিষ্কাৰ কৰিলে ৪ বছৰ পূৰ্বে এইডছ সচেতনতাৰ এটা বিজ্ঞাপনত শিৱলিংগত কনডম পৰিধান কৰোৱা  এটা গ্ৰাফিক্স সন্দৰ্ভত মন্তব্য কৰিছিল সায়নী ঘোষে৷ উক্ত বিজ্ঞাপনত ‘বুলা দি’ হিচাপে পৰিচিত এগৰাকী মহিলাই এইডছ সচেতনতাৰ বিজ্ঞাপনত ভাগ লৈ এটা শিৱলিংগত কনডম পৰিধান কৰাই দিছিল৷ নিজৰ টুইটাৰ হেণ্ডেলত ২০১৫ চনত সেই বিজ্ঞাপন শ্বেয়াৰ কৰি সায়নী ঘোষে লিখিছিল– ‘ইয়াতকৈ বেছি কাৰ্যকৰী হ’ব নোৱাৰে ঈশ্বৰ৷’ সায়নী ঘোষৰ শ্বেয়াৰ কৰা সেই টুইট আৰু তেওঁৰ বক্তব্যই হিন্দুধৰ্মৰ বিশ্বাসত আঘাত হনা বুলি অভিযোগ তুলি মেঘালয়-ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ে কলকাতাৰ ৰবীন্দ্ৰ সৰোবৰ থানাত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ অভিযোগত তেওঁ লিখিছে– ‘মই শিৱৰ ভক্ত৷ ১৯৯৬ চনত শিৱক পূজা দিয়াৰ উদ্দেশ্যে খোজকাঢ়ি কৈলাস মানসৰোবৰ যাত্ৰা কৰিছিলো৷ অভিনেত্ৰী সায়নী ঘোষৰ এই ছবিখন দেখি মোৰ ধৰ্মীয় ভাৱাবেগত আঘাত লাগিছে৷ সেয়ে মই তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছো আৰু আইন অনুসৰি শাস্তি দিব লাগে বুলি আবেদন জনাইছো৷’ তেওঁ এই আবেদন টুইটাৰত শ্বেয়াৰ  কৰি পুনৰ লিখিছে– ‘সায়নী ঘোষ, আপোনাৰ বিৰুদ্ধে ইতিমধ্যে কলকাতাৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল হৈ গৈছে৷ তাৰ মাজতে গুৱাহাটীৰ পৰা এজন ব্যক্তিয়ে মোক জনাইছে, এই কাৰ্যত তেওঁৰ ধৰ্মীয় ভাৱাবেগতো আঘাত লাগিছে৷ গুৱাহাটীৰ সেই ব্যক্তিগৰাকীও আপোনাৰ বিৰুদ্ধে গোচৰ তৰিব৷ আশা কৰোঁ অসম আৰক্ষীয়ে যথোচিত ব্যৱস্থা ল’ব৷’

এই অভিযোগ সম্পূৰ্ণ অস্বীকাৰ কৰিছে সায়নী ঘোষে৷ তেওঁ জনাই যে, ২০১৫ চনত তেওঁৰ টুইটাৰ একাউণ্ট হেক হৈছিল৷ তেতিয়াই কোনোবাই এই টুইট তেওঁৰ টুইটাৰ হেণ্ডেলত আপলোড কৰিছিল৷ একাউণ্ট উদ্ধাৰ হেৰাৰ পাছত তেওঁ তেনে বিতৰ্কিত সকলোবোৰ টুইট ডিলিট কৰিছিল যদিও কেনেবাকৈ এই বিতৰ্কিত টুইটটো থাকি গ’ল৷ উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰো ভাবাবেগত আঘাত কৰাৰ ইচ্ছা তেওঁৰ নাই বুলি সায়নী ঘোষে কৈছে৷  পুৰণি উক্ত টুইটকে ব্যৱহাৰ কৰি তথাগত ৰয়ে বিজেপি বিৰোধী অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী কাৰ্যকলাপ চলাবলৈ আগবাঢ়িছে৷